--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখৰ দুৰ্গন্ধই মানুহৰ জীৱনশৈলীত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ বহু কাৰণ থাকিব পাৰে। কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে য’ত আপুনি লাজ পাবলগীয়া হ’ব পাৰে। সেইবাবেই খাদ্য খোৱাৰ লগতে ৰুটিনতো পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়া হয়। এই পৰামৰ্শ মানি চলিলে মুখৰ দুৰ্গন্ধ প্ৰতিৰোধ কৰিব পাৰি। এই অভ্যাসবোৰৰ দ্বাৰা আপুনি আপোনাৰ পাচনতন্ত্ৰ, চুলি আৰু ছালৰ উন্নতিও কৰিব পাৰে। এনে অৱস্থাত আমি তৎক্ষণাত কোনবোৰ অভ্যাস সলনি কৰিব লাগে জানো আহক।

বাঁহৰ ব্ৰাছ ব্যৱহাৰ কৰক

যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে, তেন্তে আপুনি বাঁহ বা আন যিকোনো উপকাৰী গছৰ কাঠৰ পৰা তৈয়াৰী ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ প্ৰাকৃতিক গুণ আছে। যিবোৰে শিপাৰ পৰা বেক্টেৰিয়া আঁতৰাই দাঁতৰ আলু শক্তিশালী কৰাত সহায় কৰে। 

অইল পুলিং

এই প্ৰক্ৰিয়াক আয়ুৰ্বেদত এক সুপৰিচিত কৌশল বুলি গণ্য কৰা হয়। যিয়ে মুখৰ পৰা বেক্টেৰিয়া আৰু বীজাণু আঁতৰোৱাত সহায় কৰে। বহুতে নাৰিকল তেল ব্যৱহাৰ কৰি অইল পুলিং প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে। কাৰণ ইয়াক কৰাটো সহজ। ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ আছে। যিয়ে দন্ত স্বাস্থ্যৰ উন্নতি সাধন কৰে। নাৰিকল তেলৰ বাহিৰেও অলিভ অইল ব্যৱহাৰ কৰিব পাৰি।

জিভা পৰিষ্কাৰ কৰা

আমি ৰাতিপুৱা সাৰ পাই দাঁত, জিভা আৰু মুখ চাফা কৰিব লাগে। মুখৰ গোন্ধটো খাদ্য সামগ্ৰীৰ লগতে জিভাৰ বাবেই হয়। কাৰণ দিনটোৰ ভিতৰত যি খাদ্য খায়। ইয়াৰ ভিন্ন সোৱাদৰ বাবে জিভাত মলি, বেক্টেৰিয়া আৰু মৃত কোষ জমা হয়। যিবোৰে মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰে আৰু আপোনাৰ মুখৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। গতিকে জিভা পৰিষ্কাৰ কৰিলে বেক্টেৰিয়া আৰু জমা হৈ থকা মৃত কোষবোৰ আঁতৰাই পেলোৱাৰ সঠিক উপায়। যাৰ ফলত আলুৰ ৰোগ নিৰ্মূল কৰিব পাৰি আৰু হজম শক্তিও উন্নত কৰিব পাৰি।

পানী খোৱা

শৰীৰৰ ডিটক্সৰ বাবে পানীক উত্তম বুলি গণ্য কৰা হয়। পানী খালে শৰীৰে পুষ্টি লাভ কৰে। পানীয়ে খোৱা বস্তুৰ পুষ্টিকৰ উপাদানসমূহ একত্ৰিত কৰি শৰীৰত গ্লুক’জ তৈয়াৰ কৰাত সহায় কৰে। ৰাতিপুৱা এগিলাচ পানী খালে শৰীৰত সতেজতা অনুভৱ হয় আৰু গোটেই দিনটো শক্তিৰে কাম কৰিবলৈ সক্ষম হয়। সেয়ে দৈনিক ৮-১০ গিলাচ পানী সেৱন কৰিব লাগে। মুখৰ দুৰ্গন্ধও দূৰ হয়। কাৰণ পানী খোৱাৰ ফলত বেক্টেৰিয়া বা মৃত কোষ জমা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ