--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুখৰ দুৰ্গন্ধই মানুহৰ জীৱনশৈলীত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ বহু কাৰণ থাকিব পাৰে। কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে য’ত আপুনি লাজ পাবলগীয়া হ’ব পাৰে। সেইবাবেই খাদ্য খোৱাৰ লগতে ৰুটিনতো পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়া হয়। এই পৰামৰ্শ মানি চলিলে মুখৰ দুৰ্গন্ধ প্ৰতিৰোধ কৰিব পাৰি। এই অভ্যাসবোৰৰ দ্বাৰা আপুনি আপোনাৰ পাচনতন্ত্ৰ, চুলি আৰু ছালৰ উন্নতিও কৰিব পাৰে। এনে অৱস্থাত আমি তৎক্ষণাত কোনবোৰ অভ্যাস সলনি কৰিব লাগে জানো আহক।

বাঁহৰ ব্ৰাছ ব্যৱহাৰ কৰক

যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে, তেন্তে আপুনি বাঁহ বা আন যিকোনো উপকাৰী গছৰ কাঠৰ পৰা তৈয়াৰী ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ প্ৰাকৃতিক গুণ আছে। যিবোৰে শিপাৰ পৰা বেক্টেৰিয়া আঁতৰাই দাঁতৰ আলু শক্তিশালী কৰাত সহায় কৰে। 

অইল পুলিং

এই প্ৰক্ৰিয়াক আয়ুৰ্বেদত এক সুপৰিচিত কৌশল বুলি গণ্য কৰা হয়। যিয়ে মুখৰ পৰা বেক্টেৰিয়া আৰু বীজাণু আঁতৰোৱাত সহায় কৰে। বহুতে নাৰিকল তেল ব্যৱহাৰ কৰি অইল পুলিং প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে। কাৰণ ইয়াক কৰাটো সহজ। ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ আছে। যিয়ে দন্ত স্বাস্থ্যৰ উন্নতি সাধন কৰে। নাৰিকল তেলৰ বাহিৰেও অলিভ অইল ব্যৱহাৰ কৰিব পাৰি।

জিভা পৰিষ্কাৰ কৰা

আমি ৰাতিপুৱা সাৰ পাই দাঁত, জিভা আৰু মুখ চাফা কৰিব লাগে। মুখৰ গোন্ধটো খাদ্য সামগ্ৰীৰ লগতে জিভাৰ বাবেই হয়। কাৰণ দিনটোৰ ভিতৰত যি খাদ্য খায়। ইয়াৰ ভিন্ন সোৱাদৰ বাবে জিভাত মলি, বেক্টেৰিয়া আৰু মৃত কোষ জমা হয়। যিবোৰে মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰে আৰু আপোনাৰ মুখৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। গতিকে জিভা পৰিষ্কাৰ কৰিলে বেক্টেৰিয়া আৰু জমা হৈ থকা মৃত কোষবোৰ আঁতৰাই পেলোৱাৰ সঠিক উপায়। যাৰ ফলত আলুৰ ৰোগ নিৰ্মূল কৰিব পাৰি আৰু হজম শক্তিও উন্নত কৰিব পাৰি।

পানী খোৱা

শৰীৰৰ ডিটক্সৰ বাবে পানীক উত্তম বুলি গণ্য কৰা হয়। পানী খালে শৰীৰে পুষ্টি লাভ কৰে। পানীয়ে খোৱা বস্তুৰ পুষ্টিকৰ উপাদানসমূহ একত্ৰিত কৰি শৰীৰত গ্লুক’জ তৈয়াৰ কৰাত সহায় কৰে। ৰাতিপুৱা এগিলাচ পানী খালে শৰীৰত সতেজতা অনুভৱ হয় আৰু গোটেই দিনটো শক্তিৰে কাম কৰিবলৈ সক্ষম হয়। সেয়ে দৈনিক ৮-১০ গিলাচ পানী সেৱন কৰিব লাগে। মুখৰ দুৰ্গন্ধও দূৰ হয়। কাৰণ পানী খোৱাৰ ফলত বেক্টেৰিয়া বা মৃত কোষ জমা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু