--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অধিনায়ক শুভমন গীলে তৃতীয় টেষ্টখনত বুমৰাহে অৱশ্যেই খেলিব বুলি জানিবলৈ দিছে।

ডিজিটেল ডেস্ক : লর্ডছত ১০ জুলাইত আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্ট। ৫খনীয়া শৃংখলাৰ গুৰুত্বপূৰ্ণ টেষ্টখনত বেগী বলাৰ যশপ্রীত বুমৰাহক দেখিবলৈ পোৱা যাব। অধিনায়ক শুভমন গীলে তৃতীয় টেষ্টখনত বুমৰাহে অৱশ্যেই খেলিব বুলি জানিবলৈ দিছে। লীডছৰ প্ৰথম টেষ্টত খেলাৰ পাছত বুমৰাহক এজবাস্টন টেষ্টৰ বাবে জিৰণি দিয়া হয়।


বুমৰাহৰ স্থানত দলভুক্ত হোৱা আকাশদীপে সুযোগ কামত লগাই দুই ইনিংছ মিলি ১০টা উইকেট দখল কৰে। লীডছত দুৰন্ত বলিং কৰিছিল বুমৰাহে। ইয়াৰ তুলনাত মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ নিষ্প্রভ আছিল।


প্রথম টেষ্টখনত পৰাজিত হয় ভাৰত। অৱশ্যে, দ্বিতীয় টেষ্টত ছিৰাজ আৰু আকাশদীপ বলিঙত উজলি উঠে। পিছে পুনৰ ব্যৰ্থ হয় প্রসিদ্ধ কৃষ্ণ। বুমৰাহ দললৈ উভতি আহিলে প্রসিদ্ধ কৃষ্ণ বাদ পৰিব পাৰে। কিয়নো ছিৰাজে উভয় ইনিংছ মিলি ৭টা উইকেট লাভ কৰে। আনহাতে, দ্বিতীয় টেষ্টত নায়ক হৈ উঠে আকাশদীপ। দুটা ইনিংছত তেওঁ দখল কৰে ১০টা উইকেট।


সেয়ে, ছিৰাজ আৰু আকাশদীপ বাদ পৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। বাকী থাকিল প্রসিদ্ধ কৃষ্ণ। প্রথম ইনিংছত ব্যর্থ হোৱা প্রসিদ্ধই দ্বিতীয় ইনিংছত ক্ৰিছ ৱাকছৰ ৰূপত লাভ কৰে ১টা উইকেট। সেই ক্ষেত্রত প্রশিক্ষক গৌতম গম্ভীৰৰ প্রিয়পাত্ৰ হ'লেও দলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্রসিদ্ধ কৃষ্ণ বাদ পৰাৰ সম্ভাৱনাই অধিক। অর্থাৎ লর্ডছত তিনি পেচাৰ লৈ নামিব ভাৰতে। অলৰাউণ্ডাৰ হিচাপে নীতিশ ৰেড্ডীয়ে পুনৰ সুযোগ পাব পাৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ