--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অধিনায়ক শুভমন গীলে তৃতীয় টেষ্টখনত বুমৰাহে অৱশ্যেই খেলিব বুলি জানিবলৈ দিছে।

ডিজিটেল ডেস্ক : লর্ডছত ১০ জুলাইত আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্ট। ৫খনীয়া শৃংখলাৰ গুৰুত্বপূৰ্ণ টেষ্টখনত বেগী বলাৰ যশপ্রীত বুমৰাহক দেখিবলৈ পোৱা যাব। অধিনায়ক শুভমন গীলে তৃতীয় টেষ্টখনত বুমৰাহে অৱশ্যেই খেলিব বুলি জানিবলৈ দিছে। লীডছৰ প্ৰথম টেষ্টত খেলাৰ পাছত বুমৰাহক এজবাস্টন টেষ্টৰ বাবে জিৰণি দিয়া হয়।


বুমৰাহৰ স্থানত দলভুক্ত হোৱা আকাশদীপে সুযোগ কামত লগাই দুই ইনিংছ মিলি ১০টা উইকেট দখল কৰে। লীডছত দুৰন্ত বলিং কৰিছিল বুমৰাহে। ইয়াৰ তুলনাত মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ নিষ্প্রভ আছিল।


প্রথম টেষ্টখনত পৰাজিত হয় ভাৰত। অৱশ্যে, দ্বিতীয় টেষ্টত ছিৰাজ আৰু আকাশদীপ বলিঙত উজলি উঠে। পিছে পুনৰ ব্যৰ্থ হয় প্রসিদ্ধ কৃষ্ণ। বুমৰাহ দললৈ উভতি আহিলে প্রসিদ্ধ কৃষ্ণ বাদ পৰিব পাৰে। কিয়নো ছিৰাজে উভয় ইনিংছ মিলি ৭টা উইকেট লাভ কৰে। আনহাতে, দ্বিতীয় টেষ্টত নায়ক হৈ উঠে আকাশদীপ। দুটা ইনিংছত তেওঁ দখল কৰে ১০টা উইকেট।


সেয়ে, ছিৰাজ আৰু আকাশদীপ বাদ পৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। বাকী থাকিল প্রসিদ্ধ কৃষ্ণ। প্রথম ইনিংছত ব্যর্থ হোৱা প্রসিদ্ধই দ্বিতীয় ইনিংছত ক্ৰিছ ৱাকছৰ ৰূপত লাভ কৰে ১টা উইকেট। সেই ক্ষেত্রত প্রশিক্ষক গৌতম গম্ভীৰৰ প্রিয়পাত্ৰ হ'লেও দলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্রসিদ্ধ কৃষ্ণ বাদ পৰাৰ সম্ভাৱনাই অধিক। অর্থাৎ লর্ডছত তিনি পেচাৰ লৈ নামিব ভাৰতে। অলৰাউণ্ডাৰ হিচাপে নীতিশ ৰেড্ডীয়ে পুনৰ সুযোগ পাব পাৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু