--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷

ডিজিটেল ডেস্কঃ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷


১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷


উল্লেখ্য ২০২৪ ত ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কাৰণ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল অহা ১৪ জুলাইৰ পৰাহে আৰম্ভ হ’ব৷ শনি আৰু দেওবাৰে দূয়োটা বয়স শাখাৰ ল’ৰা-ছোৱালীৰ মূল ৰাউণ্ডলৈ যোগ্যতা নিৰ্ণয়কাৰী খেলহে অনুষ্ঠিত হ’ব৷


গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালীৰ উভয় বয়স শাখাৰে একক তথা ডাবলছৰ মেচ অনুষ্ঠিত হ’ব৷ স্মৰ্তব্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷


অসমৰ প্ৰায় ৫০ গৰাকী খেলুৱৈয়ে অংশ ল’ব লগা প্ৰতিযোগিতাখনত যোগদান কৰা অন্য ৰাজ্য কেইখন হ’লঃ দিল্লী, উত্তৰ প্ৰদেশ, বংগ, মহাৰাষ্ট্ৰ, চত্তীশগড়, ওড়িশা, হাৰিয়ানা, তেলেংগানা, কৰ্ণাটক, ঝাৰখণ্ড, উত্তৰাখণ্ড, তামিলনাডু, বিহাৰ আৰু মণিপুৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু