--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷

ডিজিটেল ডেস্কঃ সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷


১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷


উল্লেখ্য ২০২৪ ত ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কাৰণ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল অহা ১৪ জুলাইৰ পৰাহে আৰম্ভ হ’ব৷ শনি আৰু দেওবাৰে দূয়োটা বয়স শাখাৰ ল’ৰা-ছোৱালীৰ মূল ৰাউণ্ডলৈ যোগ্যতা নিৰ্ণয়কাৰী খেলহে অনুষ্ঠিত হ’ব৷


গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালীৰ উভয় বয়স শাখাৰে একক তথা ডাবলছৰ মেচ অনুষ্ঠিত হ’ব৷ স্মৰ্তব্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷


অসমৰ প্ৰায় ৫০ গৰাকী খেলুৱৈয়ে অংশ ল’ব লগা প্ৰতিযোগিতাখনত যোগদান কৰা অন্য ৰাজ্য কেইখন হ’লঃ দিল্লী, উত্তৰ প্ৰদেশ, বংগ, মহাৰাষ্ট্ৰ, চত্তীশগড়, ওড়িশা, হাৰিয়ানা, তেলেংগানা, কৰ্ণাটক, ঝাৰখণ্ড, উত্তৰাখণ্ড, তামিলনাডু, বিহাৰ আৰু মণিপুৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ