--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণনক বিজয়ে ডেট কৰি থকা বুলি উৰাবাতৰি বিয়পি ফুৰিছে। অৱশ্যে এই সম্পৰ্কত দুয়ো মুখ খোলা নাই।

ডিজিটেল ডেস্ক: দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ বৈবাহিক জীৱনলৈ নামি আহিছে সংশয়। খবৰ অনুসৰি বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ ইতিমধ্যে আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে বুলি জানিব পৰা গৈছে।


সংগীতা সোৰনালিংগমে বিশেষ বিবাহ আইন, ১৯৫৪ৰ ২৭(১)(ক) ধাৰাত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে। বিশেষ বিবাহ আইন, ১৯৫৪ৰ ২৭(১)(ক) ধাৰা অনুসৰি, যিকোনো এগৰাকী পত্নীয়ে জিলা আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিব পাৰে। এই আবেদনৰ ভিত্তি হ’ল বিবাহৰ পিছত পত্নীৰ বাহিৰে আন কোনো মহিলাৰ সৈতে স্বামীৰ স্বেচ্ছামূলক যৌন সম্পৰ্ক। ব্যভিচাৰৰ ভিত্তিত এই বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনোৱা হয়। এই বিধান স্বামী-স্ত্ৰী দুয়োপক্ষৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য আৰু আইনখনৰ অন্যান্য বিধান আৰু নিয়মৰ অধীনত আবেদন দাখিল কৰা হয়।


সংগীতা এগৰাকী শ্ৰীলংকাৰ তামিল মহিলা। ১৯৯৯ চনৰ ২৫ আগষ্টত সংগীতা আৰু বিজয় বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছে: এজন পুত্ৰ সঞ্জয়, এগৰাকী কন্যা দিব্যা। বিজয়ে নিজৰ ব্যক্তিগত জীৱনটো সদায় লাইমলাইটৰ পৰা আঁতৰাই ৰাখে। সংগীতাইও কেমেৰাৰ পৰা আঁতৰি থকাটো পছন্দ কৰে।


দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণনক বিজয়ে ডেট কৰি থকা বুলি উৰাবাতৰি বিয়পি ফুৰিছে। অৱশ্যে এই সম্পৰ্কত দুয়ো মুখ খোলা নাই। 


২০১৪ চনত বিজয়ে তেওঁৰ ৰাজনৈতিক দল তামিলাগা ভেট্ৰি কাঝাম (টিভিকে) আৰম্ভ কৰে। ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজয়ে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি ৰাজনীতিবিদ হিচাপে জনসাধাৰণৰ সেৱা কৰিব বিচাৰে বুলি মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু