--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণনক বিজয়ে ডেট কৰি থকা বুলি উৰাবাতৰি বিয়পি ফুৰিছে। অৱশ্যে এই সম্পৰ্কত দুয়ো মুখ খোলা নাই।

ডিজিটেল ডেস্ক: দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ বৈবাহিক জীৱনলৈ নামি আহিছে সংশয়। খবৰ অনুসৰি বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ ইতিমধ্যে আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে বুলি জানিব পৰা গৈছে।


সংগীতা সোৰনালিংগমে বিশেষ বিবাহ আইন, ১৯৫৪ৰ ২৭(১)(ক) ধাৰাত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে। বিশেষ বিবাহ আইন, ১৯৫৪ৰ ২৭(১)(ক) ধাৰা অনুসৰি, যিকোনো এগৰাকী পত্নীয়ে জিলা আদালতত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিব পাৰে। এই আবেদনৰ ভিত্তি হ’ল বিবাহৰ পিছত পত্নীৰ বাহিৰে আন কোনো মহিলাৰ সৈতে স্বামীৰ স্বেচ্ছামূলক যৌন সম্পৰ্ক। ব্যভিচাৰৰ ভিত্তিত এই বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনোৱা হয়। এই বিধান স্বামী-স্ত্ৰী দুয়োপক্ষৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য আৰু আইনখনৰ অন্যান্য বিধান আৰু নিয়মৰ অধীনত আবেদন দাখিল কৰা হয়।


সংগীতা এগৰাকী শ্ৰীলংকাৰ তামিল মহিলা। ১৯৯৯ চনৰ ২৫ আগষ্টত সংগীতা আৰু বিজয় বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছে: এজন পুত্ৰ সঞ্জয়, এগৰাকী কন্যা দিব্যা। বিজয়ে নিজৰ ব্যক্তিগত জীৱনটো সদায় লাইমলাইটৰ পৰা আঁতৰাই ৰাখে। সংগীতাইও কেমেৰাৰ পৰা আঁতৰি থকাটো পছন্দ কৰে।


দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তৃষা কৃষ্ণনক বিজয়ে ডেট কৰি থকা বুলি উৰাবাতৰি বিয়পি ফুৰিছে। অৱশ্যে এই সম্পৰ্কত দুয়ো মুখ খোলা নাই। 


২০১৪ চনত বিজয়ে তেওঁৰ ৰাজনৈতিক দল তামিলাগা ভেট্ৰি কাঝাম (টিভিকে) আৰম্ভ কৰে। ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজয়ে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি ৰাজনীতিবিদ হিচাপে জনসাধাৰণৰ সেৱা কৰিব বিচাৰে বুলি মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ