--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সাংবাদিকে প্ৰশ্ন কৰিছিল যে তেওঁৰ আশীৰ্বাদ যাৰ মূৰত আছে তেওঁ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় এই ক্ষেত্ৰত মোৰ কোনো আশীৰ্বাদ নাই মই এজন দলীয় কৰ্মকৰ্তা আৰু দলৰ নিৰ্দেশত কাম কৰি যাম।

ডিজিটেল ডেস্ক: কংগ্ৰেছ দলৰ এতিয়া আৰু কোনো ৰাজনৈতিক এজেণ্ডা নাই বুলি কংগ্ৰেছ দলৰ কঠোৰ সমালোচনা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই। দেৱলালৰ মন্ত্যব কংগ্ৰেছ দলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিমা হাছাও জিলাত বহু নেতা কৰ্মী বিজেপি দলত যোগদান কৰিব বুলি দাবী কৰি তেওঁ কয় এইবাৰ নৰ্বাচনত হাফলং সমষ্টিত কংগ্ৰেছ বা নেচনেল পিপলচ পাৰ্টি কোনো ফেক্টৰ নো হব বিজেপিৰ কাৰণে। 


এনপিপি দলে ন-দহ হাজাৰৰ বেছি ভোট নাপায় আৰু কংগ্ৰেছ দলে ৩০ পৰা ৪০ হাজাৰ ভোট পাব। বাকী ভোট বিজেপিৰ ফালে যাব বুলি দাবী কৰি দেৱলাল গাৰ্লচাই কয় হাফলং সমষ্টিত যিয়েই বিজেপিৰ প্ৰাৰ্থী হ'ব তেওঁৰ জয় নিশ্চিত বুলিও দাবী কৰে তেওঁ। ইপিনে ১১৩ নম্বৰ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব পাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দেৱলাল গাৰ্লচাই কয় বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব কিন্তু টিকট বিচৰাৰ সকলৰ অধিকাৰ আছে বুলি মন্তব্য কৰি কয় বৰ্তমান বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লচাই টিকট বিচাৰিব বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্যই টিকট বিচাৰিব পাৰে কোনো এনজিঅ ছাত্ৰ সংগঠনৰ পৰাও টিকট বিচাৰিব পাৰে কিন্তু টিকট দিয়াৰ ক্ষেত্ৰত দলীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰিব ৰাজ্যিক বিজেপি সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে বুলি মন্তব্য কৰি কয় দেৱলাল গাৰ্লচাই দলীয় নেতৃত্বই যাক প্ৰাৰ্থী কৰিব এই আমি প্ৰাৰ্থীক জয়ী কৰাৰ বাবে কাম কৰি যাম। 


সাংবাদিকে প্ৰশ্ন কৰিছিল যে তেওঁৰ আশীৰ্বাদ যাৰ মূৰত আছে তেওঁ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় এই ক্ষেত্ৰত মোৰ কোনো আশীৰ্বাদ নাই মই এজন দলীয় কৰ্মকৰ্তা আৰু দলৰ নিৰ্দেশত কাম কৰি যাম। বিজেপি দল নিয়ম-নীতিৰ ওপৰত চলে মই মুখ্য কাৰ্যবাহী সদস্য থাকি যদি কাম নকৰো তেনেহ'লে মোক কোনেও নামানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় পূৰ্বে দেখা গৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সকলে দলীয় হাইকমাণ্ড লগতে মিলি থাকিব লাগে আৰু হাইকমাণ্ডৰ নিৰ্দেশত চলিব চলিছে তেওঁলোক আৰু নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্বৰ বাবে টকা দিব লগা হৈছিল সেই সময়ত বুলি অভিযোগ উত্থাপন কৰি দেৱলাল গাৰ্লচাই কয় কিন্তু বিজেপি দলৰ প্ৰাৰ্থীৰ বাবে টকা দিব নালাগে বুলি মন্তব্য কৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু