--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সাংবাদিকে প্ৰশ্ন কৰিছিল যে তেওঁৰ আশীৰ্বাদ যাৰ মূৰত আছে তেওঁ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় এই ক্ষেত্ৰত মোৰ কোনো আশীৰ্বাদ নাই মই এজন দলীয় কৰ্মকৰ্তা আৰু দলৰ নিৰ্দেশত কাম কৰি যাম।

ডিজিটেল ডেস্ক: কংগ্ৰেছ দলৰ এতিয়া আৰু কোনো ৰাজনৈতিক এজেণ্ডা নাই বুলি কংগ্ৰেছ দলৰ কঠোৰ সমালোচনা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই। দেৱলালৰ মন্ত্যব কংগ্ৰেছ দলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিমা হাছাও জিলাত বহু নেতা কৰ্মী বিজেপি দলত যোগদান কৰিব বুলি দাবী কৰি তেওঁ কয় এইবাৰ নৰ্বাচনত হাফলং সমষ্টিত কংগ্ৰেছ বা নেচনেল পিপলচ পাৰ্টি কোনো ফেক্টৰ নো হব বিজেপিৰ কাৰণে। 


এনপিপি দলে ন-দহ হাজাৰৰ বেছি ভোট নাপায় আৰু কংগ্ৰেছ দলে ৩০ পৰা ৪০ হাজাৰ ভোট পাব। বাকী ভোট বিজেপিৰ ফালে যাব বুলি দাবী কৰি দেৱলাল গাৰ্লচাই কয় হাফলং সমষ্টিত যিয়েই বিজেপিৰ প্ৰাৰ্থী হ'ব তেওঁৰ জয় নিশ্চিত বুলিও দাবী কৰে তেওঁ। ইপিনে ১১৩ নম্বৰ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কোন হ'ব পাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত দেৱলাল গাৰ্লচাই কয় বিজেপিৰ প্ৰাৰ্থী কোন হ'ব সেয়া দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব কিন্তু টিকট বিচৰাৰ সকলৰ অধিকাৰ আছে বুলি মন্তব্য কৰি কয় বৰ্তমান বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লচাই টিকট বিচাৰিব বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপি সদস্যই টিকট বিচাৰিব পাৰে কোনো এনজিঅ ছাত্ৰ সংগঠনৰ পৰাও টিকট বিচাৰিব পাৰে কিন্তু টিকট দিয়াৰ ক্ষেত্ৰত দলীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু প্ৰাৰ্থিত্ব ঘোষণা কৰিব ৰাজ্যিক বিজেপি সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে বুলি মন্তব্য কৰি কয় দেৱলাল গাৰ্লচাই দলীয় নেতৃত্বই যাক প্ৰাৰ্থী কৰিব এই আমি প্ৰাৰ্থীক জয়ী কৰাৰ বাবে কাম কৰি যাম। 


সাংবাদিকে প্ৰশ্ন কৰিছিল যে তেওঁৰ আশীৰ্বাদ যাৰ মূৰত আছে তেওঁ হাফলং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় এই ক্ষেত্ৰত মোৰ কোনো আশীৰ্বাদ নাই মই এজন দলীয় কৰ্মকৰ্তা আৰু দলৰ নিৰ্দেশত কাম কৰি যাম। বিজেপি দল নিয়ম-নীতিৰ ওপৰত চলে মই মুখ্য কাৰ্যবাহী সদস্য থাকি যদি কাম নকৰো তেনেহ'লে মোক কোনেও নামানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় পূৰ্বে দেখা গৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সকলে দলীয় হাইকমাণ্ড লগতে মিলি থাকিব লাগে আৰু হাইকমাণ্ডৰ নিৰ্দেশত চলিব চলিছে তেওঁলোক আৰু নিৰ্বাচনৰ সময়ত প্ৰাৰ্থিত্বৰ বাবে টকা দিব লগা হৈছিল সেই সময়ত বুলি অভিযোগ উত্থাপন কৰি দেৱলাল গাৰ্লচাই কয় কিন্তু বিজেপি দলৰ প্ৰাৰ্থীৰ বাবে টকা দিব নালাগে বুলি মন্তব্য কৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ