--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • দিল্লীত এই হাৰ আটাইতকৈ কম (১
  • ২)। ইয়াৰ পাছতে স্থান লাভ কৰিছে ক্ৰমে কেৰালা, তামিলনাডু আৰু পশ্চিম বংগই।

ডিজিটেল ডেস্ক: ভাৰতত জাপানৰ দৰে পৰিস্থিতি হোৱাৰ দিশত আগবাঢ়িছে। দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে হ্রাস পোৱাৰ সময়তে বৃদ্ধ লোকৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। ছেম্পল ৰেজিষ্ট্ৰেছন ছিষ্টেম (নমুনা পঞ্জীকৰণ প্ৰণালী অথবা এছ আৰ এছ)-এ প্রকাশ কৰা শেহতীয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে।


প্রতিবেদনখনৰ পৰা জানিব পৰা মতে, ভাৰতত মহিলাৰ মুঠ উৰ্বৰতাৰ হাৰ (টোটেল ফার্টিলিটি ৰেট বা টি আৰ এফ) ২.১%ৰ পৰা হ্রাস পাই ১.৯% হৈছে। এই তথ্য ২৪ চনৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। দেশৰ মাত্ৰ ছখন ৰাজ্যত ক্ৰমে বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, ৰাজস্থান, ছট্টীশগড় আৰু ঝাৰখণ্ডতহে টি এফ আৰ ৰিপ্লেচমেণ্ট লেভেলৰ ওপৰত আছে। বাকী সকলো ৰাজ্যতে উৰ্বৰতাৰ হাৰ ৰিপ্লেচমেণ্ট লেভেলৰ তললৈ নামিছে। 


দিল্লীত এই হাৰ আটাইতকৈ কম (১.২)। ইয়াৰ পাছতে স্থান লাভ কৰিছে ক্ৰমে কেৰালা, তামিলনাডু আৰু পশ্চিম বংগই। এই ৰাজ্য কেইখনত টি এফ আৰ ১.৩। উল্লেখযোগ্য যে টি এফ আৰ ২.১ হ'লে ইয়াক ৰিপ্লেচমেণ্ট লেভেল বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ'ল এগৰাকী মহিলাই জীৱন কালত ২.১টা শিশুৰ

জন্ম দিয়ে আৰু ইয়াৰ ফলত নিজৰ লগতে স্বামীৰ ৰিপ্লেচমেণ্ট কৰিব পাৰে। উল্লেখযোগ্য যে দীর্ঘ দিন উৰ্বৰতাৰ হাৰ ৰিপ্লেচমেন্ট লেভেলৰ তলত থাকিলে জনসংখ্যা বৃদ্ধিৰ হাৰ মন্থৰ হৈ পৰে আৰু এটা সময়ত ঋণাত্মক হৈ পৰিব পাৰে। ই নিৰ্ভৰ কৰে জনসংখ্যাৰ বয়স প্রফাইল আৰু জীৱন প্রত্যাশাৰ (লাইফ এক্সপেক্টেন্সী) ওপৰত। যোৱা এটা দশকত উৰ্বৰতাৰ হাৰৰ প্ৰতি চকু দিলে দেখা পোৱা যায় যে বিহাৰত টি এফ আৰ হ্ৰাসৰ হাৰ আটাইতকৈ কম (৯%)। ৰাজ্যখনত টি এফ আৰ ২০১২-১৪ সময়ছোৱাত ৩.২ৰ পৰা ২০২২-২৪ সময়ছোৱাত ২.৯লৈ হ্রাস পায়। 


আন কথাত ৰাজ্যখনত টি এফ আৰ হ্রাস পোৱাৰ হাৰ হ'ল ৯.৪%। অসম, ছট্টীশগড়ত টি এফ আৰ ৰিপ্লেছমেন্ট লেভেলতকৈ উচ্চ হৈ আছে বুলি প্রতিবেদনখনত কোৱা হৈছে। অসমত টি এফ আৰ ১.৯ আৰু ছট্টীশগড়ত ২.২। এই ৰাজ্য দুখনত টি এফ আৰ হ্ৰাসৰ হাৰ ক্ৰমে ১৩% আৰু ১১.৫% তুলনামূলকভাবে কম। এই সময়ছোৱাত দিল্লী আৰু তামিলনাডুৰ টি এফ আৰ ১.৭। দুয়োখন ৰাজ্যতে টি এফ আৰ হ্ৰাসৰ হাৰ হ'ল ক্ৰমে ২৯.৪% আৰু ২৩.৫%। ইফালে যিবিলাক ৰাজ্যত মহিলাৰ উৰ্বৰতাৰ হাৰ এটা দশকৰ আগতে ৰিপ্লেচমেণ্ট লেভেলৰ তললৈ নামিছিল সেই ৰাজ্যসমূহত মুঠ জনসংখ্যাত ০-১৪ বয়সৰ অনুপাতো আটাইতকৈ কম। তামিলনাডুত ০-১৪ বছৰ বয়সৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্র ১৮। বিহাৰত এই বয়স গোটৰ লোকৰ হাৰ মুঠ জনসংখ্যাৰ ৩১.৫%। অন্ধ্র প্রদেশ, জম্মু আৰু কাশ্মীৰ আৰু পঞ্জাবত ১৯%। আন কথাত যিবিলাক ৰাজ্যত শিশুৰ জন্মৰ হাৰ হ্রাস পাইছে, সেই ৰাজ্যবোৰত শিশুৰ জনসংখ্যাও হ্রাস পাইছে। 


উল্লেখযোগ্য যে ভাৰতত এতিয়া প্রতি ২৪জনৰ ভিতৰত এজনহে ০-১৪ বছৰ বয়সৰ। অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যাৰ ২৪% লোক ০-১৪ বছৰ বয়সৰ। আন এটা মন কৰিবলগীয়া দিশ হ'ল দেশৰ যিবিলাক ৰাজ্যত উৰ্বৰতাৰ হাৰ একেবাৰে কম, সেই ৰাজ্যসমূহত কর্মক্ষম গোটৰ (১৫-৫৯) জনসংখ্যা বৃদ্ধি পাইছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ বাবে 'ডেম'গ্রাফিক উইণ্ড' অর্থাৎ কার্যক্ষম জনসংখ্যাৰ পৰিমাণ এতিয়াও বন্ধ হোৱা নাই। ভাৰতত ১৬-৬০ বছৰ বয়সৰ লোকৰ সংখ্যা মুঠ জনসংখ্যা ২০১৪ চনৰ ৬৪%ৰ পৰা ২০২৪ চনত ৬৬.৪%লৈ বৃদ্ধি পাইছে। আনহাতে ০-১৪ বছৰ বয়সৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ২৪% আৰু ৬০ বছৰ ঊর্ধ্বৰ লোকৰ হাৰ ১০% তকৈ কম। 


টাইমছ অব ইণ্ডিয়াত প্রকাশ পোৱা প্ৰতিবেদনখনৰ মতে ভাৰতত ১৫-৫৯ বছৰ বয়সৰ জনসংখ্যা বৃদ্ধি পাইছে। দেশৰ ৬৬.৪% জনসংখ্যা এতিয়া এই গোটৰ ভিতৰত আছে। ২০১৪ চনত ১৬-৫৯ বছৰ বয়সৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৬৪% আছিল। আন কথাত ভাৰতত এতিয়াও বৃহৎ সংখ্যক তৰুণ জনসংখ্যাই দেশৰ বিকাশলৈ বৰঙণি আগবঢ়াব পাৰে। একে সময়তে দেশত বৃদ্ধ লোকৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি পাইছে। দক্ষিণ ভাৰতৰ তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যত কর্মক্ষম লোকৰ জনসংখ্যা প্রায় সুস্থিৰ হ'বলৈ লৈছে। তামিলনাডুত যোৱা এটা দশকত কর্মক্ষম লোকৰ সংখ্যা বৃদ্ধিৰ হাৰ মাত্র ০.৬%হে। আনকথাত ৬৭.২%ৰ পৰা ৬৭.৮%লৈ বৃদ্ধি পাইছে, ইফালে ভাৰতত ৬০ বছৰ ঊর্ধ্বৰ জনসংখ্যাৰ হাৰ ৮.৬%ৰ পৰা ৯.৭%লৈ বৃদ্ধি পাইছে।। তামিলনাডুত ৬০ বছৰৰ ঊর্ধ্বৰ জনসংখ্যা মুঠ জনসংখ্যাৰ ১০.৬%ৰ পৰা ১৪.২%লৈ বৃদ্ধি পাইছে। কেৰালাত এই বয়স গোটৰ লোকৰ হাৰ ১৫%। 


আনহাতে মুঠ জনসংখ্যাত বৃদ্ধ লোকৰ হাৰ অসমত সৰ্বনিম্ন। অসমৰ মুঠ জনসংখ্যাৰ মাত্র ৭.৬%হে ৬০ বছৰ বয়সৰ ঊর্ধ্বৰ। চৰকাৰী তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ভাৰত এতিয়া জনসংখ্যাৰ বিস্ফোৰণৰ যুগৰ পৰা আগবাঢ়ি জনসংখ্যাৰ ভাৰসাম্য আৰু ভৱিষ্যতে সম্ভাব্য বৃদ্ধ জনসংখ্যাই প্রত্যাহবানৰ সৃষ্টি কৰাৰ যুগলৈ আগবাঢ়িছে। অনাগত দিনবোৰত চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহবানটো হ'ব যুৱ প্ৰজন্মৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰা আৰু বর্ধিত বৃদ্ধ জনসংখ্যাৰ বাবে স্বাস্থ্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাটো। উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
আহোম ৰাজত্বকালত নাও চলোৱা ‘ৰংদৈ’ এতিয়া নিস্তব্ধ; যোৰহাটত এখন নৈক হত্যা
দেশত ক্ৰমাৎ বৃদ্ধি পাইছে বৃদ্ধৰ জনসংখ্যা, মহিলাৰ উৰ্বৰতা ২.১%ৰ পৰা ১.৯%লৈ হ্রাস
মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেশত আলকতৰাৰ নাটনি; বন্ধ হৈ পৰিব পাৰে পথ নিৰ্মাণ
কাজিৰঙাত ২৯ মে’লৈকে বৃদ্ধি জীপ ছাফাৰী
অন্ধ্র-তেলেংগানাত প্রচণ্ড গ্রীষ্মপ্ৰৱাহ; ‘হিটষ্ট্র’ক’ত দুদিনত প্রাণ হেৰুৱালে ৪০জনে
অসমত UCC আহিলে লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত মানি চলিব লাগিব অত্যন্ত কঠোৰ আইনী নিয়ম
দৌৰি থকা ৭টা ঘোঁৰাৰ ছবি ক’ত ৰাখিব লাগে? ইয়াৰ সুফল জানিলে আচৰিত হ’ব
‘এছেট মনেটাইজেশ্যন’ৰ পদক্ষেপ; ব্যক্তিগত খণ্ডক গতাব দেশৰ ২৮টা ৰাষ্ট্ৰীয় পথ
গৌতম আদানিৰ বিৰুদ্ধে মার্কিন আদালতত চলি থকা গোচৰ বন্ধ
ৰাইডাং চাহ বাগিচাত ঘোঙৰ বিচৰণ; আতংকৰ সৃষ্টি
মধ্যপ্রাচ্যৰ যুদ্ধ আৰু অস্বাভাৱিক বতৰে অসমৰ চাহ উদ্যোগৰ ওপৰত পেলাইছে নেতিবাচক প্রভাৱ
শিশু সৰবৰাহকাৰীৰ বিৰুদ্ধে বাক্সা আৰক্ষীৰ অভিযান; জালত পৰিল এহাল পতি-পত্নী
২ জুনত গঠন হ’ব ‘লাভ দৃষ্টি ৰাজযোগ’; এই ৫টা ৰাশিৰ লোকে দেখিব সুখৰ মুখ
‘চিকেন নেক’ৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ
Advertisement