--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আলকতৰাৰ যোগান হ্রাস পোৱাৰ ফলত ইয়াৰ দাম দুগুণ বৃদ্ধি পাইছে। যদিহে সময়মতে পর্যাপ্ত পৰিমাণৰ আলকতৰা পোৱা নাযায় তেতিয়া পথ নির্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। ম

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ সংকটে ভাৰতৰ অৰ্থনীতিৰ লগতে আন্তঃগাঁথনি খণ্ডতো ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে। যুদ্ধৰ লগতে হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতত খাৰুৱা তেল, সাৰৰ লগতে আলকতৰাৰ (তাৰকোল) ক্ষেত্ৰতো সংকটৰ সৃষ্টি কৰিছে। ফলত দেশত আলকতৰাৰ তীব্র নাটনিৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশত নতুন পথ নির্মাণ আৰু পুৰণি পথৰ মেৰামতিৰ কাম স্থবিৰ হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। 


আলকতৰাৰ যোগান হ্রাস পোৱাৰ ফলত ইয়াৰ দাম দুগুণ বৃদ্ধি পাইছে। যদিহে সময়মতে পর্যাপ্ত পৰিমাণৰ আলকতৰা পোৱা নাযায় তেতিয়া পথ নির্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। মধ্য প্রাচ্যৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত সাধাৰণ শ্ৰেণীৰ আলকতৰাৰ দাম দুগুণলৈ বৃদ্ধি পায়। 


১৫ জুলাইলৈকে কেৱল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ৬ লাখ টন আলকতৰাৰ প্ৰয়োজন, কিন্তু আলকতৰাৰ যোগান প্রায় শূন্য বুলি বাতৰিটোত কোৱা হৈছে। পথ নির্মাণ উদ্যোগৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰি দেশত তেলৰ সংকটৰ জোৰা মাৰিবলৈ সক্ষম হৈছে ঠিকেই কিন্তু বিটুমিনৰ সংকট দূৰ কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল ৰাছিয়াৰ পৰা ক্ৰয় কৰা খাৰুৱা তেল আলকতৰা উৎপাদনৰ বাবে উপযুক্ত নহয়। উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ