--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আলকতৰাৰ যোগান হ্রাস পোৱাৰ ফলত ইয়াৰ দাম দুগুণ বৃদ্ধি পাইছে। যদিহে সময়মতে পর্যাপ্ত পৰিমাণৰ আলকতৰা পোৱা নাযায় তেতিয়া পথ নির্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। ম

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ সংকটে ভাৰতৰ অৰ্থনীতিৰ লগতে আন্তঃগাঁথনি খণ্ডতো ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা ঘনীভূত হৈছে। যুদ্ধৰ লগতে হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতত খাৰুৱা তেল, সাৰৰ লগতে আলকতৰাৰ (তাৰকোল) ক্ষেত্ৰতো সংকটৰ সৃষ্টি কৰিছে। ফলত দেশত আলকতৰাৰ তীব্র নাটনিৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশত নতুন পথ নির্মাণ আৰু পুৰণি পথৰ মেৰামতিৰ কাম স্থবিৰ হৈ পৰাৰ আশংকাৰ সৃষ্টি হৈছে। 


আলকতৰাৰ যোগান হ্রাস পোৱাৰ ফলত ইয়াৰ দাম দুগুণ বৃদ্ধি পাইছে। যদিহে সময়মতে পর্যাপ্ত পৰিমাণৰ আলকতৰা পোৱা নাযায় তেতিয়া পথ নির্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। মধ্য প্রাচ্যৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত সাধাৰণ শ্ৰেণীৰ আলকতৰাৰ দাম দুগুণলৈ বৃদ্ধি পায়। 


১৫ জুলাইলৈকে কেৱল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ৬ লাখ টন আলকতৰাৰ প্ৰয়োজন, কিন্তু আলকতৰাৰ যোগান প্রায় শূন্য বুলি বাতৰিটোত কোৱা হৈছে। পথ নির্মাণ উদ্যোগৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰি দেশত তেলৰ সংকটৰ জোৰা মাৰিবলৈ সক্ষম হৈছে ঠিকেই কিন্তু বিটুমিনৰ সংকট দূৰ কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল ৰাছিয়াৰ পৰা ক্ৰয় কৰা খাৰুৱা তেল আলকতৰা উৎপাদনৰ বাবে উপযুক্ত নহয়। উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু