--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০১১ চনত সমিতিয়ে কৰা জৰীপ অনুসৰি ইয়াত ২৬টা বগাপিঠীয়া শগুন আছিল। যোৱা বছৰ এই সংখ্যা ৪৬টা আৰু এই বছৰ ৫২টা হোৱা বুলি সমিতিয়ে প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক: প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে বিগত ২০১১ চনৰ পৰাই কোকৰাঝাৰ জিলাৰ প্ৰকৃতি সমৃদ্ধ মহামায়া বনাঞ্চলত শগুনৰ জৰীপ চলাই আহিছে। মহামায়া বনাঞ্চল বিশ্বৰ বিৰল বগাপিঠীয়া শগুনৰ বাসস্থান। 


অৰণ্য সুৰক্ষা সমিতি অসমে বনাঞ্চলখনত এই বিৰল বগাপিঠীয়া শগুন সংৰক্ষিত কৰাৰ বাবে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সমিতিয়ে পখী আদৰণি, কাতি বিহু, গছ বিহু, জলাশয় দিৱস আদি পাতি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰাৰ লগতে বছৰি জৰীপ চলাই শগুনৰ অস্তিত্বৰ উমান লৈ আহিছে। 


বিশ্বত দ্রুতগতিত হেৰাই যাবলৈ ধৰা এই আপুৰুগীয়া চৰাইবিধৰ সংখ্যা এনে প্রচেষ্টাৰ ফলত সামান্যভাবে হ'লেও বৃদ্ধি হৈছে। সমিতিৰ সচিব প্রধান ড° হৰিচৰণ দাসে প্ৰকাশ কৰা মতে ২০১১ চনত সমিতিয়ে কৰা জৰীপ অনুসৰি ইয়াত ২৬টা বগাপিঠীয়া শগুন আছিল। যোৱা বছৰ এই সংখ্যা ৪৬টা আৰু এই বছৰ ৫২টা হোৱা বুলি সমিতিয়ে প্ৰকাশ কৰিছে। বনাঞ্চলখনৰ শাল বনৰ মাজত এই শগুনসমূহে বাহ সাজিছে। বাহবোৰত সিহঁতে কণী পাৰিছে বুলি অনুমান কৰা হৈছে আৰু প্ৰাকৃতিক পৰিৱেশ ঠিকে থাকিলে সেই কণীৰ পৰা বহাগ মাহৰ ভিতৰত পোৱালি হৈ উৰিব বুলি সমিতিয়ে আশা প্রকাশ কৰিছে। 


বসন্ত কালতে শগুনৰ পোৱালি জন্ম হয়। নতুন পোৱালি জগিলে মহামায়াৰ বগাপিঠীয়া শগুনৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আশা কৰিছে প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু