--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০১১ চনত সমিতিয়ে কৰা জৰীপ অনুসৰি ইয়াত ২৬টা বগাপিঠীয়া শগুন আছিল। যোৱা বছৰ এই সংখ্যা ৪৬টা আৰু এই বছৰ ৫২টা হোৱা বুলি সমিতিয়ে প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক: প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে বিগত ২০১১ চনৰ পৰাই কোকৰাঝাৰ জিলাৰ প্ৰকৃতি সমৃদ্ধ মহামায়া বনাঞ্চলত শগুনৰ জৰীপ চলাই আহিছে। মহামায়া বনাঞ্চল বিশ্বৰ বিৰল বগাপিঠীয়া শগুনৰ বাসস্থান। 


অৰণ্য সুৰক্ষা সমিতি অসমে বনাঞ্চলখনত এই বিৰল বগাপিঠীয়া শগুন সংৰক্ষিত কৰাৰ বাবে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সমিতিয়ে পখী আদৰণি, কাতি বিহু, গছ বিহু, জলাশয় দিৱস আদি পাতি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা কৰাৰ লগতে বছৰি জৰীপ চলাই শগুনৰ অস্তিত্বৰ উমান লৈ আহিছে। 


বিশ্বত দ্রুতগতিত হেৰাই যাবলৈ ধৰা এই আপুৰুগীয়া চৰাইবিধৰ সংখ্যা এনে প্রচেষ্টাৰ ফলত সামান্যভাবে হ'লেও বৃদ্ধি হৈছে। সমিতিৰ সচিব প্রধান ড° হৰিচৰণ দাসে প্ৰকাশ কৰা মতে ২০১১ চনত সমিতিয়ে কৰা জৰীপ অনুসৰি ইয়াত ২৬টা বগাপিঠীয়া শগুন আছিল। যোৱা বছৰ এই সংখ্যা ৪৬টা আৰু এই বছৰ ৫২টা হোৱা বুলি সমিতিয়ে প্ৰকাশ কৰিছে। বনাঞ্চলখনৰ শাল বনৰ মাজত এই শগুনসমূহে বাহ সাজিছে। বাহবোৰত সিহঁতে কণী পাৰিছে বুলি অনুমান কৰা হৈছে আৰু প্ৰাকৃতিক পৰিৱেশ ঠিকে থাকিলে সেই কণীৰ পৰা বহাগ মাহৰ ভিতৰত পোৱালি হৈ উৰিব বুলি সমিতিয়ে আশা প্রকাশ কৰিছে। 


বসন্ত কালতে শগুনৰ পোৱালি জন্ম হয়। নতুন পোৱালি জগিলে মহামায়াৰ বগাপিঠীয়া শগুনৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি আশা কৰিছে প্রকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ