--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যৰ চাৰিওটা শোধনাগাৰতেই সম্প্ৰতি নিয়মীয়াকৈ উৎপাদন তথা যোগান অব্যাহত আছে। সেয়েহে অসমত পেট্রল-ডিজেল বা ৰন্ধন গেছৰ নাটনি হোৱা নাই।

ডিজিটেল ডেস্ক: অসমত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পেট্রল - ডিজেলৰ যোগানত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই। ৰাজ্যখনত পর্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ লগতে পেট্রলিয়াম সামগ্রী মজুত আছে। কালি এই কথা স্পষ্ট কৰি দিছে ভাৰতীয় তেল নিগম কর্তৃপক্ষই। 


গুৱাহাটীত আয়োজিত এখন সংবাদমেলত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক নীতিন ভাটনাগাৰে কয় যে ৰাজ্যৰ চাৰিওটা শোধনাগাৰতেই সম্প্ৰতি নিয়মীয়াকৈ উৎপাদন তথা যোগান অব্যাহত আছে। সেয়েহে অসমত পেট্রল-ডিজেল বা ৰন্ধন গেছৰ নাটনি হোৱা নাই।


ৰাইজ শংকিত হোৱাৰো কোনো প্রয়োজন নাই। আনহাতে নতুনকৈ প্ৰৱৰ্তন কৰা ই-কেৱাইচি পদ্ধতিৰ জৰিয়তে ৰাজ্যখনৰ ৮৪ শতাংশ গ্রাহকে চিলিণ্ডাৰ বুক কৰাৰ তথ্য প্রকাশ কৰি প্রতিষ্ঠানটোৰ ৰাজ্যিক মুৰব্বী ভাটনাগৰে কয় যে সম্প্ৰতি ৰাজ্যৰ ৯৩ লাখ গ্রাহকক নিয়মীয়াকৈ ইন্ধন যোগান ধৰি থকা হৈছে। 


তদুপৰি নির্ধাৰিত মূল্যতকৈ অধিক দৰত চিলিণ্ডাৰ বিক্ৰীৰ অভিযোগ সন্দৰ্ভত কর্তৃপক্ষই জাননী জাৰি কৰিছে বুলি উল্লেখ কৰি তেওঁ জনায় যে এনে অভিযোগক কেন্দ্ৰ কৰি ইতিমধ্যে ৮৮গৰাকী বিতৰকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে ৬টা বিতৰকক নিলম্বন কৰা হৈছে। আনহাতে অধিক দৰত চিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ হৈছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। 


ভাটনাগৰে লগতে প্রকাশ কৰা মতে বর্তমান, অসমত মুঠ ১,৭৩৭টা খুচুৰা বিক্ৰী কেন্দ্ৰ আছে, যাৰ ভিতৰত ১,৪৬১টা তেল বিপণন কোম্পানী (অ' এম চি) ৰ দ্বাৰা পৰিচালিত আৰু ২৭৬টা ব্যক্তিগত কোম্পানীৰ দ্বাৰা পৰিচালিত। এই খুচুৰা আউটলেটসমূহৰ জৰিয়তে দৈনিক প্রায় ২,৯৩৫ কে এল পেট্র'ল (এম এছ) আৰু ৩,৬৭০ কে এল ডিজেল (এইচ এছ ডি) যোগান ধৰা হয়। প্রায় ২১দিনৰ পেট্ৰ'লৰ চাহিদা আৰু ৪৬দিনৰ ডিজেলৰ চাহিদা পূৰণ কৰিব পৰাকৈ বৰ্তমান পর্যাপ্ত পৰিমাণ সামগ্রী অসমত মজুত আছে। 


আনহাতে গড়ে, দৈনিক প্রায় ১,৩৯,০০০ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্রাহকক যোগান ধৰা হয়। সেই অনুপাতে ৰাজ্যত গেছৰো কোনো নাটনি হোৱা নাই। উল্লেখযোগ্য যে মধ্যপ্রাচ্যৰ যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হোৱাৰ ফলত দেশজুৰি ৰন্ধন গেছৰ নাটনি হোৱা দেখা গৈছে। ৰন্ধন গেছৰ বাবে গ্রাহকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে চৰকাৰে ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি ঘোষণা কৰি আহিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ