--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আধুনিকতাৰ ধামখুমীয়াৰ মাজত ট্ৰেক্টৰৰ বহুল ব্যৱহাৰ বাঢ়িছে যদিও বহু কৃষকৰ মাজত নাঙলৰ প্ৰাসংগিকতা আজিও আছে ।

ডিজিটেল ডেস্ক: আজি নাঙল বিহু। বহাগ বিহুৰ আজি পঞ্চমটো দিন। এই দিনটোক নাঙল বিহু হিচাপে পালন কৰা হয়। লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি আজিৰ দিনটোত প্ৰতিগৰাকী চহা কৃষকে পালন কৰিছে নাঙল বিহু। গ্ৰামাঞ্চলৰ কৃষকসকলে এই নাঙল বিহু অতি উলহ-মালহেৰে পালন কৰে। প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ নাঙল বিহুৰো বিশেষ গুৰুত্ব আছে। 


বিশেষকৈ কৃষকসকলে এই বিহু পালন কৰা হয় দেখা যায়। বিহুৰ পাছত খেতি কৰিবলৈ খেতিত ব্যৱহৃত সকলো সামগ্ৰী যেনে নাঙল, যুৱলি, মৈ আদি সঁ‌জুলিসমূহ আজিৰ দিনটোত চাকি-ধূপ দি সেৱা জনাই সকলোৰে মংগল কামনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কৃষকসকলে পৰম্পৰা ৰক্ষা কৰি এই বিহু পালন কৰিছে। জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱই প্ৰথম হাল জুৰিছিল আৰু এই দিনটোতেই অসমীয়া সমাজৰ কৃষক ৰাইজে নাঙল বিহু হিচাপে পালন কৰে।


আধুনিকতাৰ ধামখুমীয়াৰ মাজত ট্ৰেক্টৰৰ বহুল ব্যৱহাৰ বাঢ়িছে যদিও বহু কৃষকৰ মাজত নাঙলৰ প্ৰাসংগিকতা আজিও আছে । নাঙলেৰেই গৰুৰ দ্বাৰা তেওঁলোকে মাটি চহায় । যিহেতু বিহুৰ পিছতে খেতিত ব্যস্ত হ'ব লাগিব, সেয়ে তেওঁলোকে মূল সম্পদ নাঙলখন আজি ধুই-পখালি সাজু কৰি তুলিছে ।


নাঙল বিহু পালন কৰি কৃষিৰ বাবে সাজু হয় চহা কৃষকসকল। যিহেতু নাঙলেই আছিল অতীজৰে পৰা কৃষিৰ মূল সজুঁলি, সেয়ে পৰম্পৰা ৰক্ষা কৰি নাঙল বিহু পালন কৰে চহা কৃষকসকলে ।


আধুনিকতাৰ কৱলত অসমীয়া সমাজ জীৱনৰ পৰা নাঙলেৰে মাটি চহাই খেতি কৰা যি ব্যৱস্থা আছিল ই ক্ৰমান্বয়ে হেৰাই গৈছে। তেনেস্থলত নিজৰ পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে একাংশ চহা কৃষকে । 

গুৰুত্ব হ্ৰাস পালেও নাঙলৰ বিহু অসমীয়াৰ মাজৰ পৰা আজিও হেৰাই যোৱা নাই। যদিওৱা বৰ্তমান সময়ত নাঙলৰ ব্যৱহাৰ কমিছে আৰু নাঙলৰ ঠাইত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰা হয় তথাপিও আজিৰ দিনতো গাঁৱে-ভূঁঞে নাঙল বিহুৰ পৰম্পৰা অটুত থকা দেখিবলৈ পোৱা যায়। 


নিজৰ নাঙলখনেৰে চহা কৃষক সমাজে বছৰটোৰ বাবে ভৰালৰ ধান উপাৰ্জন কৰে। গতিকে দেখিবলৈ পোৱা যায় যে গৰুবিহুৰ দিনাৰে পৰা প্ৰতিটো বিহুৰে কৃষিৰ সৈতে আছে এক নিবিড় সম্পৰ্ক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ