--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয়-আমেৰিকান গায়িকা তথা এন্ট্রেপ্রিনিয়ৰ চন্দ্ৰিকা টেণ্ডনে 'বেষ্ট নিউ এ'জ, এম্বিয়েন্ট অৰ চান্ট এলবাম' শাখাত তেওঁৰ 'ত্রিৱেণী' নামৰ এলবামটোৰ বাবে গ্ৰেমী বঁটা লাভ কৰিছে। বিশ্ব সংগীতৰ সৰ্বোচ্চ বঁটা গ্ৰেমীৰ ৬৭ সংখ্যক সংস্কৰণৰ বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে লছ এঞ্জেলছৰ ক্রিপ্ট' ডট কম এৰিনাত অনুষ্ঠিত হৈছিল।

চন্দ্রিকা টেণ্ডন হৈছে বিশ্বৰ এগৰাকী ব্যাৱসায়িক নেত্ৰী আৰু পেপছিক'ৰ প্ৰাক্তন মুখ্য কার্যবাহী বিষয়া ইন্দ্রা নুয়ীৰ জ্যেষ্ঠা ভগ্নী। এলবামটোৰ সহযোগী শিল্পী দক্ষিণ আফ্রিকাৰ বাঁহীবাদক ৱউটাৰ কেলাৰমেন তথা জাপানী চেল' বাদক ইৰু মেটছুম'ট'ৰ সৈতে একেলগে টেণ্ডনে এই গ্রেমী বঁটা লাভ কৰে। এয়া হৈছে টেণ্ডনৰ গ্ৰেমীত দ্বিতীয় মনোনয়ন আৰু প্রথম বিজয়। উল্লেখযোগ্য যে এই শাখাটোত প্রতিদ্বন্দ্বিতাত থকা আন পাঁচগৰাকীৰ ভিতৰত দুগৰাকী ভাৰতীয়ও আছিল। তেওঁলোক হৈছে ৰিকী কে'জ আৰু অনুষ্কা শংকৰ। অনুষ্ঠিত হৈ যোৱা গ্রেমী বঁটা প্রদান অনুষ্ঠানত 'বৰ্ষটোৰ এলবাম'ৰ বঁটা লাভ কৰে বিয়ন্সেৰ কাউবয় কার্টাৰে আৰু 'বৰ্ষটোৰ গীত'ৰ সন্মান লাভ কৰে কেন্ড্রিক লামাৰৰ 'নট লাইক আছ'-এ। লামাৰৰ 'নট লাইক আছ'-এ 'বর্ষটোৰ ৰেকৰ্ড'ৰ বঁটাও লাভ কৰে। 

তেনেদৰে শ্রেষ্ঠ পপ (দ্বৈত/দলীয়) পৰিৱেশনৰ বঁটা লাভ কৰে লেডী গাগা আৰু ব্রুন' মাছে (ডাই উইথ এ স্মাইল), শ্রেষ্ঠ লেটিন পপ এলবামৰ বঁটা লাভ কৰে শ্বাকিৰাৰ 'লা মুহেৰেছ য়া ন' ল'বেন'-এ আৰু শ্রেষ্ঠ নবীন শিল্পীৰ সন্মান লাভ কৰে চেপেল ৰোৱানে। তেনেদৰে শ্ৰেষ্ঠ কাইন্টি এলবাম বিয়ন্সেৰ 'কাউবয় কাৰ্টাৰ', শ্রেষ্ঠ পপ (কণ্ঠ) এলবাম ছাৱিনা কাৰপেণ্টাৰৰ 'শ্বৰ্ট এন ছুইট', আৰু শ্রেষ্ঠ ৰেপ এলবামৰ বঁটা ড'য়েচীৰ 'এলিগেটৰ বাইছ নেভাৰ হীল'-এ লাভ কৰে। শ্রেষ্ঠ পপ একক পৰিৱেশনৰ বঁটা ছাৱিনা কাৰপেন্টাৰে (এছপ্ৰেছ'), শ্রেষ্ঠ ডান্স/ইলেক্ট্রনিক মিউজিক এলবামৰ বঁটা চার্লি এক্স চি এক্সৰ 'ব্রেট'-এ আৰু শ্ৰেষ্ঠ ৰক পৰিৱেশনৰ বঁটা লাভ কৰে দ্য বীটছে (নাও এণ্ড দেন)। 

আনহাতে, শ্রেষ্ঠ ৰেপ পৰিৱেশন তথা শ্ৰেষ্ঠ ৰেপ গীতৰ বঁটা দুটাও বঁটা কেন্ড্রিক লামাৰে (নট লাইক আছ) লাভ কৰে। শ্ৰেষ্ঠ আৰ এণ্ড বি পৰিৱেশনৰ বঁটা মুনি লঙে (মে'ড ফৰ মি, লাইভ অন বেট), পৰম্পৰাগত আৰ এণ্ড বি পৰিৱেশনৰ বঁটা লাকী ডায়েই (ডেছ ইউ) আৰু শ্রেষ্ঠ আৰ এণ্ড বি গীতৰ বঁটা লাভ কৰে এছ জেদ এই (ছেটার্ন)। শ্রেষ্ঠ আৰ এণ্ড বি এলবামৰ বঁটা ক্রিছ ব্রাউনে (১১: ১১ ডিলাক্স) আৰু শ্রেষ্ঠ ফক (লোক) এলবামৰ বঁটা লাভ কৰে জিলিয়ান ৱেলছ আৰু ডেভিড ৰলিংছে (উডলেণ্ড)।

উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ