--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত প্ৰেমত পৰিবলৈ দেখা-সাক্ষাৎ হোৱাতো জৰুৰী আছিল ৷ পিছলৈ পত্ৰৰ যোগেৰেও মানুহে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । আৰু বৰ্তমান টিণ্ডাৰ, হাই ফাইভ, উৱ’ আদি ডেটিং এপে অনলাইন ডেটিঙৰ ধাৰণাক অতিকে জনপ্ৰিয় কৰি তুলিছে ।সীমাৰ পৰিধি ভাঙি বহু লোকে বিচাৰি লৈছে আত্মাৰ সংগী । দুখন ভিন্ন দেশৰ এহাল প্ৰেমিক-প্ৰেমিকাৰ প্ৰথম মুখা-মুখিৰ স্মৰণীয় সময়খিনিৰ এটি ভিডিঅ’ই নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 
 
ক’ব পাৰি “প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল৷” প্ৰেমত পৰিলে মানুহে যিকোনো কাম কৰিব পাৰে৷
 স্কটলেণ্ডৰ এজন পুৰুষ আমেৰিকাত বাস কৰা এগৰাকী মহিলাৰ প্ৰেমত পৰে।  গতিকে তেওঁ নিজৰ প্ৰিয়তমাক স্বচক্ষে চোৱাৰ হেঁপাহত ৭৫৬৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ।

এই স্কটিছ ব্যক্তিজনৰ নাম পেডী কেম্পবেল।  তেওঁ নিজৰ প্ৰেয়সী ব্রিজেট কেলিৰ সৈতে প্ৰথম পৰিচয় হৈছিল ডেটিং এপ টিণ্ডাৰত৷ প্ৰকৃততে ২০২২ চনৰ জানুৱাৰী মাহত পেডী কেম্পবেলৰ নিজৰ প্ৰেয়সীৰ সৈতে বিচ্ছেদ হৈছিল।  তাৰ পিছত তেওঁ টিণ্ডাৰত যোগদান কৰিলে। ইয়াৰ আগতে কেতিয়াও ডেটিং এপ ব্যৱহাৰ কৰা নাছিল৷

 পেডীয়ে কয় যে টিণ্ডাৰলৈ অহাৰ কেইমাহমানৰ  পিছত তেওঁ কেলীৰ পৰা এটা মেছেজ পাইছিল। কেলীক এডিনবাৰ্গৰ বুলি ভাবিলেই তেওঁ সাধাৰণভাৱে কথা পাতিবলৈ আৰম্ভ কৰিছিল।  কিন্তু তাই আছিল নিউ গ্ল’ৰাছ (উইস্কনচিন)ৰ।  ৪ মাহ ধৰি দুয়ো অনলাইন ৰোমাঞ্চ চলোৱাৰ পিছত পেডীয়ে কেলীক লগ পোৱাৰ সিদ্ধান্ত লয়।

কেলী ব্রিজেটে খুব সুন্দৰকৈ টিকটকত তেওঁলোকৰ প্ৰথম লগপোৱাৰ আটকীয়া সময়খিনিৰ ভিডিঅ’ আপলোড কৰিছে ।ভাইৰেল হোৱা প্ৰেমিকহালৰ ভিডিঅ’টোত দেখা গৈছে যে বিমানবন্দৰত ইজনে সিজনক লগ পোৱাৰ পিছত দুয়ো অতি আৱেগিক হৈ পৰিছে ৷
দুয়ো একেলগে এখন বিয়াৰ পাৰ্টীত উপস্থিত হৈছিল, নাচিছিল, আমেৰিকান খাদ্য খাইছিল আৰু ব্লুজ  উপভোগ কৰিছিল।

ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁক অভিনন্দন জনায়। এতিয়া ইজনে সিজনক লগ পোৱাৰ বাবে দ্বিতীয় ভ্ৰমণৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে দম্পতীহাল। ইফালে, এতিয়া ইউজাৰসকলে দম্পতীহালৰ পৰৱৰ্তী আপডেটৰ বাবে অপেক্ষা কৰি আছে।  কেলিয়ে লগতে কয় যে যোৱা সপ্তাহত পেডীয়ে তেওঁৰ ঘৰলৈ (স্কটলেণ্ড) গৈছিল।  তাই ক’লে, ‘আশাকৰোঁ অহাবাৰ মই স্কটলেণ্ডলৈ যাম।  মই তেওঁক সঁচাকৈ মিছ কৰো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু