--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত প্ৰেমত পৰিবলৈ দেখা-সাক্ষাৎ হোৱাতো জৰুৰী আছিল ৷ পিছলৈ পত্ৰৰ যোগেৰেও মানুহে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল । আৰু বৰ্তমান টিণ্ডাৰ, হাই ফাইভ, উৱ’ আদি ডেটিং এপে অনলাইন ডেটিঙৰ ধাৰণাক অতিকে জনপ্ৰিয় কৰি তুলিছে ।সীমাৰ পৰিধি ভাঙি বহু লোকে বিচাৰি লৈছে আত্মাৰ সংগী । দুখন ভিন্ন দেশৰ এহাল প্ৰেমিক-প্ৰেমিকাৰ প্ৰথম মুখা-মুখিৰ স্মৰণীয় সময়খিনিৰ এটি ভিডিঅ’ই নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। 
 
ক’ব পাৰি “প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল৷” প্ৰেমত পৰিলে মানুহে যিকোনো কাম কৰিব পাৰে৷
 স্কটলেণ্ডৰ এজন পুৰুষ আমেৰিকাত বাস কৰা এগৰাকী মহিলাৰ প্ৰেমত পৰে।  গতিকে তেওঁ নিজৰ প্ৰিয়তমাক স্বচক্ষে চোৱাৰ হেঁপাহত ৭৫৬৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ।

এই স্কটিছ ব্যক্তিজনৰ নাম পেডী কেম্পবেল।  তেওঁ নিজৰ প্ৰেয়সী ব্রিজেট কেলিৰ সৈতে প্ৰথম পৰিচয় হৈছিল ডেটিং এপ টিণ্ডাৰত৷ প্ৰকৃততে ২০২২ চনৰ জানুৱাৰী মাহত পেডী কেম্পবেলৰ নিজৰ প্ৰেয়সীৰ সৈতে বিচ্ছেদ হৈছিল।  তাৰ পিছত তেওঁ টিণ্ডাৰত যোগদান কৰিলে। ইয়াৰ আগতে কেতিয়াও ডেটিং এপ ব্যৱহাৰ কৰা নাছিল৷

 পেডীয়ে কয় যে টিণ্ডাৰলৈ অহাৰ কেইমাহমানৰ  পিছত তেওঁ কেলীৰ পৰা এটা মেছেজ পাইছিল। কেলীক এডিনবাৰ্গৰ বুলি ভাবিলেই তেওঁ সাধাৰণভাৱে কথা পাতিবলৈ আৰম্ভ কৰিছিল।  কিন্তু তাই আছিল নিউ গ্ল’ৰাছ (উইস্কনচিন)ৰ।  ৪ মাহ ধৰি দুয়ো অনলাইন ৰোমাঞ্চ চলোৱাৰ পিছত পেডীয়ে কেলীক লগ পোৱাৰ সিদ্ধান্ত লয়।

কেলী ব্রিজেটে খুব সুন্দৰকৈ টিকটকত তেওঁলোকৰ প্ৰথম লগপোৱাৰ আটকীয়া সময়খিনিৰ ভিডিঅ’ আপলোড কৰিছে ।ভাইৰেল হোৱা প্ৰেমিকহালৰ ভিডিঅ’টোত দেখা গৈছে যে বিমানবন্দৰত ইজনে সিজনক লগ পোৱাৰ পিছত দুয়ো অতি আৱেগিক হৈ পৰিছে ৷
দুয়ো একেলগে এখন বিয়াৰ পাৰ্টীত উপস্থিত হৈছিল, নাচিছিল, আমেৰিকান খাদ্য খাইছিল আৰু ব্লুজ  উপভোগ কৰিছিল।

ইয়াৰ পিছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁক অভিনন্দন জনায়। এতিয়া ইজনে সিজনক লগ পোৱাৰ বাবে দ্বিতীয় ভ্ৰমণৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে দম্পতীহাল। ইফালে, এতিয়া ইউজাৰসকলে দম্পতীহালৰ পৰৱৰ্তী আপডেটৰ বাবে অপেক্ষা কৰি আছে।  কেলিয়ে লগতে কয় যে যোৱা সপ্তাহত পেডীয়ে তেওঁৰ ঘৰলৈ (স্কটলেণ্ড) গৈছিল।  তাই ক’লে, ‘আশাকৰোঁ অহাবাৰ মই স্কটলেণ্ডলৈ যাম।  মই তেওঁক সঁচাকৈ মিছ কৰো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ