--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ অন্যতম প্ৰধান অভিযুক্ত বংগ চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আন এটা এপাৰ্টমেণ্টত পুনৰ নগদ ২০ কোটি টকা উদ্ধাৰ কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। অভিযানকাৰী বিষয়া সকলে এপাৰ্টমেণ্টটোত নগদ ধনখিনিৰ লগতে ৩ কিলোগ্ৰাম সোণৰ অলংকাৰো উদ্ধাৰ কৰিছে। এই সোণখিনিৰ মূল্য প্ৰায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে যোৱা সপ্তাহতো শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অৰ্পিতা মুখাৰ্জীৰ বাসগৃহত তালাচী চলোৱাৰ সময়ত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে তেওঁৰ ঘৰৰ পৰা নগদ ২১.৯০ কোটি টকা উদ্ধাৰ কৰিছিল। তালাচীত লগতে ৫৬ লাখ টকাৰ বিদেশী মুদ্ৰা আৰু ৭৬ লাখ টকাৰ সোণৰ অলংকাৰো জব্দ কৰিছিল তদন্তকাৰী সংস্থাটোৱে। এইদৰে মুখাৰ্জীৰ গৃহৰ পৰা ইডি- এ জব্দ কৰা নগদ ধন তথা সোণৰ মুঠ মূল্য হৈছে ৪৫.২২ কোটি টকা।

ইফালে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সময়ত অৰ্পিতা মুখাৰ্জীয়ে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ বুলি স্বীকাৰ কৰিছে। অৰ্পিতা মুখাৰ্জীয়ে লগতে উল্লেখ কৰিছিল যে এই ধনখিনি এদিন বা দুদিনৰ ভিতৰত তেওঁ ঘৰৰ পৰা স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ অভিযানে এই পৰিকল্পনা বিফল কৰে বুলি মুখাৰ্জীয়ে লগতে কয়।

অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা প্ৰথমবাৰৰ অভিযানৰ সময়তে এই বিপুল পৰিমাণৰ ধন জব্দ কৰাৰ পাছত ইতিমধ্যে কেন্দ্ৰীয় সংস্থাটোৱে মমতা বেনাৰ্জী চৰকাৰৰ কেবিনেট মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে পশ্চিম বংগৰ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা পৰিষদৰ গ্ৰুপ 'চি' আৰু 'ডি' কৰ্মচাৰী, নৱম-দ্বাদশ শ্ৰেণীৰ সহকাৰী শিক্ষক আৰু প্ৰাথমিক শিক্ষকসকলৰ নিযুক্তিত ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছত কলিকতা উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ চি বি আই- ক তদন্ত চলাবলৈ নিৰ্দেশ দিছিল।

কলিকতা উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে নিযুক্তিৰ সৈতে জড়িত অভিযুক্ত সকলৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত গোচৰৰ তদন্ত কৰি আছে। কেন্দ্ৰীয় সংস্থাটোৱে গোচৰটোৰ সন্দৰ্ভত প্ৰধান অভিযুক্ত পশ্চিম বংগৰ মন্ত্ৰী তথা তৃণমূল নেতা পাৰ্থ চেটাৰ্জী আৰু পৰেশ অধিকাৰীৰ বাসগৃহত অভিযান চলাইছিল।

সমান্তৰালভাৱে তদন্তকাৰী সংস্থাটোৱে কেলেংকাৰীৰ গোচৰত অভিযুক্ত কেইবাগৰাকীও কৰ্তব্যৰত তথা প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ চৌহদতো অনুসন্ধান চলাই আছে। কেলেংকাৰীৰ সৈতে জড়িত অভিযুক্ত ব্যক্তিসকলৰ চৌহদৰ পৰা বহু আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানীৰ বিৱৰণ, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণ ইডিয়ে উদ্ধাৰ কৰিছে বুলি সদৰি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ