--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক ভয়ংকৰ ঘটনা সংঘটিত হৈছে  মধ্যপ্ৰদেশত।  মধ্যপ্ৰদেশৰ সাগৰ নামৰ ঠাইখনত একেটা চিৰিঞ্জ ব্যৱহাৰ কৰিয়েই ৩০ জন শিক্ষাৰ্থীক টিকাকৰণ কৰাৰ কথাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। এইছআইভি, হেপাটাইটিছকে ধৰি আন বহু ৰোগ একেটা চিৰিঞ্জৰ একাধিক ব্যৱহাৰৰ বাবে হ’ব পাৰে যদিও সেই আশংকাৰ প্ৰতি মুঠেও গুকুত্ব নিদি একেটা  চিৰিঞ্জেৰেই ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক টিকাকৰণ কৰাৰ কথাই এতিয়া বহুতোকে চিন্তিত কৰি তুলিছে। 

টিকা প্ৰদান কৰা  জীতেন্দ্ৰ নামৰ লোকজনে  দাবী কৰিছে যে কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক টিকাকৰণ কৰাৰ বাবে  মাত্ৰ এটা চিৰিঞ্জেই প্ৰেৰণ কৰিছিল আৰু তেওঁক "বিভাগীয় মুৰব্বীয়ে" সকলো শিশুকে একেটা  চিৰিঞ্জেৰেই  টিকাকৰণ কৰিবলৈ নিৰ্দেশ দিছিল। 

ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে  টিকা প্ৰদান কৰা লোক জনৰ কথা শুনি আচৰিত হৈ পৰিছে। অৱশ্যে টিকা প্ৰদান কৰা লোকজনে বিভাগীয় মুৰব্বীগৰাকীৰ নাম ক’ব নোৱাৰিলে।  উল্লেখ্য নানান মাৰক ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই ১৯৯০ চনৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে ডিচপোজেবল চিৰিঞ্জৰ ব্যৱহাৰ ব্যাপক হাৰত আৰম্ভ হৈছিল। কিন্তু এইক্ষেত্ৰত মধ্যপ্ৰদেশত ঘটা ঘটনাটো এক ভয়াৱহ ঘটনা হিচাবে পৰিগণিত হৈছে।  

এটা  চিৰিঞ্জ ব্যৱহাৰ কৰি বহুতকে বেজী দিব নালাগে বুলি নাজানে নেকি  বুলি অভিভাৱকে সোধাত টিকা প্ৰদান কৰা জীতেন্দ্রই কয় , "মই সেয়া জানো। সেইকাৰণে মই তেওঁলোকক সুধিছিলো যে মই মাত্ৰ এটা চিৰিঞ্জ ব্যৱহাৰ কৰিব লাগিব নেকি আৰু তেওঁলোকে 'হয়' বুলি কৈছিল। এইটো মোৰ দোষ কেনেকৈ হ’ল ? মোক যি কৰিবলৈ কোৱা হৈছিল সেয়াই কৰিছিলোঁ।" সাগৰ জিলা প্ৰশাসনে জিতেন্দ্ৰৰ বিৰুদ্ধে অৱহেলা আৰু কেন্দ্ৰীয় চৰকাৰৰ "এটা বেজীৰ বাবে, এটা চিৰিঞ্জ " নীতি উলংঘা কৰাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ভেকছিন আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰেৰণৰ দায়িত্বত থকা জিলা টিকাকৰণ বিষয়া ড০ ৰাকেশ ৰোশনৰ বিৰুদ্ধেও বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। 

সাগৰ চহৰৰ জৈন পাব্লিক হায়াৰ চেকেণ্ডাৰী স্কুলত স্কুলীয়া শিশুসকলৰ বাবে এটা কোভিড টিকাকৰণ শিবিৰৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। শিশুসকলক এটা চিৰিঞ্জেৰে টিকাকৰণ কৰাৰ কথা লক্ষ্য কৰি অভিভাৱকসকলে প্ৰতিবাদ কৰিছিল। 

জিলা খনৰ শীৰ্ষ প্ৰশাসনিক বিষয়া ক্ষিতীশ সিংঘালে মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ঘটনাটোৰ তদন্ত কৰিবলৈ   নিৰ্দেশ দিছে। অৱশ্যে  প্ৰতিবাদ হোৱাৰ পিছৰে পৰা টিকা প্ৰদান কৰা জিতেন্দ্ৰনামৰ লোক জন ঘটনাস্থলীৰ পৰা উধাও হয়। তেওঁৰ ফোনটোও বন্ধ পোৱা গৈছে।

 ২০২১ চনৰ জানুৱাৰী মাহত ভাৰতত কোভিড-১৯ টিকাকৰণ আৰম্ভ হোৱাৰ এমাহ আগতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে  "এটা বেজী, এটা চিৰিঞ্জ, মাত্ৰ এবাৰ" প্ৰটোকল কঠোৰ ভাবে মানি চলিবলৈ নিৰ্দেশ দিছিল বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফকে ধৰি আন্তৰ্জাতিক সংস্থাসমূহেও একে ধৰণৰ প্ৰটোকল মানি চলাৰ পৰামৰ্শ দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ