--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অভিযোগ অনুসৰি, ব্যক্তিজনে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বাবে কাম কৰিছিল আৰু গোপন সামৰিক তথ্য শত্ৰুৰাষ্ট্ৰখনক যোগান ধৰিছিল।

ডিজিটেল ডেস্ক: চোৰাংচোৱাগিৰিৰ অপৰাধত ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত ভাৰতীয় বায়ুসেনা ঘাটিত কৰ্মৰত এজন অসামৰিক কৰ্মচাৰীক ৰাজস্থানৰ জয়পুৰত গ্ৰেপ্তাৰ কৰা হৈছে।


অভিযোগ অনুসৰি, ব্যক্তিজনে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ বাবে কাম কৰিছিল আৰু গোপন সামৰিক তথ্য শত্ৰুৰাষ্ট্ৰখনক যোগান ধৰিছিল। 


ৰাজস্থানৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (চোৰাংচোৱা) প্রফুল্ল কুমাৰৰ মতে, ৰাজস্থান চোৰাংচোৱা শাখা আৰু বায়ুসেনা চোৰাংচোৱা শাখাৰ এক যুটীয়া অভিযানত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয়। ধৃত অভিযুক্তজনৰ নাম সুমিত কুমাৰ (৩৬)। উত্তৰ প্ৰদেশৰ বাসিন্দা সুমিত ডিব্ৰুগড়ৰ চাবুৱা বায়ুসেনা ঘাটিত এজন 'মাল্টি-টাস্কিং ষ্টাফ' (MTS) হিচাপে কৰ্মৰত আছিল। 


উল্লেখ্য যে চাবুৱাৰ এই বায়ুসেনা দেশৰ কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এক ঘাটি। কুমাৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগৰ তদন্তৰ সূত্রপাত হৈছিল চলিত বৰ্ষৰ আৰম্ভণিতে। ২০২৬ চনৰ জানুৱাৰী মাহত জয়ছালমেৰৰ পৰা এজন সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সুমিত কুমাৰৰ নাম পোহৰলৈ আহে। জেৰাৰ সময়ত কুমাৰে স্বীকাৰ কৰে যে ২০২৩ চনৰ পৰাই তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল। এই সময়ছোৱাত তেওঁ টকাৰ বিনিময়ত অতি স্পৰ্শকাতৰ সামৰিক তথ্য সংগ্ৰহ কৰি পাকিস্তানলৈ প্ৰেৰণ কৰাৰ সন্দেহ কৰা হৈছে। কর্তৃপক্ষৰ মতে, কুমাৰে যুদ্ধ বিমান আৰু মিছাইল ব্যৱস্থাৰ অৱস্থানৰ লগতে বায়ুসেনা ঘাটিটোৰ কৰ্মচাৰীৰ সৈতে জড়িত গোপনীয় তথ্য ছচিয়েল মিডিয়াৰ জৰিয়তে ফাদিল কৰিছিল। 


ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁৰ এই কাৰ্যৰ ফলত হোৱা এই ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছত কুমাৰক জয়পুৰৰ এক কেন্দ্ৰীয় জেৰা কেন্দ্ৰলৈ লৈ যোৱা হৈছে। তাত বিভিন্ন সংস্থাই যুটীয়াভাৱে তেওঁক জেৰা কৰি এই চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি সেই বিষয়ে তদন্ত চলাইছে। 


অভিযুক্তৰ বিৰুদ্ধে 'চৰকাৰী গোপনীয়তা আইন, ১৯২৩' (Official Secrets Act) আৰু 'ভাৰতীয় ন্যায় সংহিতা'ৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। চাবুৱা বায়ুসেনা ঘাটিটো চীন আৰু ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অপৰিসীম। এনে এক সংবেদনশীল স্থানত সুৰক্ষাৰ বিচ্যুতিয়ে প্ৰতিৰক্ষা বিভাগৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ