--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায়ে নাৰ্ছিং হোমখনত চিকিৎসকৰ ভুল অস্ত্ৰোপচাৰৰ বাবে বহু ৰোগী চিৰদিনৰ বাবে ঘুণীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

ডিজিটেল ডেস্ক: ধুবুৰীৰ গৌৰীপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। গৌৰীপুৰ হাস্পতাল নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সৃষ্টি হ’ল লংকাকাণ্ড।


চিকিৎসকৰ ভুলৰ বাবে মহিলাগৰাকীৰ মৃত্যুৰ অভিযোগত গৌৰীপুৰ নাৰ্ছিং হোমত বিস্তৰ ক্ষতিসাধন মৃতকৰ পৰিয়ালৰ।


বিভিন্ন সামগ্ৰী ভাঙি চূৰমাৰ কৰি চিকিৎসালয়খন বন্ধ কৰাৰ দাবী পৰিয়ালৰ লোকৰ।


অতি সংকটজনক অৱস্থাত ২৪ টা দিনৰ ভিতৰত তিনিটাকৈ অস্ত্ৰোপচাৰ কৰা হৈছিল মহিলাগৰাকীৰ। মহিলাগৰাকী মধুশৌলমাৰী ২য় খণ্ড গাঁৱৰ মঞ্জিলা বিবি বুলি জানিব পৰা গৈছে। 


প্ৰায়ে নাৰ্ছিং হোমখনত চিকিৎসকৰ ভুল অস্ত্ৰোপচাৰৰ বাবে বহু ৰোগী চিৰদিনৰ বাবে ঘুণীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে৷


অকল ধনৰ বাবেই ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ দীৰ্ঘদিনীয়া অভিযোগ গৌৰীপুৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে।


এইবেলিও ভুক্তভোগী পৰিয়ালে উন্নত চিকিৎসাৰ বাবে বাৰে বাৰে ৰোগীৰ ৰিলিজ বিচাৰিছিল যদিও চিকিৎসক আৰু নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰিলিছ দিয়া নাছিল মহিলা ৰোগীক। কিন্তু ৰহস্যজনকভাৱে মহিলাগৰাকীৰ মৃত্যুৰ এক ঘণ্টা পূৰ্বে দিয়া হৈছিল ৰিলিজ।


 পিছত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ যাওঁতে আধা বাটতেই মৃত্যু হয় মহিলাগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ