--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায়ে নাৰ্ছিং হোমখনত চিকিৎসকৰ ভুল অস্ত্ৰোপচাৰৰ বাবে বহু ৰোগী চিৰদিনৰ বাবে ঘুণীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

ডিজিটেল ডেস্ক: ধুবুৰীৰ গৌৰীপুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। গৌৰীপুৰ হাস্পতাল নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সৃষ্টি হ’ল লংকাকাণ্ড।


চিকিৎসকৰ ভুলৰ বাবে মহিলাগৰাকীৰ মৃত্যুৰ অভিযোগত গৌৰীপুৰ নাৰ্ছিং হোমত বিস্তৰ ক্ষতিসাধন মৃতকৰ পৰিয়ালৰ।


বিভিন্ন সামগ্ৰী ভাঙি চূৰমাৰ কৰি চিকিৎসালয়খন বন্ধ কৰাৰ দাবী পৰিয়ালৰ লোকৰ।


অতি সংকটজনক অৱস্থাত ২৪ টা দিনৰ ভিতৰত তিনিটাকৈ অস্ত্ৰোপচাৰ কৰা হৈছিল মহিলাগৰাকীৰ। মহিলাগৰাকী মধুশৌলমাৰী ২য় খণ্ড গাঁৱৰ মঞ্জিলা বিবি বুলি জানিব পৰা গৈছে। 


প্ৰায়ে নাৰ্ছিং হোমখনত চিকিৎসকৰ ভুল অস্ত্ৰোপচাৰৰ বাবে বহু ৰোগী চিৰদিনৰ বাবে ঘুণীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে৷


অকল ধনৰ বাবেই ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ দীৰ্ঘদিনীয়া অভিযোগ গৌৰীপুৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে।


এইবেলিও ভুক্তভোগী পৰিয়ালে উন্নত চিকিৎসাৰ বাবে বাৰে বাৰে ৰোগীৰ ৰিলিজ বিচাৰিছিল যদিও চিকিৎসক আৰু নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰিলিছ দিয়া নাছিল মহিলা ৰোগীক। কিন্তু ৰহস্যজনকভাৱে মহিলাগৰাকীৰ মৃত্যুৰ এক ঘণ্টা পূৰ্বে দিয়া হৈছিল ৰিলিজ।


 পিছত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ যাওঁতে আধা বাটতেই মৃত্যু হয় মহিলাগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু