--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰ পতি ড'নাল্ড ট্রাম্পে সোমবাৰে স্বাক্ষৰ কৰা এক কাৰ্যকৰী নির্দেশে সকাহ দিলে ভাৰতৰ উদ্যোগপতি গৌতম আদানিক। ট্রাম্পে সোমবাৰে নির্দেশযোগে আমেৰিকাৰ এখন আইন 'ফৰেইন কৰাপ্ট প্রেকটিচেছ এক্ট' (এফ চি পি এ) কাৰ্যকৰীকৰণ সাময়িকভাৱে স্থগিত ৰাখিছে। এই আইনখনৰ অধীনত আমেৰিকাৰ ব্যৱসায়ীয়ে বিদেশী বিষয়াক উৎকোচ দিয়াটো অপৰাধ। 

উল্লেখযোগ্য যে এইখন আইনৰ অধীনতে ভাৰতৰ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে আমেৰিকাত গোচৰ ৰুজু হৈছিল। ভাৰতত পুনৰ নৱীকৰণ শক্তি প্রকল্প পাবলৈ আদানিৰ কোম্পানীয়ে চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ মতে আদানিৰ কোম্পানীয়ে চৰকাৰী বিষয়াক ২৫০ মিলিয়ন ডলাৰ অৰ্থাৎ ২,০২৯ কোটি টকা উৎকোচ দিয়াৰ ষড়যন্ত্ৰ কৰিছিল।

 এই ঘটনাটোত আদানি গ্ৰুপৰ আদানি গ্রীন এনার্জি লিমিটেড আৰু আন এটা কোম্পানী জড়িত আছিল। ২০২৪ চনৰ ২৪ অক্টোবৰত নিউয়ৰ্কৰ ফেডাৰেল আদালতত এই গোচৰ ৰুজু হৈছিল। এই নিৰ্দেশত স্বাক্ষৰ কৰি ট্রাম্পে কয় যে উক্ত আইনখনে আমেৰিকাৰ কোম্পানীবোৰক বিশ্ব বজাৰৰ প্রতিযোগিতাত অসুবিধা দিছে। তদুপৰি, ট্রাম্পে নতুনকৈ নিযুক্ত এটর্নি জেনেৰেল পেম বণ্ডিক তাৎক্ষণিকভাৱে এফ চি চি এৰ অধীনত লোৱা কাৰ্যব্যৱস্থা বন্ধ কৰিবলৈও নির্দেশ দিয়ে। 

এইবোৰৰ ভিতৰত আছে আমেৰিকাৰ ন্যায় বিভাগে (ডি অ' জে) অন্য দেশত ব্যৱসায় লাভ কৰিবলৈ সেই দেশৰ চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ অভিযোগত অভিযুক্ত কৰা আমেৰিকাৰ নাগৰিক আৰু কোম্পানী। তেওঁ কয় যে এই আইনখন তাত্ত্বিকভাৱেহে ভাল যেন লাগে, কিন্তু বাস্তৱত ই হৈছে দুর্যোগ। ট্রাম্পৰ এই নির্দেশে এতিয়া সকাহ দিলে আদানিক। মন কৰিবলগীয়া যে মোদীৰ আমেৰিকা ভ্ৰমণৰ দুদিন আগতে ট্রাম্পে উক্ত নিৰ্দেশত স্বাক্ষৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি