--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে কেইবাজনো লোকে। দ’ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। যাৰ ফলত বৰ্তমান সময়লৈকে ৫৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে কেইবাজনো লোক। এই অঘটন ঘটিছে মধ্য আমেৰিকাৰ দেশ গুৱেটামালাত। সোমবাৰে হোৱা এই শোকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ দেশখনত শোকৰ ছাঁ পেলাইছে। এতিয়াও বাছখনৰ চাৰিওফালে পৰি আছে কেইবাটাও মৃতদেহ। গতিকে পৰৱৰ্তী সময়ত বৃদ্ধি পাব পাৰে মৃতলোকৰ সংখ্যা। 

বাছখনে গাৰ্ডৰেলৰ সৈতে খুন্দা খাই খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটো লেটিন আমেৰিকাৰ অন্যতম ভয়াৱহ পথ দুৰ্ঘটনা বুলি গণ্য কৰা হৈছে। বাছখনত ৭০ জনতকৈ অধিক যাত্ৰী আছিল।

গুৱেটামালাৰ পৌৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এতিয়ালৈকে বাছখনৰ ধ্বংসাৱশেষৰ পৰা শিশু, মহিলাসহ ৫৫জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযানত জড়িত স্বেচ্ছাসেৱী অগ্নিনিৰ্বাপক গোটৰ মুখপাত্ৰ ভিক্টৰ গোমেজে নিশ্চিত কৰে যে সকলো মৃতদেহ অস্থায়ী মৰ্গত ৰখা হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা ১০ জন আহত লোককো উদ্ধাৰ কৰিছে উদ্ধাৰ কৰ্মীয়ে।

গুৱেটামালাৰ ৰাষ্ট্ৰপতি বাৰ্নাৰ্ডো আৰেভালোৱে এই দুৰ্ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি দেশখনত ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। গুৱেটামালাৰ বাবে এই দিনটো কঠিন দিন বুলিও তেওঁ কয়।

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱায়, যাৰ বাবে বাছখনে প্ৰথমে কেইবাখনো সৰু বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু তাৰ পিছত ৬৫ ফুট দ’ খাৱৈত পৰি যায়। বিভাগটোৰ মুখপাত্ৰ কাৰ্লোছ হাৰ্নাণ্ডেজে জনোৱা মতে, বাছখনে ধাতুৰ গাৰ্ডৰেল ভাঙি বাগৰি পৰে।

গুৱেটামালাৰ যোগাযোগ মন্ত্ৰী মিগেল এঞ্জেল ডায়েজে জনোৱা মতে, বাছখনৰ বয়স প্ৰায় ৩০ বছৰ আছিল যদিও ইয়াৰ চলাচলৰ অনুজ্ঞাপত্ৰ আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, লগতে বাছখনত যাত্ৰী অভাৰলোড হৈছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ