--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগত নিৰ্বাচনা ফলাফল ঘোষণা কৰাৰ পাছত হোৱা হিংসাই অনিয়ন্ত্ৰিত ৰূপ লৈছে। কেন্দ্ৰৰ সকীয়নি তথা কেন্দ্ৰীয় প্ৰতিনিধিৰ ৰাজ্যখন ভ্ৰমণৰ সময়তে সংঘটিত হৈছে আন এক উদ্বেগজনক ঘটনা। এইবাৰ অভিযোগ উঠিছে কেন্দ্ৰীৰ মন্ত্ৰীৰ কনভয়ত আক্ৰমণ কৰাৰ। অভিযোগৰ আঙুলি তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনীলৈ।

আৰু পঢ়িব পাৰিব : কৰ’নাই কাঢ়ি নিলে আন এগৰাকী দিল্লীবাসী অসমীয়া অধ্যাপকক

আজি কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলীধৰণৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগ তুলিছে মন্ত্ৰীগৰাকীয়ে। টুইটাৰত তেওঁ এই অভিযোগ আনি আক্ৰমণৰ এটা ভিডিঅ’ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী মুৰুলীধৰণে টুইটাৰত ভিডিঅ’ প্ৰকাশ কৰি অভিযোগ কৰিছে যে, ‘তৃণমূলৰ গুণ্ডাই পশ্চিন মেদিনীপুৰত মোৰ কনভয়ত আক্ৰমণ চলাইছে। ইয়াৰ ফলত মোৰ ভ্ৰমণ আধাতে সামৰিবলগীয়া হৈছে।’ তেওঁ প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয়ক হাতত ৰড আৰু লাঠী লৈ থকা একাংশ লোকে বাধা দিছে। একাংশ গাড়ীৰ ক্ষতিসাধন কৰাটোও ভিডিঅ’টোত দৃশ্যমান হৈছে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচন দলৰ সফলতা শূন্য : প্ৰথমবাৰলৈ মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে। তেওঁ সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত কয়, ‘যদিহে এগৰাকী মন্ত্ৰীৰ কনভয়তো আক্ৰমণ কৰিব পাৰে তেন্তে বংগত কোন নিৰাপদ? এয়া হৈছে ৰাজ্যই পৃষ্ঠপোষকতা কৰা হিংসা। আমি এই হিংসাক গৰিহনা দিছোঁ আৰু তাত অপৰাধীক শাস্তি বিহিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু