--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগত নিৰ্বাচনা ফলাফল ঘোষণা কৰাৰ পাছত হোৱা হিংসাই অনিয়ন্ত্ৰিত ৰূপ লৈছে। কেন্দ্ৰৰ সকীয়নি তথা কেন্দ্ৰীয় প্ৰতিনিধিৰ ৰাজ্যখন ভ্ৰমণৰ সময়তে সংঘটিত হৈছে আন এক উদ্বেগজনক ঘটনা। এইবাৰ অভিযোগ উঠিছে কেন্দ্ৰীৰ মন্ত্ৰীৰ কনভয়ত আক্ৰমণ কৰাৰ। অভিযোগৰ আঙুলি তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনীলৈ।

আৰু পঢ়িব পাৰিব : কৰ’নাই কাঢ়ি নিলে আন এগৰাকী দিল্লীবাসী অসমীয়া অধ্যাপকক

আজি কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলীধৰণৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগ তুলিছে মন্ত্ৰীগৰাকীয়ে। টুইটাৰত তেওঁ এই অভিযোগ আনি আক্ৰমণৰ এটা ভিডিঅ’ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী মুৰুলীধৰণে টুইটাৰত ভিডিঅ’ প্ৰকাশ কৰি অভিযোগ কৰিছে যে, ‘তৃণমূলৰ গুণ্ডাই পশ্চিন মেদিনীপুৰত মোৰ কনভয়ত আক্ৰমণ চলাইছে। ইয়াৰ ফলত মোৰ ভ্ৰমণ আধাতে সামৰিবলগীয়া হৈছে।’ তেওঁ প্ৰকাশ কৰা ভিডিঅ’টোত দেখা গৈছে যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কনভয়ক হাতত ৰড আৰু লাঠী লৈ থকা একাংশ লোকে বাধা দিছে। একাংশ গাড়ীৰ ক্ষতিসাধন কৰাটোও ভিডিঅ’টোত দৃশ্যমান হৈছে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচন দলৰ সফলতা শূন্য : প্ৰথমবাৰলৈ মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে। তেওঁ সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত কয়, ‘যদিহে এগৰাকী মন্ত্ৰীৰ কনভয়তো আক্ৰমণ কৰিব পাৰে তেন্তে বংগত কোন নিৰাপদ? এয়া হৈছে ৰাজ্যই পৃষ্ঠপোষকতা কৰা হিংসা। আমি এই হিংসাক গৰিহনা দিছোঁ আৰু তাত অপৰাধীক শাস্তি বিহিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ