--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : চমকপ্ৰদ বিজয়েৰে বংগত ক্ষমতা নিজৰ হাতত ৰাখিলেও বংগক শান্তিপূৰ্ণ কৰি ৰখাত এইপৰ্যন্ত ব্যৰ্থ হৈছে মমতা বেনাৰ্জী। বিজেপিয়ে সৃষ্টি কৰা প্ৰবল প্ৰত্যাহ্বান নেওচি মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ শাসন নিজৰ হাততে ৰাখিবলৈ সক্ষম হ’ল। ২১৪খন আসন লাভেৰে বৃহৎ বিজয় সাব্যস্ত কৰিলে মমতা বেনাৰ্জী নেতৃত্বৰ তৃণমূল কংগ্ৰেছে। কিন্তু নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে এতিয়া হিংসাই জৰ্জৰিত কৰিছে পশ্চিমবংগক। নিৰ্বাচনোত্তৰ হিংসাই পশ্চিমবংগত প্ৰাণ কাঢ়িছে কমেও ১২জন লোকৰ।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ ফলাফল ওলাল, পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম…

দীঘলীয়া নিৰ্বাচনৰ সময়ছোৱাত হোৱা হিংসাত নিহত লোকতকৈ নিৰ্বাচনোত্তৰ হিংসাত অধিক লোকে এতিয়া প্ৰাণ হেৰুওৱাৰ আশংকাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই হিংসাত্মক ঘটনাৰ বাবে বিজেপিকে জগৰীয়া কৰিছে যদিও তেওঁ সকলোকে শান্তি বজাই ৰাখিবলৈকো আহ্বান জনায়। তৃণমূল-বিজেপি উভয় দলেই পৰস্পৰৰ বিৰুদ্ধে হিংসাৰ অভিযোগ আনিছে আৰু তেওঁলোকৰ কৰ্মীৰ মৃত্যু হোৱাৰ অভিযোগ আনিছে।

বিজেপিৰ সভাপতি জেপি নাড্ডা মঙলবাৰে ৰাজ্যখনত উপস্থিত হৈছে আৰু তেওঁৰ নেতৃত্বতে বিজেপিয়ে ৰাজ্যখনত বুধবাৰে দিনজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব। মমতা বেনাৰ্জীয়ে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ সময়তে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বিজেপিয়ে। ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কত প্ৰতিবেদন বিচাৰিছে। বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি পৃথকে পৃথকে ৰাজ্যপাল জগদীপ ধানখৰক সাক্ষাৎ কৰে।

আৰু পঢ়িব পাৰিব : বিল গেটছ, মেলিণ্ডাৰ ২৭ বছৰীয়া যুগ্ম জীৱনৰ অৱসান

ৰাজ্যপালে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কত তেওঁলোকৰ সৈতে আলোচনা কৰি প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰে। বিজেপিয়ে নিৰ্বাচনা ফলাফল ঘোষণাৰ পাছতে তেওঁলোকৰ কমেও ছজন কৰ্মী হত্যাৰ বলি হোৱাৰ লগতে বিজেপি সমৰ্থকৰ ঘৰ আৰু বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ আনিছে। তৃণমূলেও অনৰূপ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ ৫জন কৰ্মী হিংসাৰ বলি হোৱাৰ অভিযোগ কৰিছে। আনহাতে কংগ্ৰেছকে ধৰি তৃতীয় মৰ্চাৰ এজন কৰ্মীৰো মৃত্যু হৈছে হিংসাত। পৰিস্থিতিৰ এনে অৱনতিৰ পাছতে মমতা বেনাৰ্জীয়ে শান্তিৰ আহ্বান জনায় আৰু যিকোনো অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হ’লে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ