--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইংলেণ্ডৰ কাউন্সিলৰ নিৰ্বাচনৰ লগতে স্কটলেণ্ড আৰু ৱেলছৰ যোৱা সপ্তাহৰ বিধানসভা নির্বাচনত প্রধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ 'লেবাৰ পার্টি' পৰাজিত হৈছিল। ইয়াৰ পাছতেই দলৰ প্ৰায় ৭০জন সাংসদে ষ্টাৰ্মাৰৰ পদত্যাগ দাবী কৰিছে। ম

ডিজিটেল ডেস্ক: ব্রিটেইনৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰাৰ লক্ষ্যৰে ২০২৪ চনত দেশখনৰ শাসনলৈ অহা প্রধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ বিৰুদ্ধে এতিয়া ৰাজনৈতিক বতাহ বলিছে। দেশখনৰ কেইবাটাও নিৰ্বাচনত 'লেবাৰ পার্টি'ৰ শোচনীয় পৰাজয়ৰ পাছত নিজ দলৰেই বহুকেইজন সাংসদে তেওঁক পদত্যাগৰ দাবী জনাইছে। 


ইংলেণ্ডৰ কাউন্সিলৰ নিৰ্বাচনৰ লগতে স্কটলেণ্ড আৰু ৱেলছৰ যোৱা সপ্তাহৰ বিধানসভা নির্বাচনত প্রধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ 'লেবাৰ পার্টি' পৰাজিত হৈছিল। ইয়াৰ পাছতেই দলৰ প্ৰায় ৭০জন সাংসদে ষ্টাৰ্মাৰৰ পদত্যাগ দাবী কৰিছে। মঙলবাৰে চৰকাৰৰ এখন কেবিনেট বৈঠকৰ পাছতে প্রধানমন্ত্রী ষ্টাৰ্মাৰে কয় যে লেবাৰ পাৰ্টিত দলৰ নেতাক প্রত্যাহ্বান জনোৱাৰ এটা নীতি আছে, কিন্তু বর্তমানলৈকে সেই নিয়ম মানি কাম কৰা হোৱা নাই। 


উল্লেখযোগ্য যে সোমবাৰে প্ৰধানমন্ত্ৰীজনে সংসদত ভাষণ দিয়াৰ পাছতে নিজ দলৰে বহুকেইজন সাংসদে তেওঁক ৰাজহুৱাভাৱে পদত্যাগৰ দাবী জনায়। তদুপৰি ষ্টাৰ্মাৰৰ শাসনত অসন্তুষ্ট এজন মন্ত্ৰী আৰু কেইবাজনো জ্যেষ্ঠ বিষয়াই ইতিমধ্যে পদত্যাগ কৰিছে। ইফালে প্রধানমন্ত্রী ষ্টাৰ্মাৰে কেবিনেটত প্রকাশ কৰিছে যে তেওঁ পদত্যাগ নকৰে। 


উল্লেখযোগ্য যে ষ্টাৰ্মাৰৰ প্রতিদ্বন্দ্বী হিচাপে থিয় দিছে পূৰ্বৰ উপ-প্রধানমন্ত্রী এঞ্জেলা ৰায়নাৰ, স্বাস্থ্য সচিব বেছ ষ্ট্ৰীটিং আৰু গ্ৰেটাৰ মানচেষ্টাৰৰ মেয়ৰ এণ্ডী বার্নহাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু