--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সাংবাদিকৰে বাৰ্তালাপত ড'নাল্ড ট্রাম্পে কয় যে ইৰানৰ ইউৰেনিয়াম ভাণ্ডাৰত আমেৰিকাৰ নিৰীক্ষণ অব্যাহত আছে আৰু কোনো যদি উক্ত স্থানলৈ যোৱা দেখা পাই তাক উৰাই দিয়া হ'ব।

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ যুদ্ধ বন্ধ কৰাৰ বাবে ইৰানে দিয়া শান্তি প্রস্তাৱ অগ্রাহ্য কৰিলে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে ইৰানে দিয়া চৰ্তসমূহ 'কোনোপধ্যে গ্রহণযোগ্য নহয়' বুলি প্রকাশ কৰি পুনৰ যুদ্ধ আৰম্ভ কৰাৰো ইংগিত দিয়ে। দুয়োখন দেশৰ শান্তি আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা পাকিস্তানৰ জৰিয়তে ইৰানে আমেৰিকালৈ শান্তি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। 


বাল ষ্ট্ৰীট জার্নেলৰ তথ্য অনুসৰি, ইৰানে দেশখনত থকা বৃহৎ ইউৰেনিয়াম ভাণ্ডাৰৰ এটা অংশ কিছু পাতল কৰি ৰখাৰ লগতে বাকীখিনি বেলেগ দেশলৈ হস্তান্তৰ কৰাৰ প্ৰস্তাৱ দিছিল। লগতে উল্লেখ কৰিছিল যে যদি শান্তি আলোচনা ব্যর্থ হয় বা আমেৰিকাই যদি চুক্তি ভংগ কৰে, তেন্তে ইৰানে অন্য দেশত ৰখা ইউৰেনিয়াম পুনৰ ঘূৰাই আনিব।


কিন্তু ট্রাম্পে ইৰানৰ এই প্রস্তাৱ মানি ল'ব খোজা নাই আৰু ইৰানৰ প্রস্তাৱ কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি 'ট্রুথ ছ'চিয়েল'ত প্রকাশ কৰিছে। পৰৱৰ্তী সময়ত সাংবাদিকৰে বাৰ্তালাপত ড'নাল্ড ট্রাম্পে কয় যে ইৰানৰ ইউৰেনিয়াম ভাণ্ডাৰত আমেৰিকাৰ নিৰীক্ষণ অব্যাহত আছে আৰু কোনো যদি উক্ত স্থানলৈ যোৱা দেখা পাই তাক উৰাই দিয়া হ'ব। 


ইফালে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে পুনৰ যুদ্ধ আৰম্ভ হোৱাৰ ইংগিত দিয়াৰ পাছতে ইৰানী কর্তৃপক্ষই ট্রাম্পক উভতি ধৰিছে। ইৰানে কয় যে যদি আমেৰিকাই পুনৰ দেশখনত আক্রমণ কৰে অথবা হৰমুজ প্রণালীলৈ অধিক যুঁজাৰু জাহাজ প্ৰেৰণ কৰে, তেন্তে তেওঁলোকো মনে মনে বহি নাথাকে। ইৰানেও সমানে প্রত্যাক্রমণ কৰিব বুলি ট্রাম্পক হুংকাৰ দিয়ে।


ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে কয় যে আমি কেতিয়াও শত্রুপক্ষৰ ওচৰত মূৰ তল কৰিব নোৱাৰোঁ। যুদ্ধ বন্ধ কৰা সন্দৰ্ভত আলোচনা কৰা মানেই আত্মসমর্পণ কৰা নুবুজায় বুলি উল্লেখ কৰি পেজেস্কিয়ানে কয় যে আমেৰিকাই যুদ্ধ বন্ধ কৰাৰ বাবে ইৰানক দিয়া প্রস্তাৱ স্বীকাৰ কৰা আৰু আত্মসমর্পণ কৰা একে কথা। উল্লেখযোগ্য যে ইৰান আৰু আমেৰিকাৰ মাজৰ যুদ্ধই দুমাহ উকলি গ'ল। বর্তমান যুদ্ধ-বিৰতি চলি আছে যদিও ছেগা-চোৰোকাকৈ আক্রমণ-প্রত্যাক্রমণ অব্যাহত আছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ