ডিজিটেল ডেস্কঃ কুমাওঁ হিমালয়ৰ গৰি গংগা অঞ্চলত ৭৭টা নতুন হিমবাহ গলিত পানীৰ হ্ৰদ আৱিষ্কাৰ কৰা হয়। সেই হ্ৰদবোৰ যিকোনো মুহূৰ্ততে হড়পা বানৰ কাৰণ হ’ব পাৰে। ফলত উত্তৰাখণ্ডৰ বিশাল অঞ্চলৰ জনজীৱন প্ৰভাৱিত হ’ব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে।
কুমাওঁ বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকে কৰা এক সমীক্ষাত এই ৭৭টা নতুন হ্ৰদ বিচাৰি পোৱাৰ তথ্য পোহৰলৈ আহিছে। ৩৫০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত এই হ্ৰদসমূহ যোৱা তিনিটা দশকৰ ভিতৰত অৰ্থাৎ ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত বৰফ গলিত গঠন হোৱা বুলি অনুমান কৰা হৈছে।
উত্তৰাখণ্ডৰ গৰি গংগা অঞ্চল মূলতঃ মিলাম, গংখা, ৰালাম, লাৱন আৰু মাৰ্তোলি হিমবাহেৰে গঠিত। এই ৭৭টা বিলৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদটো গোংখাত পোৱা গৈছে। এই হ্ৰদটোৰ ব্যাস ২.৭ কিলোমিটাৰ।
কুমাওঁ বিশ্ববিদ্যালয়ৰ অধ্যয়নত উল্লেখ আছে, “ভৱিষ্যত যিকোনো ভূতাত্ত্বিক কাৰ্য্যকলাপৰ ফলত হ্ৰদটোৰ বান্ধটো ফাটি যাব পাৰে। যিয়ে হড়পা বানৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।''
কুমাওঁ বিশ্ববিদ্যালয়ৰ নৈনিতাল কেম্পাছৰ ভূগোলৰ অধ্যাপক দেৱেন্দ্ৰ পৰিহাৰে কয় যে ২০২০ চনলৈকে হিমবাহৰ গলিত পানীৰে নিৰ্মিত ৭৭টা হ্ৰদ আৱিষ্কাৰ কৰা হৈছিল। ইয়াৰে সৰ্বোচ্চ ৩৬টা হ্ৰদ মিলামত, ৭টা হ্ৰদ গনখাত, ২৫টা ৰলামত, ৩টা লাৱানত আৰু ৬টা হ্ৰদ মাৰ্টোলি অঞ্চলত।
অৱশ্যে এই হ্ৰদসমূহে গোৰি গংগা অঞ্চলতো বিপুল ক্ষতি কৰিব পাৰে বুলি দেৱেন্দ্ৰই কয়। তেওঁৰ ভাষাত “গৰি গংগা অঞ্চলত যোৱা ১০ বছৰত বহু হড়পা বান দেখা গৈছে। ফলত সম্পত্তি আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হৈছে। এতিয়া এই হ্ৰদবোৰৰ বাবে যদি হড়পা বান আহে তেন্তে ই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন বিপন্ন কৰিব পাৰে।''
সঘনাই হোৱা বানপানীৰ বাবে জিলা প্ৰশাসনে টলি, লুমটি, মাৱানী, ডবৰি, বৰাম, চানা, ভাডেলী, ডানি বাগ, ছেৰা, ৰোপাৰ, ছেৰাঘাট, বাগীচাবগড়, উমাদগড়, বঙাপানী, দেৱীবাগকে ধৰি কেইবাখনো গাঁও দুৰ্যোগ প্ৰৱণ বুলি ঘোষণা কৰিছে।
২০২১ চনৰ নৱেম্বৰ মাহত চামৌলীত হড়পা বানৰ বাবে প্ৰায় ২০০ লোকৰ মৃত্যু হৈছিল। উত্তৰাখণ্ড দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হিচাপ অনুসৰি, উত্তৰাখণ্ডৰ উচ্চ পাহাৰীয়া অঞ্চলত এহেজাৰৰো অধিক হিমবাহ আৰু ১২০০ৰো অধিক সৰু হিমবাহৰ গলিত পানীৰ হ্ৰদ আছে।
প্ৰসংগক্ৰমে, উত্তৰাখণ্ডৰ যোশীমঠতো ২ জানুৱাৰীৰ পৰা জনজীৱন ব্যাহত হৈ পৰিছে। সেই গুৰুত্বপূৰ্ণ চহৰ গড়োৱাল হিমালয়ৰ ৮০০ৰো অধিক ঘৰত ফাট মেলিছে। মহানগৰীৰ ৰাস্তা-মন্দিৰ-ভূমিত দেখা গৈছে বহল ফাঁট। সেই চহৰৰ বহু লোক ভয়ত নিশাটোৰ ভিতৰতে গৃহহীন হৈ পৰিল। আশ্ৰয় শিবিৰত আচে তেওঁলোক। বহু পৰিয়ালক সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই পৰিস্থিতিৰ বাবে প্ৰশাসনে কৰা উন্নয়নক জগৰীয়া কৰে স্থানীয় ৰাইজে।