--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ এখন বিশেষ আদালতে সোমবাৰে অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰক তেওঁৰ পিতৃৰ অন্তিম সংস্কাৰ কৰাৰ বাবে মানৱীয় ভিত্তিত জামিন প্ৰদান কৰে৷ 

উল্লেখযোগ্য যে কনিষ্ঠ ৰাষ্ট্ৰীয় মল্লযুদ্ধ চেম্পিয়ন সাগৰ ধনকাৰৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত হিচাপে বন্দী মল্লযোদ্ধা সুশীল কুমাৰক আদালতে চাৰিদিনীয়া অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে। 

সুশীল কুমাৰ ২০২১ৰ ২ জুনৰ পৰা ন্যায়িক জিম্মাত আছে৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ শিৱাজী আনন্দে কয় যে অভিযুক্তজনৰ পিতৃৰ মৃত্যুৰ কথা বিবেচনা কৰি আৰু তেওঁৰ অন্তিম সংস্কাৰ কৰাৰ বাবে মানৱীয় ভিত্তিত আবেদনকাৰী বা অভিযুক্তক কেৱল একে পৰিমাণৰ দুটা জামিনৰ সৈতে ১ লাখ টকাৰ ব্যক্তিগত বণ্ড প্ৰদান কৰাৰ বিনিময়ত ৬ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ অন্তৱৰ্তীকালীন জামিনত মুকলি কৰা হ'ব৷

ন্যায়াধীশগৰাকীয়ে আৰু লগতে কয় যে সাক্ষীসকলৰ নিৰাপত্তাৰ কথা আৰু কুমাৰৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা বিবেচনা কৰি কমেও দুজন সুৰক্ষা কৰ্মীয়ে তেওঁৰ সৈতে ২৪ ঘণ্টাই সংগ দিব। কুমাৰ আৰু অন্যান্য সহযোগীসকলৰ বিৰুদ্ধে সম্পত্তিৰ বিবাদৰ অভিযোগত ৪ মে, ২০২১ তাৰিখে চহৰৰ ছত্ৰশাল ষ্টেডিয়ামৰ পাৰ্কিং লটত প্ৰাক্তন কনিষ্ঠ ৰাষ্ট্ৰীয় কুস্তি চেম্পিয়ন সাগৰ ধনকাৰ আৰু তেওঁৰ বন্ধু জয় ভগৱান আৰু ভগতক আক্ৰমণ কৰাৰ অভিযোগ আছে। 

সেই ঘটনাতে ধনকাৰে পিছত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। আদালতে বিগত বৰ্ষত ১২ অক্টোবৰত কুমাৰ আৰু আন ১৭ জনৰ বিৰুদ্ধে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অপৰাধৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক