--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিমান বন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ মুখ কার্যালয় বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনলৈ আহে কেন্দ্রীয় মন্ত্রী শ্বাহ। ইয়াত তেওঁ ৰাজ্যিক বিজেপিৰ কর্ণধাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে দলীয় নেতাসকলৰ সৈতে নৈশ আহাৰো গ্ৰহণ কৰে।

ডিজিটেল ডেস্কঃ অনাগত বিধানসভা নির্বাচনলৈ মাজত মাথোঁ আৰু ছমাহ আছে। এনে সময়তে প্রাক নির্বাচনী বতাহ গৰম কৰি নিৰ্বাচনী ৰণডংকা বজোৱাৰ বাবে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্রীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ।


বিশেষ বিমানযোগে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাই।


বিমান বন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ মুখ কার্যালয় বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনলৈ আহে কেন্দ্রীয় মন্ত্রী শ্বাহ। ইয়াত তেওঁ ৰাজ্যিক বিজেপিৰ কর্ণধাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে দলীয় নেতাসকলৰ সৈতে নৈশ আহাৰো গ্ৰহণ কৰে। আজি মন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত হৈ হ'ব লগীয়া এন ডি এৰ বিশাল পঞ্চায়ত প্রতিনিধি সন্মিলন সম্বোধন কৰি আনুষ্ঠানিকভাবে নির্বাচনী ৰণডংকা বজাব। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে ক'ৰ কমিটীৰ বৈঠকত বিশেষভাৱে অনাগত বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিকে সফলভাবে ৰূপায়ণত গুৰুত্ব দিয়াৰ লগতে তৃণমূল পর্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে।


আনহাতে তৃতীয়বাৰৰ বাবে যাতে শাসনলৈ আহি দলটোৱে হেটত্রিক অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে এতিয়াৰে পৰাই দলীয় নেতা-কর্মীসকলক দিনে-নিশাই কাম কৰিবলৈ আহ্বান জনাই তেওঁ লগতে বিৰোধী দলবোৰে চৰকাৰখনক যাতে সমালোচনা কৰিবলৈ সুবিধা নাপায় সেই ক্ষেত্রতো লক্ষ্য ৰাখিবলৈ কয়। সূত্ৰটোৰ মতে কালিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূলতঃ নির্বাচনত জয়ী হোৱাৰ কৌশল শিকাই ৰাজ্যিক বিজেপিৰ নেতাসকলক। কিদৰে বিৰোধীক ধৰাশায়ী কৰিব পাৰি তাৰ কিছু পৰামৰ্শ দি তেওঁ লগতে প্ৰতিজন সাধাৰণ লোকেই যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবলৈকো কয়।


উল্লেখযোগ্য যে বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম বৰ্তাই ৰাখি অনাগত বিধানসভাৰ নিৰ্বাচনত আঞ্চলিক দল অগপ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতা ৰক্ষা কৰি চলিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে সমীক্ষাৰ ভিত্তিতহে দলীয় টিকট প্রদান কৰিব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিগত সময়ছোৱাত বহুবাৰ প্ৰকাশ কৰিছে। ইতিমধ্যে দলটোৱে দুটাকৈ সমীক্ষা সম্পূর্ণ কৰিছে। অনাগত দিনত আৰু দুটা সমীক্ষা চলাব গেৰুৱা দলটোৱে। উক্ত সকলোবোৰ সমীক্ষা চালি-জাৰি চাইহে দলটোৱে এইবাৰ দলীয় টিকট প্রদান কৰিব। এনে পৰিস্থিতিত সমষ্টিত ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে মন্ত্ৰী-বিধায়কেও এইবাৰ প্রার্থিত্ব লাভ নকৰিব। সেই অনুসৰি বিজেপিৰ প্ৰায়সংখ্যক মন্ত্রী বিধায়কেই ইতিমধ্যে নিজৰ নিজৰ সমষ্টিত নামি পৰিছে। ৰাজ্য চৰকাৰখনেও অহা মাহৰ পৰাই বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ লগতে নিযুক্তি পৰ্ব আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিৰ মাজতেই আজি কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ অসম আগমন বিশেষ লক্ষণীয় হৈ পৰিছে। মন কৰিব লগীয়া কথা যে অহা তেৰ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। এনে পৰিস্থিতিত এটা পষেকতে দুয়োগৰাকীকৈ নেতাৰ অসম অগমনে অনাগত দিনত ৰাজ্যৰ ৰাজনৈতিক বতাহ যে গৰম কৰি তুলিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!