--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিমান বন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ মুখ কার্যালয় বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনলৈ আহে কেন্দ্রীয় মন্ত্রী শ্বাহ। ইয়াত তেওঁ ৰাজ্যিক বিজেপিৰ কর্ণধাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে দলীয় নেতাসকলৰ সৈতে নৈশ আহাৰো গ্ৰহণ কৰে।

ডিজিটেল ডেস্কঃ অনাগত বিধানসভা নির্বাচনলৈ মাজত মাথোঁ আৰু ছমাহ আছে। এনে সময়তে প্রাক নির্বাচনী বতাহ গৰম কৰি নিৰ্বাচনী ৰণডংকা বজোৱাৰ বাবে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হৈছেহি কেন্দ্রীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ।


বিশেষ বিমানযোগে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাই।


বিমান বন্দৰৰ পৰা পোনে পোনে ৰাজ্যিক বিজেপিৰ মুখ কার্যালয় বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনলৈ আহে কেন্দ্রীয় মন্ত্রী শ্বাহ। ইয়াত তেওঁ ৰাজ্যিক বিজেপিৰ কর্ণধাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে দলীয় নেতাসকলৰ সৈতে নৈশ আহাৰো গ্ৰহণ কৰে। আজি মন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত হৈ হ'ব লগীয়া এন ডি এৰ বিশাল পঞ্চায়ত প্রতিনিধি সন্মিলন সম্বোধন কৰি আনুষ্ঠানিকভাবে নির্বাচনী ৰণডংকা বজাব। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে ক'ৰ কমিটীৰ বৈঠকত বিশেষভাৱে অনাগত বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন আঁচনিকে সফলভাবে ৰূপায়ণত গুৰুত্ব দিয়াৰ লগতে তৃণমূল পর্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ নিৰ্দেশ দিয়ে।


আনহাতে তৃতীয়বাৰৰ বাবে যাতে শাসনলৈ আহি দলটোৱে হেটত্রিক অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে এতিয়াৰে পৰাই দলীয় নেতা-কর্মীসকলক দিনে-নিশাই কাম কৰিবলৈ আহ্বান জনাই তেওঁ লগতে বিৰোধী দলবোৰে চৰকাৰখনক যাতে সমালোচনা কৰিবলৈ সুবিধা নাপায় সেই ক্ষেত্রতো লক্ষ্য ৰাখিবলৈ কয়। সূত্ৰটোৰ মতে কালিৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূলতঃ নির্বাচনত জয়ী হোৱাৰ কৌশল শিকাই ৰাজ্যিক বিজেপিৰ নেতাসকলক। কিদৰে বিৰোধীক ধৰাশায়ী কৰিব পাৰি তাৰ কিছু পৰামৰ্শ দি তেওঁ লগতে প্ৰতিজন সাধাৰণ লোকেই যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবলৈকো কয়।


উল্লেখযোগ্য যে বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম বৰ্তাই ৰাখি অনাগত বিধানসভাৰ নিৰ্বাচনত আঞ্চলিক দল অগপ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতা ৰক্ষা কৰি চলিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে সমীক্ষাৰ ভিত্তিতহে দলীয় টিকট প্রদান কৰিব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিগত সময়ছোৱাত বহুবাৰ প্ৰকাশ কৰিছে। ইতিমধ্যে দলটোৱে দুটাকৈ সমীক্ষা সম্পূর্ণ কৰিছে। অনাগত দিনত আৰু দুটা সমীক্ষা চলাব গেৰুৱা দলটোৱে। উক্ত সকলোবোৰ সমীক্ষা চালি-জাৰি চাইহে দলটোৱে এইবাৰ দলীয় টিকট প্রদান কৰিব। এনে পৰিস্থিতিত সমষ্টিত ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে মন্ত্ৰী-বিধায়কেও এইবাৰ প্রার্থিত্ব লাভ নকৰিব। সেই অনুসৰি বিজেপিৰ প্ৰায়সংখ্যক মন্ত্রী বিধায়কেই ইতিমধ্যে নিজৰ নিজৰ সমষ্টিত নামি পৰিছে। ৰাজ্য চৰকাৰখনেও অহা মাহৰ পৰাই বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ লগতে নিযুক্তি পৰ্ব আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এনে পৰিস্থিতিৰ মাজতেই আজি কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ অসম আগমন বিশেষ লক্ষণীয় হৈ পৰিছে। মন কৰিব লগীয়া কথা যে অহা তেৰ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। এনে পৰিস্থিতিত এটা পষেকতে দুয়োগৰাকীকৈ নেতাৰ অসম অগমনে অনাগত দিনত ৰাজ্যৰ ৰাজনৈতিক বতাহ যে গৰম কৰি তুলিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক