--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ১২২ বছৰৰ ভিতৰত আটাইতকৈ উষ্ণ ফেব্ৰুৱাৰী মাহ চলিত বছৰত পোৱা গ’ল। ভাৰতৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ এক প্ৰতিবেদন অনুসৰি ১৯০১ চনৰ পৰা ফেব্ৰুৱাৰী মাহৰ উষ্ণতা ইমান বৃদ্ধি কেতিয়াও দেখা পোৱা নাই।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে যে ফেব্ৰুৱাৰী মাহত উত্তৰ ভাৰত, উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ কেইবাটাও স্থানত উষ্ণতা স্বাভাৱিকতকৈ বহু বেছি আছিল। ক’ব পাৰি যে ফেব্ৰুৱাৰী মাহৰ এনে বতৰে ভয়ংকৰ গৰমৰ আগমনৰ ইংগিত দিয়ে।

বতৰ বিজ্ঞান বিভাগে কয় যে মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত উত্তৰ-পূব ভাৰত, পূব আৰু মধ্য ভাৰত আৰু উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশত স্বাভাৱিক সৰ্বোচ্চ উষ্ণতাৰ সম্ভাৱনা অধিক। লগতে আগন্তুক তিনিমাহত মধ্য আৰু চুবুৰীয়া উত্তৰ-পশ্চিম ভাৰতৰ বহু ঠাইত গৰমৰ ঢৌৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

সমগ্ৰ দেশতে গড় বৰষুণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা বেছি। উত্তৰ-পশ্চিম ভাৰত, পশ্চিম মধ্য ভাৰত আৰু পূব আৰু উত্তৰ-পূব ভাৰতৰ কিছু অংশত স্বাভাৱিকতকৈ কম বৰষুণৰ সম্ভাৱনা আছে। উপকূলীয় ভাৰতৰ অধিকাংশ অঞ্চল, পূব-মধ্য ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ কিছু বিচ্ছিন্ন স্থানত স্বাভাৱিকতকৈ অধিক বৰষুণৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক