--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ১২২ বছৰৰ ভিতৰত আটাইতকৈ উষ্ণ ফেব্ৰুৱাৰী মাহ চলিত বছৰত পোৱা গ’ল। ভাৰতৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ এক প্ৰতিবেদন অনুসৰি ১৯০১ চনৰ পৰা ফেব্ৰুৱাৰী মাহৰ উষ্ণতা ইমান বৃদ্ধি কেতিয়াও দেখা পোৱা নাই।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে যে ফেব্ৰুৱাৰী মাহত উত্তৰ ভাৰত, উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ কেইবাটাও স্থানত উষ্ণতা স্বাভাৱিকতকৈ বহু বেছি আছিল। ক’ব পাৰি যে ফেব্ৰুৱাৰী মাহৰ এনে বতৰে ভয়ংকৰ গৰমৰ আগমনৰ ইংগিত দিয়ে।

বতৰ বিজ্ঞান বিভাগে কয় যে মাৰ্চৰ পৰা মে’ মাহৰ ভিতৰত উত্তৰ-পূব ভাৰত, পূব আৰু মধ্য ভাৰত আৰু উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশত স্বাভাৱিক সৰ্বোচ্চ উষ্ণতাৰ সম্ভাৱনা অধিক। লগতে আগন্তুক তিনিমাহত মধ্য আৰু চুবুৰীয়া উত্তৰ-পশ্চিম ভাৰতৰ বহু ঠাইত গৰমৰ ঢৌৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

সমগ্ৰ দেশতে গড় বৰষুণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা বেছি। উত্তৰ-পশ্চিম ভাৰত, পশ্চিম মধ্য ভাৰত আৰু পূব আৰু উত্তৰ-পূব ভাৰতৰ কিছু অংশত স্বাভাৱিকতকৈ কম বৰষুণৰ সম্ভাৱনা আছে। উপকূলীয় ভাৰতৰ অধিকাংশ অঞ্চল, পূব-মধ্য ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ কিছু বিচ্ছিন্ন স্থানত স্বাভাৱিকতকৈ অধিক বৰষুণৰ সম্ভাৱনা আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই