--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজিয়াবাদৰ ৱেভ চিটি থানা এলেকাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ গোচৰ। গাজিয়াবাদৰ গ্ৰাম্য অঞ্চলৰ ৱেভ চিটি আৰক্ষী থানাৰ বামহেটা গাঁৱত তিনি-চাৰিজন দুস্কৃতিকাৰীয়ে এজন দুগ্ধ পৰিচালকৰ ব্যক্তিগত অংশ কাটি লৈ যায়। ঘটনাটো সংঘটিত হয় যুৱকজন ঘৰত শুই থকা অৱস্থাত।তেওঁৰ বয়স প্ৰায় ৫০ বছৰ ৷ বৰ্তমান তেওঁক চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে ৷  

এই বিষয়ত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ । গাজিয়াবাদত এচিপি ৱেভ চিটি উপাসনা পাণ্ডেয়ে জনোৱা মতে, ভুক্তভোগী সঞ্জয় যাদৱৰ পুত্ৰ ৰাজকুমাৰ যাদৱে থানাত এজাহাৰ দাখিল কৰিছে।

পুত্ৰ ৰাজকুমাৰ যাদৱৰ মতে যোৱা ২৮ ফেব্ৰুৱাৰীত পিতৃ সঞ্জয় যাদৱ নিজৰ ঘৰৰ কোঠাত শুই আছিল। এই সময়ছোৱাত নিশা প্ৰায় ১১:০০ বজাত সঞ্জয় যাদৱৰ ঘৰত তিনি-চাৰিজন যুৱক প্ৰৱেশ কৰে। 


কোঠালৈ গৈ দুৰ্বৃত্তই সঞ্জয় যাদৱক কিবা মাদক দ্ৰব্যৰ গোন্ধ দি অচেতন কৰি পেলায়। সঞ্জয় অচেতন হৈ পৰাত দুস্কৃতিকাৰীয়ে তেওঁৰ গুপ্তাংগ কাটি লৈ যায়। সঞ্জয় যাদৱৰ কান্দোন শুনি তেওঁৰ পৰিয়ালৰলোক আহি পোৱালৈকে, অভিযুক্তই পলাই যায়। ভুক্তভোগী সঞ্জয় যাদৱক প্ৰথমে গাজিয়াবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত এতিয়া তেওঁক মেৰুটত ভৰ্তি কৰা হৈছে।

এই গোচৰত ৰাজকুমাৰ যাদৱৰ পৰা পোৱা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে, বিষয়টোৰ তদন্ত অব্যাহত আছে। মীৰুট চিকিৎসালয়ত সঞ্জয়ৰ অৱস্থা সুস্থিৰ হৈ আছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি আৰু মোবাইল কলৰ জৰিয়তে দুষ্কৃতিকাৰীক আটক কৰিবলৈ চেষ্টা চলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ