--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজিয়াবাদৰ ৱেভ চিটি থানা এলেকাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ গোচৰ। গাজিয়াবাদৰ গ্ৰাম্য অঞ্চলৰ ৱেভ চিটি আৰক্ষী থানাৰ বামহেটা গাঁৱত তিনি-চাৰিজন দুস্কৃতিকাৰীয়ে এজন দুগ্ধ পৰিচালকৰ ব্যক্তিগত অংশ কাটি লৈ যায়। ঘটনাটো সংঘটিত হয় যুৱকজন ঘৰত শুই থকা অৱস্থাত।তেওঁৰ বয়স প্ৰায় ৫০ বছৰ ৷ বৰ্তমান তেওঁক চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে ৷  

এই বিষয়ত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ । গাজিয়াবাদত এচিপি ৱেভ চিটি উপাসনা পাণ্ডেয়ে জনোৱা মতে, ভুক্তভোগী সঞ্জয় যাদৱৰ পুত্ৰ ৰাজকুমাৰ যাদৱে থানাত এজাহাৰ দাখিল কৰিছে।

পুত্ৰ ৰাজকুমাৰ যাদৱৰ মতে যোৱা ২৮ ফেব্ৰুৱাৰীত পিতৃ সঞ্জয় যাদৱ নিজৰ ঘৰৰ কোঠাত শুই আছিল। এই সময়ছোৱাত নিশা প্ৰায় ১১:০০ বজাত সঞ্জয় যাদৱৰ ঘৰত তিনি-চাৰিজন যুৱক প্ৰৱেশ কৰে। 


কোঠালৈ গৈ দুৰ্বৃত্তই সঞ্জয় যাদৱক কিবা মাদক দ্ৰব্যৰ গোন্ধ দি অচেতন কৰি পেলায়। সঞ্জয় অচেতন হৈ পৰাত দুস্কৃতিকাৰীয়ে তেওঁৰ গুপ্তাংগ কাটি লৈ যায়। সঞ্জয় যাদৱৰ কান্দোন শুনি তেওঁৰ পৰিয়ালৰলোক আহি পোৱালৈকে, অভিযুক্তই পলাই যায়। ভুক্তভোগী সঞ্জয় যাদৱক প্ৰথমে গাজিয়াবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত এতিয়া তেওঁক মেৰুটত ভৰ্তি কৰা হৈছে।

এই গোচৰত ৰাজকুমাৰ যাদৱৰ পৰা পোৱা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে, বিষয়টোৰ তদন্ত অব্যাহত আছে। মীৰুট চিকিৎসালয়ত সঞ্জয়ৰ অৱস্থা সুস্থিৰ হৈ আছে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি আৰু মোবাইল কলৰ জৰিয়তে দুষ্কৃতিকাৰীক আটক কৰিবলৈ চেষ্টা চলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু