--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিজেলৰ পৰা বৈদ্যুতিক ইঞ্জিনলৈ স্থানান্তৰিত হোৱাৰ পিছত ভাৰতীয় ৰে’লৱে (আই আৰ) এতিয়া গতিশীলতাৰ নতুন যুগত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। শীঘ্ৰে ভাৰতত হাইড্ৰজেন চালিত ৰে’ল প্ৰৱৰ্তনৰ প্ৰস্তুতি চলাইছে ৰে’ল মন্ত্ৰালয়ে।

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল নিৰ্মাণ কৰিছে চেন্নাইস্থিত ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে (আইচিএফ)। স্বচ্ছ শক্তিৰ উৎস হিচাপে হাইড্ৰজেন ইন্ধন ৰেল ছেটসমূহে শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য সমৰ্থন কৰিবলৈ সেউজ পৰিবহণ প্ৰযুক্তিৰ দিশত বিপুল সুবিধা প্ৰদান কৰিব। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰে’ল মন্ত্ৰালয়ে ৩৫খন হাইড্ৰ’জেন ইন্ধন কোষ ভিত্তিক ৰে’ল নিৰ্মাণৰ বাবে ২৮০০ কোটি টকা আবণ্টন দিছিল।

চলিত মাহত এই ৰে’ল সাজু হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত আইচিএফৰ জেনেৰেল মেনেজাৰ (জিএম) ইউ চুব্বা ৰাৱে কৈছিল, "আমি হাইড্ৰজেন ইন্ধন কোষ ৰেল চেটৰ বাবে এটা ডাঙৰ প্ৰকল্পৰ কাম কৰি আছো। বৰ্তমান আইচিএফত হাইড্ৰজেন ইন্ধন কোষৰ ডবা উৎপাদন কৰা হৈছে। ২৫ মাৰ্চৰ ভিতৰত ৰেল চেট সাজু হোৱাৰ সম্ভাৱনা আছে।"

প্ৰায়বোৰ দেশত ৫০০ৰ পৰা ৬০০ হৰ্চপাৱাৰ (HP) ক্ষমতাৰে হাইড্ৰজেন ৰেল নিৰ্মাণ কৰা হৈছে যদিও ভাৰতে ১২০০ হৰ্চপাৱাৰ (HP) ক্ষমতাসম্পন্ন ইঞ্জিন নিৰ্মাণ কৰি এক অগ্ৰগতি লাভ কৰিছে। এই ইঞ্জিনৰ ক্ষমতা বিশ্বৰ ভিতৰতে সৰ্বাধিক।

উত্তৰ ৰে’লৱেৰ দিল্লী বিভাগক আবণ্টন দিয়া হৈছে প্ৰথমখন হাইড্ৰ’জেন ৰে’ল। ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন্দ-শোনিপাট অংশত চলিব পাৰে এই ৰে’ল ব্যৱস্থা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু