--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিজেলৰ পৰা বৈদ্যুতিক ইঞ্জিনলৈ স্থানান্তৰিত হোৱাৰ পিছত ভাৰতীয় ৰে’লৱে (আই আৰ) এতিয়া গতিশীলতাৰ নতুন যুগত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। শীঘ্ৰে ভাৰতত হাইড্ৰজেন চালিত ৰে’ল প্ৰৱৰ্তনৰ প্ৰস্তুতি চলাইছে ৰে’ল মন্ত্ৰালয়ে।

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল নিৰ্মাণ কৰিছে চেন্নাইস্থিত ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে (আইচিএফ)। স্বচ্ছ শক্তিৰ উৎস হিচাপে হাইড্ৰজেন ইন্ধন ৰেল ছেটসমূহে শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য সমৰ্থন কৰিবলৈ সেউজ পৰিবহণ প্ৰযুক্তিৰ দিশত বিপুল সুবিধা প্ৰদান কৰিব। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰে’ল মন্ত্ৰালয়ে ৩৫খন হাইড্ৰ’জেন ইন্ধন কোষ ভিত্তিক ৰে’ল নিৰ্মাণৰ বাবে ২৮০০ কোটি টকা আবণ্টন দিছিল।

চলিত মাহত এই ৰে’ল সাজু হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত আইচিএফৰ জেনেৰেল মেনেজাৰ (জিএম) ইউ চুব্বা ৰাৱে কৈছিল, "আমি হাইড্ৰজেন ইন্ধন কোষ ৰেল চেটৰ বাবে এটা ডাঙৰ প্ৰকল্পৰ কাম কৰি আছো। বৰ্তমান আইচিএফত হাইড্ৰজেন ইন্ধন কোষৰ ডবা উৎপাদন কৰা হৈছে। ২৫ মাৰ্চৰ ভিতৰত ৰেল চেট সাজু হোৱাৰ সম্ভাৱনা আছে।"

প্ৰায়বোৰ দেশত ৫০০ৰ পৰা ৬০০ হৰ্চপাৱাৰ (HP) ক্ষমতাৰে হাইড্ৰজেন ৰেল নিৰ্মাণ কৰা হৈছে যদিও ভাৰতে ১২০০ হৰ্চপাৱাৰ (HP) ক্ষমতাসম্পন্ন ইঞ্জিন নিৰ্মাণ কৰি এক অগ্ৰগতি লাভ কৰিছে। এই ইঞ্জিনৰ ক্ষমতা বিশ্বৰ ভিতৰতে সৰ্বাধিক।

উত্তৰ ৰে’লৱেৰ দিল্লী বিভাগক আবণ্টন দিয়া হৈছে প্ৰথমখন হাইড্ৰ’জেন ৰে’ল। ৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিন্দ-শোনিপাট অংশত চলিব পাৰে এই ৰে’ল ব্যৱস্থা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ