--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • টোপনিৰ অভাৱৰ বাবে বহুতো মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে।

ডিজিটেল ডেস্ক : গোটেই দিনটো ভাগৰুৱা হৈ থাকিলেও বহুলোকৰ ভালদৰে টোপনি নাহে। অনিদ্ৰাৰ বাবে বহু লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। টোপনিৰ অভাৱৰ বাবে বহুতো মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে শ্লিপিং টেবলেট খায়।


যদি আপুনি কেইবাদিনৰ পৰা অনিদ্ৰাৰ সমস্যাত ভুগি আছে বা ঘৰত শান্তি পোৱা নাই তেন্তে ইয়াৰ কাৰণ বাস্তু দোষ হ’ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শোৱা কোঠাৰ বাস্তুৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। শোৱা কোঠাত কি কি বস্তু ৰাখিব নালাগে সেই বিষয়েও আপুনি সজাগ হ'ব লাগিব।


উপায় সমূহ এনেধৰণৰ:


শোৱা কোঠাত আইনা নাৰাখিব । যদি আপোনাৰ শোৱা কোঠাত বা আপোনাৰ ড্ৰেছিং টেবুলত আইনা থাকে তেন্তে ই আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। যদি আপুনি সেই আইনাখন আঁতৰাব নোৱাৰে তেন্তে কাপোৰেৰে ঢাকি থওক যাতে শুই থকাৰ সময়ত আপোনাৰ চকুত নপৰে । কেৱল এয়াই নহয়, শোৱা কোঠাত ঝাৰু ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তিৰ জন্ম হয়।


যদি আপুনি আপোনাৰ শোৱা কোঠাত টিভি বা কম্পিউটাৰৰ দৰে ইলেক্ট্ৰনিক সামগ্ৰী ৰাখে তেন্তে ইয়াক বাস্তুৰ দোষ বুলি গণ্য কৰা হয়। যদি এইবোৰ আপোনাৰ কোঠাত থাকে তেন্তে এতিয়াই উলিয়াই দিয়ক। ইয়াৰ বাবে আপোনাৰ টোপনি নোহোৱাৰ সমস্যা যথেষ্ট বৃদ্ধি পায় আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পৰে।



যদি আপুনি যোৱা কেইদিনমানৰ পৰা অনিদ্ৰাৰ সমস্যাত ভুগি আছে তেন্তে আপুনি আপোনাৰ শোৱা কোঠাৰ বিচনাৰ দিশটো পৰীক্ষা কৰক। এটা কথা মন কৰিবলগীয়া যে বিচনাখন কেতিয়াও উত্তৰ-পূব দিশত থাকিব নালাগে শোৱা কোঠাৰ বিছনা সদায় বাস্তু শাস্ত্ৰ অনুযায়ী দক্ষিণ-পশ্চিমমুৱা হোৱা উচিত। এইটোও এটা বাস্তু দোষ আৰু যাৰ ফলত আপুনি অনিদ্ৰাৰ সমস্যাত ভুগিব পাৰে ।



বাস্তু শাস্ত্ৰৰ মতে বিচনাত খাদ্য খোৱাৰ ফলত বাস্তু দোষ বৃদ্ধি পায় আৰু টোপনি বিঘ্নিত হয়। খাদ্য সদায় বিচনাৰ পৰা আঁতৰত আৰু পৰিয়ালৰ সদস্যৰ লগত বহি খাব লাগে। এনে কৰিলে আপুনি মনৰ শান্তি লাভ কৰিব আৰু আপোনাৰ মগজুও শান্ত হৈ পৰিব, যাৰ ফলত আপোনাৰ টোপনি ভাল হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু