--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • টোপনিৰ অভাৱৰ বাবে বহুতো মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে।

ডিজিটেল ডেস্ক : গোটেই দিনটো ভাগৰুৱা হৈ থাকিলেও বহুলোকৰ ভালদৰে টোপনি নাহে। অনিদ্ৰাৰ বাবে বহু লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। টোপনিৰ অভাৱৰ বাবে বহুতো মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে শ্লিপিং টেবলেট খায়।


যদি আপুনি কেইবাদিনৰ পৰা অনিদ্ৰাৰ সমস্যাত ভুগি আছে বা ঘৰত শান্তি পোৱা নাই তেন্তে ইয়াৰ কাৰণ বাস্তু দোষ হ’ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শোৱা কোঠাৰ বাস্তুৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। শোৱা কোঠাত কি কি বস্তু ৰাখিব নালাগে সেই বিষয়েও আপুনি সজাগ হ'ব লাগিব।


উপায় সমূহ এনেধৰণৰ:


শোৱা কোঠাত আইনা নাৰাখিব । যদি আপোনাৰ শোৱা কোঠাত বা আপোনাৰ ড্ৰেছিং টেবুলত আইনা থাকে তেন্তে ই আপোনাৰ টোপনিত ব্যাঘাত জন্মাব পাৰে। যদি আপুনি সেই আইনাখন আঁতৰাব নোৱাৰে তেন্তে কাপোৰেৰে ঢাকি থওক যাতে শুই থকাৰ সময়ত আপোনাৰ চকুত নপৰে । কেৱল এয়াই নহয়, শোৱা কোঠাত ঝাৰু ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তিৰ জন্ম হয়।


যদি আপুনি আপোনাৰ শোৱা কোঠাত টিভি বা কম্পিউটাৰৰ দৰে ইলেক্ট্ৰনিক সামগ্ৰী ৰাখে তেন্তে ইয়াক বাস্তুৰ দোষ বুলি গণ্য কৰা হয়। যদি এইবোৰ আপোনাৰ কোঠাত থাকে তেন্তে এতিয়াই উলিয়াই দিয়ক। ইয়াৰ বাবে আপোনাৰ টোপনি নোহোৱাৰ সমস্যা যথেষ্ট বৃদ্ধি পায় আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পৰে।



যদি আপুনি যোৱা কেইদিনমানৰ পৰা অনিদ্ৰাৰ সমস্যাত ভুগি আছে তেন্তে আপুনি আপোনাৰ শোৱা কোঠাৰ বিচনাৰ দিশটো পৰীক্ষা কৰক। এটা কথা মন কৰিবলগীয়া যে বিচনাখন কেতিয়াও উত্তৰ-পূব দিশত থাকিব নালাগে শোৱা কোঠাৰ বিছনা সদায় বাস্তু শাস্ত্ৰ অনুযায়ী দক্ষিণ-পশ্চিমমুৱা হোৱা উচিত। এইটোও এটা বাস্তু দোষ আৰু যাৰ ফলত আপুনি অনিদ্ৰাৰ সমস্যাত ভুগিব পাৰে ।



বাস্তু শাস্ত্ৰৰ মতে বিচনাত খাদ্য খোৱাৰ ফলত বাস্তু দোষ বৃদ্ধি পায় আৰু টোপনি বিঘ্নিত হয়। খাদ্য সদায় বিচনাৰ পৰা আঁতৰত আৰু পৰিয়ালৰ সদস্যৰ লগত বহি খাব লাগে। এনে কৰিলে আপুনি মনৰ শান্তি লাভ কৰিব আৰু আপোনাৰ মগজুও শান্ত হৈ পৰিব, যাৰ ফলত আপোনাৰ টোপনি ভাল হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ