--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে।

ডিজিটেল ডেস্ক : সাধাৰণতে আইচক্ৰীম সকলোৰে প্ৰিয় বুলি ক'লেও ভুল কোৱা নহ'ব। গৰম দিনত আইচক্ৰীম খাবলৈ সকলোৱে ভাল পায়। কিন্তু আপুনি জানেনে যে অত্যধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ?


লগতে হ'ব পাৰে ভয়ংকৰ বিপদ। আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে। এতিয়া জানো আহক আইচক্ৰীমৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে -



ডায়েবেটিচ - বৰ্তমান সময়ত বহু লোকে ডায়েবেটিচত ভোগা দেখা যায়। অত্যধিক আইচক্ৰীম গ্ৰহণ কৰাৰ ফলত আপুনি ডায়েবেটিচৰ সমস্যাত ভুগিব পাৰে। কিয়নো আইচক্ৰীমত যথেষ্ট পৰিমাণৰ চেনি থাকে, যিয়ে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যাৰ ফলত ডায়েবেটিচৰ হোৱাৰ ভয় থাকে।


ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল - আইচক্ৰীমে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। অত্যধিক আইচক্ৰীম গ্ৰহণে ডিঙিৰ বিষ, কাহ আৰু চৰ্দি, জ্বৰৰ দৰে সমস্যাৰ সৃষ্টি কৰে। সেয়ে গৰম দিনত আইচক্ৰীম খোৱাৰ পৰিৱৰ্তে অত্যধিক পানী সেৱন কৰিব লাগে।


মেদবহুলতা - বৰ্তমান সময়ত মেদবহুলতা সকলোৰে বাবে এক সমস্যাত পৰিণত হৈছে। অত্যধিক আইচক্ৰীম গ্ৰহণ কৰিলেও মেদবহুলতাৰ দৰে সমস্যাত ভুগিব পাৰে। গ্ৰীষ্মকালত অত্যধিক আইচক্ৰীম সেৱনে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে। কিয়নো ২-৩ স্কুপ আইচক্ৰীমত ১০০০ তকৈ অধিক কেলৰি থাকে। এনে পৰিস্থিতিত যদি আপুনি বেছিকৈ আইচক্ৰীম খায়, তেনেহ'লে ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।


হৃদৰোগৰ আশংকা: অত্যধিক পৰিমাণে আইসক্রিম খালে হৃদৰোগৰ আশংকা বাঢ়িব পাৰে, কিয়নো ইয়াত সংপৃক্ত চৰ্বি থাকে। আইচক্ৰীম খোৱাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয় ৷ যাৰ ফলত আপুনি হৃদৰোগৰ আশংকাত সহজে ভুগিব লগা হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ