--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে।

ডিজিটেল ডেস্ক : সাধাৰণতে আইচক্ৰীম সকলোৰে প্ৰিয় বুলি ক'লেও ভুল কোৱা নহ'ব। গৰম দিনত আইচক্ৰীম খাবলৈ সকলোৱে ভাল পায়। কিন্তু আপুনি জানেনে যে অত্যধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ?


লগতে হ'ব পাৰে ভয়ংকৰ বিপদ। আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে। এতিয়া জানো আহক আইচক্ৰীমৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে -



ডায়েবেটিচ - বৰ্তমান সময়ত বহু লোকে ডায়েবেটিচত ভোগা দেখা যায়। অত্যধিক আইচক্ৰীম গ্ৰহণ কৰাৰ ফলত আপুনি ডায়েবেটিচৰ সমস্যাত ভুগিব পাৰে। কিয়নো আইচক্ৰীমত যথেষ্ট পৰিমাণৰ চেনি থাকে, যিয়ে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যাৰ ফলত ডায়েবেটিচৰ হোৱাৰ ভয় থাকে।


ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল - আইচক্ৰীমে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে। অত্যধিক আইচক্ৰীম গ্ৰহণে ডিঙিৰ বিষ, কাহ আৰু চৰ্দি, জ্বৰৰ দৰে সমস্যাৰ সৃষ্টি কৰে। সেয়ে গৰম দিনত আইচক্ৰীম খোৱাৰ পৰিৱৰ্তে অত্যধিক পানী সেৱন কৰিব লাগে।


মেদবহুলতা - বৰ্তমান সময়ত মেদবহুলতা সকলোৰে বাবে এক সমস্যাত পৰিণত হৈছে। অত্যধিক আইচক্ৰীম গ্ৰহণ কৰিলেও মেদবহুলতাৰ দৰে সমস্যাত ভুগিব পাৰে। গ্ৰীষ্মকালত অত্যধিক আইচক্ৰীম সেৱনে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে। কিয়নো ২-৩ স্কুপ আইচক্ৰীমত ১০০০ তকৈ অধিক কেলৰি থাকে। এনে পৰিস্থিতিত যদি আপুনি বেছিকৈ আইচক্ৰীম খায়, তেনেহ'লে ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে।


হৃদৰোগৰ আশংকা: অত্যধিক পৰিমাণে আইসক্রিম খালে হৃদৰোগৰ আশংকা বাঢ়িব পাৰে, কিয়নো ইয়াত সংপৃক্ত চৰ্বি থাকে। আইচক্ৰীম খোৱাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয় ৷ যাৰ ফলত আপুনি হৃদৰোগৰ আশংকাত সহজে ভুগিব লগা হ'ব পাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু