--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ তালিবানৰ কাবুল নিয়ন্ত্ৰণে ভাৰত আৰু আফগানিস্তানৰ মাজত বাণিজ্যিক সম্পৰ্কৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা ক্ৰমত অধিক ঘণীভূত হৈছে। দুয়োখন দেশৰ মাজত অৰ্থনৈতিক ভাৰসাম্যহীনতাই বৃহৎ প্ৰত্যাহ্বান হিচাবে থিয় দিয়াৰ আশংকা কৰা হৈছে। উল্লেখ্য যে, দুয়োখন দেশৰ মাজত সামগ্ৰী পৰিবহণৰ বাট বৰ্তমান বন্ধ হৈ আছে। বিগত কিছুদিনৰ পৰা আমদানি-ৰপ্তানি বন্ধ হৈ আছে দেশ দুখনৰ মাজত। ফেডাৰেশ্যন অব্ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনে শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে।


কোম্পানীটোৰ সঞ্চালক প্ৰধানে সদৰী কৰে যে, ‘তালিবানে পাকিস্তানত সামগ্ৰী পৰিবহণ কৰা পথটো বন্ধ কৰি দিছে। সেই পথটোৰে আফগানিস্তানৰ পৰা ভাৰতলৈ সামগ্ৰী আমদানি কৰিবলৈ ব্যৱহাৰ কৰিছিল। কিন্তু বিগত কিছুদিনৰ পৰা বন্ধ হৈ আছে পথটি।’ তেওঁ লগতে কয় যে, ‘বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক চলি আহিছে। আমি এইক্ষেত্ৰত আফগানিস্তানৰ আটাইতকৈ নিৰ্ভৰযোগ্য সহযোগী। ২০২১ চনত, আফগানিস্তানলৈ আমাৰ দেশে ৰপ্তানি কৰিছিল ৮৩.৫ কোটি ডলাৰ। আমি দেশখনৰ পৰা ৫১ কোটি ডলাৰ মূল্যৰ সামগ্ৰী আমদানি কৰিছিলো।’


ইয়াৰোপৰি, ভাৰতে দেশখনৰ সৈতে ৩০০ কোটি ডলাৰ বিনিয়োগ কৰা বুলিও প্ৰকাশ কৰিছে সঞ্চালক প্ৰাধানগৰাকীয়ে। জানিবলৈ পোৱা মতে, চেনী, ঔষধ, কাপোৰ, চাহ, কফি, মচলা, ট্ৰান্সমিটাৰ টাৱাৰৰ দৰে সামগ্ৰী ৰপ্তানি কৰি আহিছে। আনহাতে, শুকান ফলৰ ক্ষেত্ৰতো ভাৰত আফগানিস্তানৰ ওপৰত অতি নিৰ্ভৰশীল। গতিকে, তালিবানী আগ্ৰাসনৰ সমান্তৰালকৈ দেশৰ অৰ্থনৈতিক বিনিয়োগ সম্পৰ্কীয় কথাবোৰে ভৱিষ্যতে কেনেধৰণৰ প্ৰভাৱ পেলায়, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ