--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ অশান্তজৰ্জৰ আফগানিস্তান! দেশৰ গণতান্ত্ৰিক চৰকাৰখনক বলপূৰ্বকভাৱে গাদীচ্যুত কৰি ক্ষমতা দখল কৰিছে তালিবানে। প্ৰাণৰ মমতাত দেশ এৰিছে অধিকাংশ আফগানীয়ে। মৃত্যু হৈছে বহু নাগৰিকৰ, ইয়াৰ মাজতে আশাৰ পোহৰ ছটিয়াইছে জাকিয়া খুদাদাদীয়ে। দেশৰ হৈ পেৰা অলিম্পিকত টাইকোৱাণ্ডোত অংশগ্ৰহণ কৰিব বিচাৰিছিল জাকিয়াই। কিন্তু আন্তঃৰ্জাতিক বিমানসেৱা বন্ধ হোৱা বাবে পেৰা অলিম্পিকলৈ ৰাওনা হোৱাৰ স্বপ্নম্লান পৰি ৰ’ল জাকিয়াৰ।

উল্লেখ্য যে, জাকিয়াই আফগানিস্তানৰ পৰা প্ৰথমবাৰৰ বাবে মহিলা পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিছিল। জাকিয়াৰ উপৰি পেৰা অলিম্পিকক আফগানিস্তানৰ ডিছকাছ থ্ৰ'য়াৰ হোছেইন ৰাছাউলীয়ে প্ৰতিনিধিত্ব কৰিছিল। হোছেইন ৰাছাউলীৰ সৈতে অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিল জাকিয়াই। কিন্তু দেশৰ সাম্প্ৰতিক পৰিস্থিতিত জাপান অভিমুখে ৰাওনা হোৱাত চৰম অনিশ্চয়তাই দেখা দিছে।


তালিবানে দেশখনত ক্ষমতা দখল কৰাৰ পাছত আন্তৰ্জাতিক বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে কিছুমান দেশে আফগানিস্তানত বাস কৰা তেওঁলোকৰ নিজৰ দেশৰ নাগৰিকসকলক ওভতাই আনিবলৈ উৰা মাৰিছে। অৱশ্যে, বেছিভাগ আফগানৰ বাবে দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। ফলস্বৰূপে, জাকিয়া আৰু ৰাছাউলীয়ে দেশখনক প্ৰতিনিধিত্ব কৰিবলৈ জাপানলৈ কৰিবলগীয়া যাত্ৰা পথ প্ৰায় বন্ধ হৈ পৰিছে। এই সন্দৰ্ভত ৰাছাউলীয়ে সদৰী কৰে যে, ‘এই সময়ত কাবুল এৰি যোৱাটো সম্ভৱ নহয়।’যুদ্ধবিধ্বস্ত আফগানিস্তান ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। ক্ৰিকেটে লাহে লাহে মূৰ দাঙি উঠিছে। কিন্তু ৰাজনৈতিক অস্থিৰতাই বাৰে বাৰে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ