--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো পৰিছে। ইয়াৰ ফলত দেশত শীতৰ প্রকোপ হ্রাস পোৱাৰ লগতে স্বাভাৱিক গড় তাপমাত্রাও বৃদ্ধি পাইছে। 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি)ৰ মতে এইবাৰ দেশত বসন্ত কাল নাহিবও পাৰে। আই এম ডিৰ সঞ্চালক প্রধান ড° মৃত্যুঞ্জয় মহাপাত্রই কয়, 'ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহ অর্থাৎ ২০ দিনৰ পাছৰ পৰা তাপমাত্রা ইমান বৃদ্ধি পাব যে গ্ৰীষ্মকালৰ দৰে লাগিব।' 

উল্লেখযোগ্য যে এই বছৰৰ প্ৰথম মাহটো ইতিহাসৰ আটাইতকৈ গৰম জানুৱাৰী আছিল। জানুৱাৰীত দেশত গড় তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ১ ডিগ্রী চেলচিয়াছ অর্থাৎ ১৮.০৪ ডিগ্রী চেলচিয়াছ  আছিল।

 জানুৱাৰীত দেশত স্বাভাৱিক অৱস্থাতকৈ ৭০% কম বৰষুণ হয়। সাধাৰণতে ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা এপ্ৰিলৰ প্ৰথম ভাগলৈকে ৪৫-৬০দিন বৰ বেছি ঠাণ্ডাও নহয় গৰমো নহয়। এইসময়ছোৱাকে বসন্ত কাল বুলি কোৱা হয়। এতিয়া বসন্ত কাল দ্রুতগতিত হ্রাস পাইছে। আনহাতে দেশৰ পাহাৰীয়া অঞ্চলত হিমপাত প্রায় ৮০% পর্যন্ত হ্রাস পাইছে। আই এম ডিৰ মতে, উত্তৰ-পশ্চিমৰ পৰা আৰম্ভ কৰি পূব ভাৰতলৈকে এই বছৰ দেশৰ অধিকাংশতে ফেব্ৰুৱাৰীত বৰষুণৰ পৰিমাণ স্বাভাৱিক অৱস্থাতকৈ ২০% হ্রাস পাব। বৰষুণ কম হোৱাৰ ফলত আর্দ্রতা হ্রাস পাব আৰু ইয়াৰ তাপমান দ্রুতগতিত বৃদ্ধি পাব। সাধাৰণতে দেশত ফেব্ৰুৱাৰীত সর্বোচ্চ তাপমাত্রা ৩০-৩২ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। 

এইবাৰ সৰ্বোচ্চ তাপমাত্রা ৩৩-৩৭ ডিগ্রী চেলচিয়াছ পর্যন্ত হোৱাৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে প্রকাশ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ