--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঠ মাহতকৈ অধিক সময় মহাকাশত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ মহাকাশ অভিযান মাৰ্চ মাহত অন্ত পৰাৰ সম্ভাৱনা আছে। 

মহাকাশৰ পৰা চি এন এনৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত নাছাৰ মহাকাশচাৰীদ্বয় সুনীতা উইলিয়ামছ আৰু বুচ্চ উইলম'ৰে কয় যে ১২ মাৰ্চত পৃথিৱীৰ পৰা ক্রু-১০ অভিযান আৰম্ভ হ'ব আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ (আইএছ এছ) ৰাওনা হ'ব। এসপ্তাহৰ পাছত ১৯ মাৰ্চত দুয়োগৰাকী মহাকাশচাৰীয়ে ড্রেগন মহাকাশ যানখনেৰে পৃথিৱীলৈ ঘূৰি আহিব বুলি মহাকাশচাৰীদ্বয়ে মন্তব্য কৰে।

পৃথিৱীলৈ ঘূৰি অহাৰ পিছত মহাকাশচাৰীসকলে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ ৪৫ দিনৰ পৰা কেইমাহমান বা আনকি এবছৰ সময়ো লাগিব পাৰে। মহাকাশত কিমান দিন আছে আৰু ই তেওঁলোকৰ শৰীৰত কিমান প্ৰভাৱ পেলাইছে তাৰ ওপৰত নিৰ্ভৰ কৰে।

মহাকাশৰ পৰা পৃথিৱীলৈ উভতি অহাটো ইমান সহজ নহয়। ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আইএছএছ)লৈ প্ৰেৰণ কৰা ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ অৱশেষত ২০২৫ চনৰ ১২ মাৰ্চত পৃথিৱীলৈ উভতি আহিব। তেওঁ আৰু তেওঁৰ সহযোগী বুচ উইলমৰে মহাকাশযান "ষ্টাৰলাইনাৰ"ৰ জৰিয়তে উভতি আহিব লাগিছিল, কিন্তু কাৰিকৰী দোষৰ বাবে মিছনটো আশা কৰাতকৈ অধিক সময় লাগিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ