--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলত পুনৰ মোক্ষম আঘাত। দেওবাৰে ইডেন গাৰ্ডেনত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব আইচিচি এদিনীয়া বিশ্বকাপৰ খেল । কিন্তু ইয়াৰ পূৰ্বে  ভাৰতীয় শিবিৰক জোকাৰি গৈছে এটা  বেয়া খবৰে। ভাৰতীয় দলৰ অন্যতম ভৰসা হাৰ্ডিক পাণ্ডিয়া আঘাতৰ বাবে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ ৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। ভাৰতীয় অলৰাউণ্ডাৰজনে নিৰ্ধাৰিত সময়ৰ ভিতৰত গোৰোহাৰ আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ বাবেই খেলপথাৰত নামিব নোৱাৰিব। 

ফলস্বৰূপে পাণ্ডিয়া গোটেই প্ৰতিযোগিতাখনৰ পৰাই বাহিৰ হৈ গ’ল। তেওঁৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণই স্থান লৈছে। ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে খেলাৰ সময়ত হাৰ্দিক আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ বাবেই  তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত  মেচখনত খেলিব পৰা নাছিল। প্ৰথমে ভবা হৈছিল যে হাৰ্দিকে হয়তো  সিমান গুৰুতৰ আঘাত  পোৱা নাছিল। কিন্তু সূত্ৰ অনুসৰি হাৰ্ডিকৰ  গ্ৰেড ১ লিগামেণ্ট ছিঙিছে। এই আঘাত আৰোগ্য হ'বলৈ সাধাৰণতে দুসপ্তাহ সময় লাগে। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁ আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ  বিশ্বকাপত খেলাৰ সকলো আশা নিৰ্বাপিত হৈছে। 

 



ইফালে টীম ইণ্ডিয়াই একেৰাহে সাতখন মেচ জিকি বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈছে।  ভাৰতে মুম্বাইত শ্ৰীলংকাক পৰাস্ত কৰি বিশেষ সাফল্য অৰ্জন কৰিছে। ভাৰতীয় দলটোৱে দেওবাৰে প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ দলটোৰ সৈতে খেলিব। দেওবাৰৰ খেলখন আন এটা কাৰণৰ বাবে উল্লেখযোগ্য হৈ পৰিছে। এই খেল খনতে বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ৪৯ টা এদিনীয়া শতকৰ অভিলেখ অতিক্ৰম কৰিব পাৰিবনে সেয়া বহুতৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।  এই প্ৰশ্ন এতিয়া ক্ৰিকেট জগতত বিয়পি আছে। কিন্তু ইয়াৰ মাজতে  হাৰ্দিক পাণ্ডিয়াৰ দৰে এজন অলৰাউণ্ডাৰৰ আঘাতে ভাৰতীয় শিবিৰত উদ্বেগ বৃদ্ধি  কৰিছে। প্ৰসিদ্ধ কৃষ্ণই হাৰ্দিকক দলত স্থান লাভ কৰিলেও  হাৰ্দিকৰ শূন্যতা পূৰণ কৰাটো সম্ভৱ হ'বনে নাই সেয়া সময়তহে পৰিলক্ষিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু