--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলত পুনৰ মোক্ষম আঘাত। দেওবাৰে ইডেন গাৰ্ডেনত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব আইচিচি এদিনীয়া বিশ্বকাপৰ খেল । কিন্তু ইয়াৰ পূৰ্বে  ভাৰতীয় শিবিৰক জোকাৰি গৈছে এটা  বেয়া খবৰে। ভাৰতীয় দলৰ অন্যতম ভৰসা হাৰ্ডিক পাণ্ডিয়া আঘাতৰ বাবে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ ৰ পৰা বাহিৰ হ’বলগীয়া হৈছে। ভাৰতীয় অলৰাউণ্ডাৰজনে নিৰ্ধাৰিত সময়ৰ ভিতৰত গোৰোহাৰ আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ বাবেই খেলপথাৰত নামিব নোৱাৰিব। 

ফলস্বৰূপে পাণ্ডিয়া গোটেই প্ৰতিযোগিতাখনৰ পৰাই বাহিৰ হৈ গ’ল। তেওঁৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণই স্থান লৈছে। ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে খেলাৰ সময়ত হাৰ্দিক আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ বাবেই  তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত  মেচখনত খেলিব পৰা নাছিল। প্ৰথমে ভবা হৈছিল যে হাৰ্দিকে হয়তো  সিমান গুৰুতৰ আঘাত  পোৱা নাছিল। কিন্তু সূত্ৰ অনুসৰি হাৰ্ডিকৰ  গ্ৰেড ১ লিগামেণ্ট ছিঙিছে। এই আঘাত আৰোগ্য হ'বলৈ সাধাৰণতে দুসপ্তাহ সময় লাগে। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁ আঘাতৰ পৰা আৰোগ্য নোহোৱাৰ  বিশ্বকাপত খেলাৰ সকলো আশা নিৰ্বাপিত হৈছে। 

 



ইফালে টীম ইণ্ডিয়াই একেৰাহে সাতখন মেচ জিকি বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈছে।  ভাৰতে মুম্বাইত শ্ৰীলংকাক পৰাস্ত কৰি বিশেষ সাফল্য অৰ্জন কৰিছে। ভাৰতীয় দলটোৱে দেওবাৰে প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ দলটোৰ সৈতে খেলিব। দেওবাৰৰ খেলখন আন এটা কাৰণৰ বাবে উল্লেখযোগ্য হৈ পৰিছে। এই খেল খনতে বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ৪৯ টা এদিনীয়া শতকৰ অভিলেখ অতিক্ৰম কৰিব পাৰিবনে সেয়া বহুতৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।  এই প্ৰশ্ন এতিয়া ক্ৰিকেট জগতত বিয়পি আছে। কিন্তু ইয়াৰ মাজতে  হাৰ্দিক পাণ্ডিয়াৰ দৰে এজন অলৰাউণ্ডাৰৰ আঘাতে ভাৰতীয় শিবিৰত উদ্বেগ বৃদ্ধি  কৰিছে। প্ৰসিদ্ধ কৃষ্ণই হাৰ্দিকক দলত স্থান লাভ কৰিলেও  হাৰ্দিকৰ শূন্যতা পূৰণ কৰাটো সম্ভৱ হ'বনে নাই সেয়া সময়তহে পৰিলক্ষিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ