--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত প্ৰকাশ কৰা অনুসৰি শীঘ্ৰেই ভাৰতীয় ৰে’লৱেত সংযোজন ঘটিব এক নতুন প্ৰযুক্তিৰ। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতীয় ৰে’লৱেই হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণৰ অত্যাধুনিক প্ৰকল্পৰ কাম দ্ৰুত গতিত আৰম্ভ কৰিছে। ভাৰতীয় ৰে’লখণ্ডত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব এই প্ৰযুক্তি।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিশেষ ৰে’লখন বিশ্বৰ অন্যতম দীৰ্ঘতম আৰু শক্তিশালী ৰে’ল হ’ব বুলিও সদৰী কৰিছে। অসমৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰিছে অশ্বিনী বৈষ্ণৱে। ভাৰতীয় ৰে’লৱেই পাইলট প্ৰজেক্ট হিচাপে এই হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কাৰ্য চলি আছে।

ৰিচাৰ্ছ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যনৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি এই ৰে’লখন নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ আৰু প্ৰয়োজন অনুসাৰে হাইড্ৰ’জেন পুনৰ ভৰ্তিকৰণৰ বাবে বিশেষ আন্তঃগাঁথনি সৃষ্টি কৰা হ’ব বুলিও প্ৰকাশ কৰিছে অশ্বিনী বৈষ্ণৱে।

ইয়াৰ সমান্তৰালকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত তিনিটা বিত্তীয় বৰ্ষত ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে মুঠ ৬৪০ টা বন্দে ভাৰতৰ ডবা নিৰ্মাণ কৰিছে বুলিও উল্লেখ কৰে। কাপুৰথালাস্থিত ৰে’ল ক’চ ফেক্টৰীএ যোৱা তিনি বছৰত মুঠ ৫৪১৪টা ডবা নিৰ্মাণ কৰিছে বুলি জানিবলৈ দিয়ে অশ্বিনী বৈষ্ণৱে। আৰু ভাৰতীয় ৰে’লৱেই ২০৩০ চনৰ ভিতৰত কাৰ্বনমুক্ত কৰি প্ৰদূষণ নিয়ন্ত্ৰণ পদক্ষেপৰ অন্যতম অংশ হিচাপে হাইড্ৰ’জেন চালিত ৰে’লসেৱা মুকলি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ