--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত প্ৰকাশ কৰা অনুসৰি শীঘ্ৰেই ভাৰতীয় ৰে’লৱেত সংযোজন ঘটিব এক নতুন প্ৰযুক্তিৰ। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতীয় ৰে’লৱেই হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণৰ অত্যাধুনিক প্ৰকল্পৰ কাম দ্ৰুত গতিত আৰম্ভ কৰিছে। ভাৰতীয় ৰে’লখণ্ডত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব এই প্ৰযুক্তি।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিশেষ ৰে’লখন বিশ্বৰ অন্যতম দীৰ্ঘতম আৰু শক্তিশালী ৰে’ল হ’ব বুলিও সদৰী কৰিছে। অসমৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰিছে অশ্বিনী বৈষ্ণৱে। ভাৰতীয় ৰে’লৱেই পাইলট প্ৰজেক্ট হিচাপে এই হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কাৰ্য চলি আছে।

ৰিচাৰ্ছ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ডছ অৰ্গেনাইজেশ্যনৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি এই ৰে’লখন নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ আৰু প্ৰয়োজন অনুসাৰে হাইড্ৰ’জেন পুনৰ ভৰ্তিকৰণৰ বাবে বিশেষ আন্তঃগাঁথনি সৃষ্টি কৰা হ’ব বুলিও প্ৰকাশ কৰিছে অশ্বিনী বৈষ্ণৱে।

ইয়াৰ সমান্তৰালকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিগত তিনিটা বিত্তীয় বৰ্ষত ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে মুঠ ৬৪০ টা বন্দে ভাৰতৰ ডবা নিৰ্মাণ কৰিছে বুলিও উল্লেখ কৰে। কাপুৰথালাস্থিত ৰে’ল ক’চ ফেক্টৰীএ যোৱা তিনি বছৰত মুঠ ৫৪১৪টা ডবা নিৰ্মাণ কৰিছে বুলি জানিবলৈ দিয়ে অশ্বিনী বৈষ্ণৱে। আৰু ভাৰতীয় ৰে’লৱেই ২০৩০ চনৰ ভিতৰত কাৰ্বনমুক্ত কৰি প্ৰদূষণ নিয়ন্ত্ৰণ পদক্ষেপৰ অন্যতম অংশ হিচাপে হাইড্ৰ’জেন চালিত ৰে’লসেৱা মুকলি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি