--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে বেন্নু নামৰ এটা গ্রহাণুৱে। এই নৱ গ্ৰহাণুটো বৰ্তমান পৃথিৱীৰ পৰা প্ৰায় ১,৮৬,০০০ মাইল অর্থাৎ প্রায় ২,৯৯,০০০ কিল'মিটাৰ দূৰত আছে। বেন্নু প্রতি ছবছৰৰ মূৰে মূৰে পৃথিৱীৰ একেবাৰে কাষ চাপে। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, বেন্নুৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনা আছে। বিজ্ঞানীসকলে কৰা গণনা অনুসৰি এই গ্রহাণুটোৱে ২১৮২ চনৰ ছেপ্টেম্বৰত পৃথিৱীক খুন্দিওৱাৰ সম্ভাৱনা ২৭০০ ভাগৰ এভাগ। এই গ্ৰহাণুটোৰ ব্যাস প্রায় ৫০০ মিটাৰ। 

কম্পিউটাৰৰ জৰিয়তে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি বেন্নুৱে পৃথিৱীক খুন্দা মাৰিলে মহাপ্রলয়ৰ সৃষ্টি হ'ব। ইয়াৰ লগতে পৃথিৱীৰ বায়ুমণ্ডলত ১০-৪০ কোটি টন ধূলি উৰিব। ইয়াৰ ফলত পৃথিৱীৰ বায়ুমণ্ডল, বায়ুমণ্ডলীয় ৰসায়নিক ক্ৰিয়া, উদ্ভিদৰ সালোক সংশ্লেষণ তথা বিশ্বত সূৰ্যৰ ৰশ্মি পৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। এই সমস্যা তিনিৰ পৰা চাৰি বছৰলৈ অব্যাহত থাকিব। ইয়াৰ লগতে পৃথিৱীত বৰষুণৰ মাত্ৰা হ্রাস পাব। দক্ষিণ কোৰিয়াৰ পুছাম নেশ্যনেল ইউনিভাৰ্ছিটিৰ আই বি এছ চেণ্টাৰ ফৰ ক্লাইমেট ফিজিক্সৰ গবেষক লেন দাইৰ নেতৃত্বত চলোৱা অধ্যয়নৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে।

ছায়েন্স এডভান্সেজ জার্নেলত প্রকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনত কোৱা হৈছে যে গ্রহাণুৰ খুন্দাত সৃষ্টি হোৱা ধূলিয়ে বিশ্বৰ বায়ুমণ্ডল আৱৰি পেলাব। ইয়াৰ ফলত সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰাত বাধাৰ সৃষ্টি হ'ব আৰু লগে লগে পৃথিৱীত ঠাণ্ডা পৰিৱেশ বিৰাজ কৰিব। গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি পৃথিৱীৰ গড় তাপমাত্রা প্রায় চাৰি ডিগ্রী চেলছিয়াছ হ্রাস পাব। গড় বৰষুণৰ মাত্রা ২০-৩০% হ্রাস পাব। ইয়াৰ লগতে অ'জন তৰপ প্রায় ৩২% হ্রাস পাব। ইয়াৰ ফলত সূৰ্যৰ হানিকাৰক অতি বেঙুনীয়া তথা সৌৰ তেজষ্ক্রিয় ৰশ্মি সহজে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ ফলত প্ৰবল ভূমিকম্প, শক্তিশালী শ্ব'কৱেভ তথা বনজুইৰ সৃষ্টি হ'ব। পৃথিৱীত এটা প্রকাণ্ড গাঁতৰো সৃষ্টি হ'ব বুলি লগতে কোৱা হৈছে।

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ