--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাই দাবী কৰিছে যে ভাৰতত ঘৃণামূলক ভাষণ আতংকজনকভাৱে বৃদ্ধি পাইছে। বুধবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে বিশ্বৰ ধৰ্মীয় স্বাধীনতা সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰে (Religious Freedom Report)। প্রতিবেদন প্রকাশ কৰি তেওঁ কয় যে ধৰ্মীয় স্বাধীনতাৰ বিষয়টো এতিয়াও সমগ্ৰ বিশ্বৰ বহু লোকে স্বীকৃতি নিদিয়ে৷ একে সময়তে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও তেওঁ কয়।

তেওঁ কয়, ‘ভাৰতত ঘৃণামূলক ভাষণ, ধৰ্মান্তৰকৰণ বিৰোধী আইন, সংখ্যালঘুৰ ঘৰ আৰু উপাসনা স্থান ভাঙি পেলোৱাৰ আতংকজনক বৃদ্ধি আমি দেখিবলৈ পাইছো। একে সময়তে বিশ্বৰ মানুহে ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।" প্ৰতিবেদন অনুসৰি আমেৰিকাৰ শীৰ্ষ বিষয়াসকলে নতুন দিল্লীৰ সৈতে এই বিষয়সমূহৰ ওপৰত কথা পাতিছে।

প্ৰসংগক্ৰমে প্ৰায় সকলো দলৰ কেইবাজনো নেতাই লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজস্থানৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হয়। কংগ্ৰেছে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ বিভাজনৰ উচটনি দিছে। কিন্তু বিজেপিয়ে এই অভিযোগ অস্বীকাৰ কৰি কংগ্ৰেছক আক্ৰমণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক