--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱী অভিমুখে প্রতি ঘণ্টাত ৬০ হাজাৰ কিল'মিটাৰ বেগত আহি থকা এটা গ্রহাণুৱে ভাৰতৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। এই গ্রহাণুটোৱে ভাৰতত খুন্দিওৱাৰ আশংকা কৰা হৈছে। সমগ্র বিশ্বৰে বিজ্ঞানী তথা বিশেষজ্ঞসকলৰ বাবে উদ্বেগৰ সৃষ্টি কৰিছে এই গ্রহাণুটোৱে। ২০২৪ ৱাই আৰ-৪ নামৰ এই গ্রহাণুৱে পৃথিৱীক খুন্দা মাৰিলে ব্যাপক প্ৰলয়ৰ সৃষ্টি হ'ব।

বিজ্ঞানীসকলে প্রকাশ কৰা মতে, এই গ্রহাণুটোৰ পৃথিৱীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হ'লে বিশ্বৰ সৰ্ববৃহৎ মহানগৰ এখন নিমিষতে ধূলিসাৎ কৰি পেলাব। গ্রহাণুটোৰ চন্দ্ৰৰ সৈতেও সংঘৰ্ষ হ'ব পাৰে বুলি বিজ্ঞানীসকলে আশংকা প্রকাশ কৰিছে। গ্রহাণুটোৱে সৃষ্টি কৰিব পৰা প্ৰলয়ৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ কাৰণে চীনেও প্রস্তুতি চলাইছে। উদ্বেগৰ বিষয়টো হ'ল গ্রহাণুটোৱে খুন্দা মাৰিব পৰা সম্ভাব্য স্থানবোৰৰ ভিতৰত ভাৰত আৰু পাকিস্তানো আছে। বিজ্ঞানীসকলে ২০২৪ ৱাই আৰ-৪ গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ আশংকা পূৰ্বতে ১% বুলি নিৰ্ধাৰণ কৰিছিল, কিন্তু সময় বাগৰাৰ লগে লগে আশংকাৰ হাৰ বৃদ্ধি কৰা হৈছে আৰু এই বিষয়টোৱে বিজ্ঞানীসকলক অধিক চিন্তিত কৰিছে। বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা অনুমান মতে গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ আশংকা ২.৫%লৈ বৃদ্ধি কৰা হৈছে। ২০২৪ ৱাই আৰ-৪এ প্রতি ঘণ্টাত ৬০ হাজাৰ কিল'মিটাৰ বেগত পৃথিৱী অভিমুখে আহি থকা বুলি প্রকাশ কৰিলেও প্ৰকৃততে ইয়াৰ গতিবেগ কিমান আৰু ই কিমান ডাঙৰ সেই বিষয়ে প্রকৃত তথ্য এতিয়াও লাভ কৰা হোৱা নাই। 

বিজ্ঞানীসকলে কৰা অনুমান মতে গ্রহাণুটোৰ ব্যাস ২০০-৩০০ মিটাৰ হ'ব পাৰে। আমেৰিকাৰ মহাকাশ গবেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে গ্রহাণুটোৱে পৃথিৱীক খুন্দা মাৰিলে ইয়াৰ প্ৰভাৱ পৰিব পৰা স্থানসমূহ চিনাক্ত কৰাৰ কামত ব্যস্ত হৈ পৰিছে। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল সংঘৰ্ষৰ সম্ভাব্য স্থানৰ পৰা জনসাধাৰণক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা। নাছাৰ বিজ্ঞানীসকলে কৰা আশংকা অনুসৰি গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মাৰিলে এখন বৃহৎ মহানগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। গ্ৰহাণুটোৰ পৃথিৱীৰ সৈতে সংঘর্ষ হোৱাৰ যিটো সম্ভাব্য পথ চিনাক্ত কৰা হৈছে, তাৰ ভিতৰত ভাৰতৰ দৰে ঘন জনবসতিৰ কেইবাখনো দেশ আছে। বিজ্ঞানীসকলে কৰা আশংকা অনুসৰি এই গ্রহাণুটোৱে পৃথিৱীক খুন্দা মাৰিলে ৫০০ পাৰমাণৱিক বোমাৰ সমান বিস্ফোৰণৰ সৃষ্টি হ'ব। এই বিস্ফোৰণৰ প্রাবল্য প্রায় ৮ মেগাটন টি এন টি বুলি অনুমান কৰা হৈছে। ই হিৰোশ্বিমাত পেলোৱা পাৰমাণৱিক বোমাতকৈ প্রায় ৫০০ গুণ অধিক শক্তিশালী। নাছা আৰু ইউৰোপীয়ান মহাকাশ সংস্থাই ২০২৪ ৱাই আৰ-৪ক পৃথিৱীক খুন্দা মৰাৰ আশংকা থকা গ্রহাণুৰ তালিকাত প্রথম স্থানত ৰাখিছে। আনহাতে পৃথিৱীক খুন্দিওৱাৰ ১% তকৈ অধিক সম্ভাৱনা থকা ই একমাত্র গ্রহাণু। বিজ্ঞানীসকলৰ মতে এই গ্রহাণুটোৰ ব্যাস ১৯০৮ চনত ছাইবেৰিয়াৰ তুংগুস্কাত খুন্দা মৰা গ্ৰহাণুটোৰ প্রায় সমান। উল্লেখযোগ্য যে ছাইবেৰিয়াত ১৯০৮ চনত গ্রহাণুৱে খুন্দা মৰাৰ ফলত প্রায় দুহেজাৰ বৰ্গ কিল'মিটাৰ এলেকাৰ অৰণ্য ধ্বংস হৈছিল। ইয়াৰ ফলত ৮ কোটিতকৈ অধিক গছ নষ্ট হৈছিল আৰু ইয়াৰ ফলত হোৱা বিস্ফোৰণৰ প্রাবল্য আছিল ১০-১৫ মেগাটন টি এন টি। এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি এই গ্রহাণুটোৱে ২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীক খুন্দিওৱাৰ আশংকা আছে। গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ আশংকা থকা দেশবোৰৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, ইথিঅ'পিয়া, ছুডান, নাইজেৰিয়া, ভেনেজুৱেলা, কলম্বিয়া আৰু ইকুৱেডৰৰ দৰে দেশো আছে। অৱশ্যে বিজ্ঞানীসকলে প্ৰস্তুত কৰা গ্ৰহাণুটোৱে খুন্দা মৰাৰ আশংকা থকা স্থানৰ মানচিত্ৰৰ এটা বৃহৎ অংশ সমুদ্ৰত পৰিছে।

নাছাৰ কেটালিনা স্কাই ছার্ভে প্রজেক্টৰ অভিযন্তা ডেভিদ ৰেংকিনে প্ৰকাশ কৰা অনুসৰি দক্ষিণ আমেৰিকাৰ পৰা প্ৰশান্ত মহাসাগৰ, দক্ষিণ এছিয়া, আৰব সাগৰ আৰু উপ-ছাহাৰা আফ্ৰিকাৰ কিছু অংশ এই গ্রহাণুটোৱে খুন্দা মৰাৰ আশংকা কৰা স্থানৰ ভিতৰত পৰিছে। এই অঞ্চলবোৰৰ ভিতৰত ভাৰতৰ চেন্নায়ো আছে। নাছা আৰু ইউৰোপীয়ান মহাকাশ সংস্থাৰ বিজ্ঞানীসকলে এই গ্রহাণুটোক অতি গুৰুত্বসহকাৰে লৈছে। ৰাষ্ট্ৰসংঘয়ো এই গ্রহাণুটোক গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ গতি পথৰ বিষয়ে নিৰীক্ষণ কৰি আছে। চীনে গ্রহাণুৰ সংঘৰ্ষৰ পৰা পৃথিৱীক বচোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চীনে এক বিশেষজ্ঞৰ দল গঠন কৰিছে যি মহাকাশৰ পৰা সৃষ্টি হ'ব পৰা বিপদৰ মোকাবিলা কৰাৰ কাৰণে কাম কৰিব। চীনে ক্ষুদ্ৰ গ্ৰহৰ দিশ সলনি কৰাৰ প্ৰযুক্তি কৌশল বিকাশৰ দিশত কাম কৰি আছে। ইফালে ৰেংকিনে প্ৰকাশ কৰা অনুসৰি ২০২৪ ৱাই আৰ-৪এ চন্দ্ৰকো খুন্দিয়াব পাৰে। যদি তেনে ঘটনা ঘটে তেতিয়া চন্দ্ৰৰ পৰা কিছু ধ্বংসস্তূপ পৃথিৱীত পৰিব যদিও ইয়াৰ পৰা বৰ বেছি ক্ষতি হোৱাৰ আশংকা নাই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ