--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিজৰ উদ্ভাৱন শক্তিৰে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাত জিলিকিবলৈ সক্ষম হৈছে এজন অসমীয়া ছাত্ৰ। এই ছাত্ৰ জন হৈছে দেশৰ অন্যতম বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ছাত্ৰ এলড্ৰিন নাথ। অতি মেধা সম্পন্ন তথা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চতুৰ্থ ষাণ্মাসিক ছাত্ৰ এলড্ৰিন নাথে নিজৰ উদ্ভাৱনশীল চিন্তাৰে সাজি উলিয়াবলৈ সক্ষম হৈছে এখন ৰ'ভাৰ যান। 

এই ৰ'ভাৰ যান খনৰ মূল উদ্দেশ্য হৈছে যিকোনো গ্ৰহৰ পৃষ্ঠৰ পৰা তথ্য সংগ্ৰহ কৰা। উল্লেখ্য যে মৰিগাঁও জিলাৰ চৰাইবাহী বৰভগীয়াৰ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানৰ শিক্ষক মিন্টু কুমাৰ নাথ আৰু লেখিকা মৃণালিনী দেৱীৰ সন্তান এলড্ৰিন নাথে সৰুৰে পৰা গৱেষণা কামত আত্মনিয়োগ কৰি আহিছিল।মেধা ছাত্ৰ জনে বিভিন্ন বিজ্ঞানৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 

নগাঁও ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ২০২২ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ২০২৩ বৰ্ষত বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে নিৰ্বাচিত হয়। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পিছতেই প্ৰথমে এখন "ড্ৰ'ন" নিৰ্মাণৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ঊৰ্ধবতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতেই নিজৰ দক্ষতাই বিজ্ঞান প্ৰতিষ্ঠানখনৰ ৰবট গৱেষণা গ্ৰুপত স্থান লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া মেধা সম্পন্ন ছাত্ৰ জনে পশ্চিমবংগৰ কলকাতাৰ দুজন মেধা ছাত্ৰৰ সৈতে ৰবট গৱেষণা গ্ৰুপত অন্তৰ্ভুক্ত হৈ বিজ্ঞান প্ৰতিষ্ঠানটোৰ পৰা ৰ'ভাৰ নিৰ্মাণ কৰা এক প্ৰকল্প আঁচনি গ্ৰহণ কৰে। 

দুমাহ কাল দিনে নিশাই কৰা কঠোৰ শ্ৰমৰ ফলত অৱশেষত সফলতাৰ মুখ দেখিবলৈ সক্ষম হয় তিনিজনীয়া দলটোৱে। ইতিমধ্যে বিজ্ঞান প্ৰতিষ্ঠানখনে ৰ'ভাৰ যান খনক স্বীকৃতি প্ৰদান কৰাৰ পাছত এই তিনিজনীয়া দলটোৰে আমেৰিকা আৰু পোলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া বিজ্ঞান প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছে।ভাৰতীয় বিজ্ঞান আৰু গৱেষণা ক্ষেত্ৰখনত অসমীয়া ছাত্ৰ এজনে দেখোৱা চমকপ্ৰদ উদ্ভাৱনশীলতাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।   

উৎস- দৈনিক জনমভূমি  

      

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ