--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকলেট আমাৰ সকলোৰে প্ৰিয়।এই চকলেটবিধক কিন্তু উপহাৰ হিচাপেও দিয়া হয়।এতিয়া চলি আছে ভেলেণ্টাইন সপ্তাহ। আৰু এই ভেলেণ্টাইন সপ্তাহৰ আজি তৃতীয়টো দিন অৰ্থাৎ আজি চকলেট ডে। আজিৰ এই দিনটোত প্ৰিয়জনক চকলেট উপহাৰ দিয়া হয়। যদিও চকলেট মিঠা খাদ্য হিচাপে বিখ্যাত, তথাপি ইয়াক প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে গণ্য কৰা হয়৷ ইয়াৰ বাবে চকলেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। সেয়েহে আজিৰ এই গোটেই দিনটো চকলেটৰ বাবে উৎসৰ্গা কৰা হয়৷ আজিৰ দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক চকলেট উপহাৰ দি নিজৰ হৃদয়স্পৰ্শী অনুভৱ প্ৰকাশ কৰে৷ চকলেট ডেই সম্পৰ্কত থকা ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ প্ৰদান কৰে।

কিন্তু আপুনি জানেনে চকলেট ডেৰ ইতিহাস প্ৰায় ৪ হাজাৰ বছৰ পুৰণি৷ জানেনে চকলেট ডে কিয় উদযাপন কৰা হয়।প্ৰথমবাৰৰ বাবে আমেৰিকাত দেখিবলৈ পোৱা গৈছিল চকলেট গছ৷ চকলেট স্পেনিছ ভাষাৰ এক শব্দ৷ মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল৷ দৰা-কইনাই ইজনে সিজনক চকলেট দিছিল৷ তেতিয়াৰ পৰাই এই ধাৰা চলি আছে৷  আগতে চকলেট সোৱাদত তিতা আছিল৷ আমেৰিকাত ক’ক’ৰ গুটি পিহি কিছু মছলা আৰু জলকীয়া দি তিতা চকলেট তৈয়াৰ কৰা হৈছিল৷ চকলেটত ব্যৱহৃত ক'ক গছ ২০০০ বছৰ পূৰ্বে আমেৰিকাৰ বৰ্ষাৰণ্যত দেখিবলৈ পোৱা গৈছিল ৷

জানো আহক চকলেট খোৱাৰ উপকাৰীতা -

চকলেটত কোকো থাকে যিয়ে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

ডাৰ্ক চকলেট খোৱাটোৱে ৰক্ত সঞ্চালন যথেষ্ট ভাল কৰি ৰাখে। যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে।

চকলেটে ওজন হ্ৰাস কৰাত সহায় কৰে। যদি আপোনাৰ মেদবহুলতাৰ সমস্যা আছে তেন্তে চকলেট খাব পাৰে।

চকলেটত ফ্লেভানল পোৱা যায়, যাৰ ফলত বয়স বৃদ্ধিৰ লক্ষণ কম হয়।

অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰা হৰম’ন নিয়ন্ত্ৰণ কৰি হতাশা দূৰ কৰাত চকলেট ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

চকলেটে হৃদযন্ত্ৰ‌ শক্তিশালী কৰি ৰখাত সহায় কৰে। সেয়ে আপুনি আপোনাৰ খাদ্য তালিকাত চকলেট অন্তৰ্ভুক্ত কৰিব পাৰে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ