--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চকলেট আমাৰ সকলোৰে প্ৰিয়।এই চকলেটবিধক কিন্তু উপহাৰ হিচাপেও দিয়া হয়।এতিয়া চলি আছে ভেলেণ্টাইন সপ্তাহ। আৰু এই ভেলেণ্টাইন সপ্তাহৰ আজি তৃতীয়টো দিন অৰ্থাৎ আজি চকলেট ডে। আজিৰ এই দিনটোত প্ৰিয়জনক চকলেট উপহাৰ দিয়া হয়। যদিও চকলেট মিঠা খাদ্য হিচাপে বিখ্যাত, তথাপি ইয়াক প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে গণ্য কৰা হয়৷ ইয়াৰ বাবে চকলেটৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। সেয়েহে আজিৰ এই গোটেই দিনটো চকলেটৰ বাবে উৎসৰ্গা কৰা হয়৷ আজিৰ দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনক চকলেট উপহাৰ দি নিজৰ হৃদয়স্পৰ্শী অনুভৱ প্ৰকাশ কৰে৷ চকলেট ডেই সম্পৰ্কত থকা ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ প্ৰদান কৰে।

কিন্তু আপুনি জানেনে চকলেট ডেৰ ইতিহাস প্ৰায় ৪ হাজাৰ বছৰ পুৰণি৷ জানেনে চকলেট ডে কিয় উদযাপন কৰা হয়।প্ৰথমবাৰৰ বাবে আমেৰিকাত দেখিবলৈ পোৱা গৈছিল চকলেট গছ৷ চকলেট স্পেনিছ ভাষাৰ এক শব্দ৷ মেক্সিকোৰ মায়া সভ্যতাৰ মানুহে ধৰ্মীয় অনুষ্ঠানৰ বাবে চকলেট ব্যৱহাৰ কৰিছিল৷ দৰা-কইনাই ইজনে সিজনক চকলেট দিছিল৷ তেতিয়াৰ পৰাই এই ধাৰা চলি আছে৷  আগতে চকলেট সোৱাদত তিতা আছিল৷ আমেৰিকাত ক’ক’ৰ গুটি পিহি কিছু মছলা আৰু জলকীয়া দি তিতা চকলেট তৈয়াৰ কৰা হৈছিল৷ চকলেটত ব্যৱহৃত ক'ক গছ ২০০০ বছৰ পূৰ্বে আমেৰিকাৰ বৰ্ষাৰণ্যত দেখিবলৈ পোৱা গৈছিল ৷

জানো আহক চকলেট খোৱাৰ উপকাৰীতা -

চকলেটত কোকো থাকে যিয়ে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

ডাৰ্ক চকলেট খোৱাটোৱে ৰক্ত সঞ্চালন যথেষ্ট ভাল কৰি ৰাখে। যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে।

চকলেটে ওজন হ্ৰাস কৰাত সহায় কৰে। যদি আপোনাৰ মেদবহুলতাৰ সমস্যা আছে তেন্তে চকলেট খাব পাৰে।

চকলেটত ফ্লেভানল পোৱা যায়, যাৰ ফলত বয়স বৃদ্ধিৰ লক্ষণ কম হয়।

অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰা হৰম’ন নিয়ন্ত্ৰণ কৰি হতাশা দূৰ কৰাত চকলেট ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

চকলেটে হৃদযন্ত্ৰ‌ শক্তিশালী কৰি ৰখাত সহায় কৰে। সেয়ে আপুনি আপোনাৰ খাদ্য তালিকাত চকলেট অন্তৰ্ভুক্ত কৰিব পাৰে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি