--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভনীয়েকৰ বিয়ালৈ মাজত আছিল মাত্ৰ সাতটা দিন। ইতিমধ্যে বিয়াৰ বাবে সম্পূৰ্ণ হৈ উঠিছিল সকলো যা-যোগাৰ। কিন্তু হঠাতে পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। আকস্মিকভাবে মৃত্যু ঘটিল একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি গৰাকীৰ। এই ঘটনা বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰকুছিৰ। 

উত্তৰকুছিৰ কৃষ্ণ বাহাদুৰ লামাই ভনীয়েকৰ বিয়াৰ বাবে আহিছিল একৈশ দিনৰ ছুটিত। অসম আৰক্ষীৰ ২৮ নং বেটেলিয়নত কৰ্মৰত কৃষ্ণ বাহাদুৰ লামাই ভনীয়েকৰ বিয়াৰ বাবে সম্পূৰ্ণ কৰি তুলিছিল সকলো যা-যোগাৰ। কিন্তু যোৱা ২৬ ফেব্ৰুৱাৰীত আকস্মিকভাবে অসুস্থ হৈ পৰে কৃষ্ণ বাহাদুৰ লামা। 

পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা গুৰুতৰ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে। কিন্তু দূৰ্ভাগ্যজনকভাবে আদবাটতে মৃত্যুক আকোঁৱালি লয়। যাৰ ফলত এতিয়া উত্তৰকুছিৰ ঘৰখনত সৃষ্টি হৈছে শোকৰ বন্যা। 

শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। নিজৰ ভনীয়েকৰ বিয়াৰ প্ৰস্তুতি চলাই হঠাতে চিৰদিনৰ বাবে আঁতৰি গ'ল কৃষ্ণ বাহাদুৰ লামা। উপভোগ কৰিবলৈ নাপালে ভনীয়েকৰ বিয়া। আজি পুৱা অসম আৰক্ষী বেটেলিয়নজনৰ মৃতদেহটো ঘৰ আহি পোৱাৰ পাছত ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে অন্ত্যেষ্টিক্রিয়া।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ