--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ ইতিহাসত সংযোজন হৈছে এক নতুন অধ্যায়। জাগুয়াৰ ফাইটাৰ জেট স্কোয়াড্ৰনত স্থায়ী পদবী লাভ কৰা প্ৰথমগৰাকী মহিলা পাইলট হৈ ইতিহাস ৰচিলে ফ্লাইং অফিচাৰ তনুষ্কা সিঙে। এয়া কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বই নহয়, ভাৰতীয় বায়ুসেনাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰো এয়া এক শক্তিশালী কৃতিত্ব ৰূপে চিহ্নিত হৈছে।

তনুষ্কাৰ পৰিয়ালটো পূৰ্বৰে পৰা দেশৰ সেৱাৰ লগত জড়িত হৈ আছে। তেওঁৰ ককাদেউতা আৰু পিতৃয়ে ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল, যাৰ বাবে তনুষ্কাৰ সৰুৰে পৰা দেশসেৱাৰ সৈতে আবেগ জড়িত আছিল। মূলতঃ উত্তৰ প্ৰদেশৰ তনুষ্কাই ২০০৭ চনৰ পৰা মংগালুৰুত বাস কৰি আহিছে। ছুৰাটকলৰ ডি পি এছ এম আৰ পি এল স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত মংগালুৰুৰ শাৰদা পি ইউ কলেজৰ পৰা অধিক অধ্যয়ন কৰে। ২০২২ চনত মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙত বি.টেক ডিগ্ৰী লাভ কৰে।

সেনাবাহিনীৰ পৰা বায়ুসেনালৈ যাত্ৰা

প্ৰথম অৱস্থাত তনুষ্কাৰ সপোন আছিল ভাৰতীয় সেনাবাহিনীত যোগদান, কিন্তু যেতিয়া ভাৰতীয় বায়ুসেনাত মহিলাসকলে পোৱা সুযোগৰ তথ্য পালে তেতিয়া তেওঁ নিজৰ লক্ষ্য সলনি কৰিলে। তামিলনাডুৰ ডাণ্ডিগালত থকা বায়ুসেনা একাডেমীত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত হক এম কে ১৩২ বিমানৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে তনুষ্কাই।

আই এ এফত স্থায়ী স্কোয়াড্ৰন এচাইনমেণ্ট পোৱা প্ৰথমগৰাকী মহিলা পাইলট

যদিও কিছুমান মহিলা পাইলটে প্ৰশিক্ষণৰ সময়ত জাগুয়াৰ যুঁজাৰু বিমানখন উৰুৱাইছে, তথাপিও ফ্লাইং অফিচাৰ তনুষ্কা হৈছে প্ৰথমগৰাকী মহিলা যিয়ে স্থায়ীভাৱে স্কোয়াড্ৰনত অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় বায়ুসেনাৰ বহৰত কৌশলগত ষ্ট্ৰাইক ক্ষমতা আৰু নিখুঁত আক্ৰমণ শক্তিৰ বাবে এই যুদ্ধ বিমান পৰিচিত।

প্ৰতিগৰাকী ছোৱালীৰ বাবে প্ৰেৰণা

তনুষ্কাক অতি সোনকালে তেওঁৰ স্কোয়াড্ৰনত সক্ৰিয় কৰ্তব্যত নিয়োগ কৰা হ’ব। তনুষ্কা সিং এতিয়া আকাশৰ উচ্চতা স্পৰ্শ কৰাৰ সপোন দেখা প্ৰতিজনী ছোৱালীৰ বাবে প্ৰেৰণা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ