--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ ইতিহাসত সংযোজন হৈছে এক নতুন অধ্যায়। জাগুয়াৰ ফাইটাৰ জেট স্কোয়াড্ৰনত স্থায়ী পদবী লাভ কৰা প্ৰথমগৰাকী মহিলা পাইলট হৈ ইতিহাস ৰচিলে ফ্লাইং অফিচাৰ তনুষ্কা সিঙে। এয়া কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বই নহয়, ভাৰতীয় বায়ুসেনাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰো এয়া এক শক্তিশালী কৃতিত্ব ৰূপে চিহ্নিত হৈছে।

তনুষ্কাৰ পৰিয়ালটো পূৰ্বৰে পৰা দেশৰ সেৱাৰ লগত জড়িত হৈ আছে। তেওঁৰ ককাদেউতা আৰু পিতৃয়ে ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল, যাৰ বাবে তনুষ্কাৰ সৰুৰে পৰা দেশসেৱাৰ সৈতে আবেগ জড়িত আছিল। মূলতঃ উত্তৰ প্ৰদেশৰ তনুষ্কাই ২০০৭ চনৰ পৰা মংগালুৰুত বাস কৰি আহিছে। ছুৰাটকলৰ ডি পি এছ এম আৰ পি এল স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত মংগালুৰুৰ শাৰদা পি ইউ কলেজৰ পৰা অধিক অধ্যয়ন কৰে। ২০২২ চনত মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙত বি.টেক ডিগ্ৰী লাভ কৰে।

সেনাবাহিনীৰ পৰা বায়ুসেনালৈ যাত্ৰা

প্ৰথম অৱস্থাত তনুষ্কাৰ সপোন আছিল ভাৰতীয় সেনাবাহিনীত যোগদান, কিন্তু যেতিয়া ভাৰতীয় বায়ুসেনাত মহিলাসকলে পোৱা সুযোগৰ তথ্য পালে তেতিয়া তেওঁ নিজৰ লক্ষ্য সলনি কৰিলে। তামিলনাডুৰ ডাণ্ডিগালত থকা বায়ুসেনা একাডেমীত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত হক এম কে ১৩২ বিমানৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰে তনুষ্কাই।

আই এ এফত স্থায়ী স্কোয়াড্ৰন এচাইনমেণ্ট পোৱা প্ৰথমগৰাকী মহিলা পাইলট

যদিও কিছুমান মহিলা পাইলটে প্ৰশিক্ষণৰ সময়ত জাগুয়াৰ যুঁজাৰু বিমানখন উৰুৱাইছে, তথাপিও ফ্লাইং অফিচাৰ তনুষ্কা হৈছে প্ৰথমগৰাকী মহিলা যিয়ে স্থায়ীভাৱে স্কোয়াড্ৰনত অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় বায়ুসেনাৰ বহৰত কৌশলগত ষ্ট্ৰাইক ক্ষমতা আৰু নিখুঁত আক্ৰমণ শক্তিৰ বাবে এই যুদ্ধ বিমান পৰিচিত।

প্ৰতিগৰাকী ছোৱালীৰ বাবে প্ৰেৰণা

তনুষ্কাক অতি সোনকালে তেওঁৰ স্কোয়াড্ৰনত সক্ৰিয় কৰ্তব্যত নিয়োগ কৰা হ’ব। তনুষ্কা সিং এতিয়া আকাশৰ উচ্চতা স্পৰ্শ কৰাৰ সপোন দেখা প্ৰতিজনী ছোৱালীৰ বাবে প্ৰেৰণা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু