--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত বহু গছ-লতাক এক শ্ৰদ্ধাৰ স্থান দিয়া হয়। ইয়াৰ ভিতৰত তুলসী গছৰো এক বিশেষ মহত্ব আছে। তুলসী গছত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। নিয়ম অনুসৰি নিয়মীয়াকৈ তুলসী গছত পূজা কৰিলে মালক্ষ্মীৰ আশীৰ্বাদত ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। কিন্তু তুলসী গছ সম্পৰ্কীয় কিছুমান নিয়মৰ বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। যদি এইবোৰ কথা আওকাণ কৰা হয়, তেন্তে মালক্ষ্মী অসন্তুষ্ট হয় বুলি জনশ্ৰুতি আছে।

 তুলসী গছক পূজা কৰাৰ সমান্তৰালভাৱে নিয়মীয়াকৈ পানী অৰ্পণ কৰিব লাগে। ইয়াৰ উপৰি বহু সময়ত মানুহে একো চিন্তা নকৰাকৈয়ে তুলসী পাত ছিঙে। এনে অৱস্থাত কোনো কাৰণ নোহোৱাকৈ তুলসীৰ পাত ছিঙিলে মানুহ এজন পাপৰ ভাগী হ’বলগা হয় বুলিও বিশ্বাস কৰা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি তুলসী পাত ছিঙিবলৈ কিছু নিয়ম মানিব লাগে, জানো আহক এই নিয়মবোৰৰ বিষয়ে।

 ১. তুলসী পাত ছিঙাৰ নিয়ম

শাস্ত্ৰ অনুসৰি তুলসী ইমানেই পৱিত্ৰ যে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ বাসস্থান বুলি কোৱা হয়। কেৱল এয়াই নহয়, তুলসী পাত অবিহনে ভগৱান বিষ্ণুৱে প্ৰসাদ গ্ৰহণ নকৰে। বৈধতি আৰু বেতীপাত এই দুই যোগত তুলসী পাত ছিঙিব নালাগে বুলি বিশ্বাস কৰা হয়।

২. ইয়াৰ উপৰি মঙলবাৰ, দেওবাৰ আৰু শুকুৰবাৰে ভুলৱশতঃ তুলসী পাত ছিঙিব নালাগে। লগতে একাদশী, অমাৱস্য আৰু পূৰ্ণিমাতো তুলসী পাত ছিঙিব নালাগে।

 ৩. সংক্ৰান্তিৰ দিনা, ঘৰত কাৰোবাৰ জন্ম হ’লে আৰু নামাকৰণ নকৰালৈকে তুলসী পাত ছিঙিব নালাগে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও ঘৰত কাৰোবাৰ মৃত্যু হ’লে তেৰ দিনলৈকে তুলসী পাত ভাঙিব নালাগে।

 ৪. জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ সময়তো তুলসী পাত ছিঙাটো নিষিদ্ধ।

 ৫. তুলসীৰ পাত স্নান নকৰাকৈ অশুচি হাতেৰে ছিঙিব নালাগে বুলি কোৱা হয়। লগতে তুলসীৰ পাত কেতিয়াও কটাৰী, কেঁচি আৰু নখেৰে ভাঙিব নালাগে। তুলসীৰ প্ৰতিটো পাত নভঙাকৈ তাৰ আগফালৰ অংশ ভাঙিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু