--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত বহু গছ-লতাক এক শ্ৰদ্ধাৰ স্থান দিয়া হয়। ইয়াৰ ভিতৰত তুলসী গছৰো এক বিশেষ মহত্ব আছে। তুলসী গছত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। নিয়ম অনুসৰি নিয়মীয়াকৈ তুলসী গছত পূজা কৰিলে মালক্ষ্মীৰ আশীৰ্বাদত ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। কিন্তু তুলসী গছ সম্পৰ্কীয় কিছুমান নিয়মৰ বিশেষ গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। যদি এইবোৰ কথা আওকাণ কৰা হয়, তেন্তে মালক্ষ্মী অসন্তুষ্ট হয় বুলি জনশ্ৰুতি আছে।

 তুলসী গছক পূজা কৰাৰ সমান্তৰালভাৱে নিয়মীয়াকৈ পানী অৰ্পণ কৰিব লাগে। ইয়াৰ উপৰি বহু সময়ত মানুহে একো চিন্তা নকৰাকৈয়ে তুলসী পাত ছিঙে। এনে অৱস্থাত কোনো কাৰণ নোহোৱাকৈ তুলসীৰ পাত ছিঙিলে মানুহ এজন পাপৰ ভাগী হ’বলগা হয় বুলিও বিশ্বাস কৰা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি তুলসী পাত ছিঙিবলৈ কিছু নিয়ম মানিব লাগে, জানো আহক এই নিয়মবোৰৰ বিষয়ে।

 ১. তুলসী পাত ছিঙাৰ নিয়ম

শাস্ত্ৰ অনুসৰি তুলসী ইমানেই পৱিত্ৰ যে ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ বাসস্থান বুলি কোৱা হয়। কেৱল এয়াই নহয়, তুলসী পাত অবিহনে ভগৱান বিষ্ণুৱে প্ৰসাদ গ্ৰহণ নকৰে। বৈধতি আৰু বেতীপাত এই দুই যোগত তুলসী পাত ছিঙিব নালাগে বুলি বিশ্বাস কৰা হয়।

২. ইয়াৰ উপৰি মঙলবাৰ, দেওবাৰ আৰু শুকুৰবাৰে ভুলৱশতঃ তুলসী পাত ছিঙিব নালাগে। লগতে একাদশী, অমাৱস্য আৰু পূৰ্ণিমাতো তুলসী পাত ছিঙিব নালাগে।

 ৩. সংক্ৰান্তিৰ দিনা, ঘৰত কাৰোবাৰ জন্ম হ’লে আৰু নামাকৰণ নকৰালৈকে তুলসী পাত ছিঙিব নালাগে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও ঘৰত কাৰোবাৰ মৃত্যু হ’লে তেৰ দিনলৈকে তুলসী পাত ভাঙিব নালাগে।

 ৪. জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ সময়তো তুলসী পাত ছিঙাটো নিষিদ্ধ।

 ৫. তুলসীৰ পাত স্নান নকৰাকৈ অশুচি হাতেৰে ছিঙিব নালাগে বুলি কোৱা হয়। লগতে তুলসীৰ পাত কেতিয়াও কটাৰী, কেঁচি আৰু নখেৰে ভাঙিব নালাগে। তুলসীৰ প্ৰতিটো পাত নভঙাকৈ তাৰ আগফালৰ অংশ ভাঙিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ