--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাস্তাত নেমু–জলকীয়া পৰি থকা নিশ্চয় দেখিছে। আধুনিক সময়ত সকলো কুসংস্কাৰমুক্ত। তথাপি বহুতৰে মনত অনেক ধাৰণা আছে যি এতিয়াও সৌভাগ্যৰ বাবে মানুহে মানি চলে। বেয়া নজৰ এৰি চলিবলৈ বহুক্ষেত্ৰত অনেক বিশ্বাস আছে বহুতৰে। এনে অৱস্থাত পথত কোনো বস্তু পৰি থাকিলে সেয়া স্পৰ্শ কৰা বা অতিক্ৰম কৰা উচিত নহয়। ই আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

প্ৰায়ে আমি দেখো যে পথত পূজাৰ সামগ্ৰী বা খাদ্য ৰখা হয়। ধৰ্মী বিশ্বাস অনুসৰি, পূৰ্ব পুৰুষৰ বাবে খাদ্য ৰখা হয়। এই ধৰণৰ সামগ্ৰী বা বস্তুৰ পৰা দূৰত থকা ভাল। ইয়াৰ উপৰি ক’ৰবাত পোৰা কাঠ বা ছাই থাকিলে সেয়া অতিক্ৰম কৰা উচিত নহয়।

পথত কোনো মৰা পশু পৰি থকা দেখিলে সেয়া দেখাৰ লগে লগে দিশ পৰিৱৰ্তন কৰিব লাগে। আপুনি তাৰ পৰা বাওঁ বা সো দিশে যাব পাৰে, কিন্তু কোনো অৱস্থাতে সেই প্ৰাণীটোক অতিক্ৰম কৰাৰ চেষ্টা নকৰিব৷ 

জ্যোতিষ শাস্ত্ৰ অনুসৰি, মৃত প্ৰাণীৰ শৰীৰত প্ৰচূৰ নেতিবাচক শক্তি থাকে। সেয়ে যদি কোনো ব্যক্তিয়ে এটা মৃত প্ৰাণী অতিক্ৰম কৰে বা ওপৰেৰে পাৰ হয়, সেই নেতিবাচক শক্তিয়ে তেওঁৰ জীৱনত প্ৰৱেশ কৰিব পাৰে আৰু বেয়া প্ৰভাৱ পেলাব পাৰে।

বহুতে তেওঁলোকৰ পৰিয়াল বা ঘৰখন বেয়া দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ৰাস্তাত নেমু–জলকীয়া পেলাই দিয়ে। যদি পথত কোনো নেমু–জলকীয়া পৰি থকা দেখে, তেন্তে মনত ৰাখিব কোনোৱে এই কৌশলটো কৰিব পাৰে। ইয়াত ভৰি নিদিব, ওপৰেৰে পাৰ নহ’ব বা গাড়ী নচলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু