--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : কাবুল বিমানবন্দৰৰ পৰিস্থিতি উদ্বেগজনক। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাই গ্ৰাস কৰিছে কাবুল বিমানবন্দৰকো। তালিবান অধ্যুষিত আফগানিস্তানৰ পৰা বিভিন্ন দেশে নিজ নিজ নাগৰিকক আঁতৰাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ বিভিন্ন পশ্চিমীয়া দেশে সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা ব্যক্ত কৰিছে। এই দেশসমূহে নিজ নিজ দেশৰ নাগৰিকক কাবুল বিমানবন্দৰৰ আশ-পাশৰ ভিৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আফগানিস্তানৰ হাজাৰ হাজাৰ লোকে বিভিন্ন দেশৰ উদ্ধাৰকাৰী বিমানৰ জৰিয়তে তালিবান অধ্যুষিত দেশখন এৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

তালিবানে দেশখনৰ শাসন দখল কৰাৰ দিনাৰে পৰা এতিয়া ৯০সহস্ৰাধিক আফগান নাগৰিকে দেশ এৰিছে। আমেৰিকাৰ নেতৃত্বৰ বিভিন্ন উদ্ধাৰকাৰী বিমানৰ জৰিয়তে এইসকল লোকে দেশ এৰিছে। ইফালে, আমেৰিকাৰ নেতৃত্বত চলি থকা এই উদ্ধাৰকাৰ্যৰ সময়সীয়া ৩১ আগষ্টত শেষ হ’ব। এনে পৰিপ্ৰেক্ষিতত এতিয়ালৈ আফগানিস্তান এৰিবলৈ সক্ষম নোহোৱা বিদেশী লোকৰ ভিৰ বৃদ্ধি পাইছে বিমানবন্দৰৰৰ আশে-পাশে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা গাঢ় হোৱাৰ কথা প্ৰকাশ কৰিছে বিভিন্ন দেশে।

অষ্ট্ৰেলিয়াই সেই দেশৰ নাগৰিকসকলক হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে। আৰু যদি কোনো নাগৰিক সেই স্থানৰ আশে-পাশে আছে তেওঁলোককো নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত তেওঁলোকক নিৰাপদ স্থানতে থকাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, লণ্ডনেও অনুৰূপ নিৰ্দেশনা জাৰি কৰিছে। কাবুল বিমানবন্দৰৰ জৰিয়তে বিভিন্ন লোকে দেশ এৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বিমানবন্দৰটোত তালিবানে আক্ৰমণ সংঘটিত কৰাৰ আশংকা গাঢ় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ