--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানত তালিবানে পুনৰ ক্ষমতা দখল কৰাৰ লগে লগে আটাইতকৈ শংকাত ভুগিছিল নাৰীসকল। কিয়নো নাৰীৰ প্ৰতি তালিবান সন্ত্ৰাসবাদীৰ মনোভাৱে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি আহিছে। বোৰ্খাৰ আন্ধাৰত নাৰীৰ আবদ্ধ কৰি ৰাখিব খোজা তালিবানে শ্বৰিয়ৎ আইন অনুসৰি নাৰীৰ ওপৰত অমানুষিক অত্যাচাৰ কৰাৰ শিহৰণকাৰী কাহিনীও সকলোৰে জ্ঞাত। এনে পৰিপ্ৰেক্ষিতত তালিবান পুনৰ ক্ষমতালৈ অহাৰ লগে লগে স্বাধীনতাৰ স্বপ্ন হেৰুওৱাৰ আশংকাত এতিয়া দিশহাৰা হৈ পৰিছে আফগান মহিলা। পৰিণতি ভয়ংকৰ হ’ব বুলি জানিও বহুতেই তালিবানৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিবলৈ নামিছে ৰাজপথত। কাৰণ তালিবান শিকলিত বান্ধ খাই থকাৰ দুৰ্ভাগ্যৰ পৰা যিকোনো মূল্যৰ বিনিময়ত মুক্ত হ’ব বিচাৰিছে আফগান মহিলাই।

ইতিমধ্যে নাৰীৰ অধিকাৰবিৰোধী নানা নিৰ্দেশনা জাৰি কৰিছে তালিবানে। এইবাৰ মহিলাক ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱাৰ পৰাও কৰা হৈছে বাৰণ। মহিলাৰ সুৰক্ষাৰ দোহাই দি আফগান মহিলাক ঘৰৰ পৰা কামৰ বাবে বাহিৰ নোলাবলৈ নিৰ্দেশ দিছে তালিবানৰ এজন মুখপাত্ৰই। তাৰ সলনি তেওঁলোকক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছে। তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে সংবাদ মাধ্যমৰ আগত এই নিৰ্দেশনা জাৰি কৰা বুলি সংবাদ প্ৰতিষ্ঠান চিএনএনত প্ৰকাশ পাইছে। এই নতুন শাসনকালত তালিবানে আন্তঃৰাষ্ট্ৰীয় মহলত নিজৰ এটা উদাৰ আৰু সহনশীল ভাবমূৰ্তি গঢ়ি তোলাৰ চেষ্টা কৰা দেখা গৈছে যদিও এনে নিৰ্দেশে নাৰীৰ প্ৰতি তেওঁলোকৰ মনোবৃত্তি যে, বৰ বিশেষ সলনি হোৱা নাই সেইকথা প্ৰমাণ কৰে। নিজৰ নিৰ্দেশক সপক্ষে যুক্তি দি মুজাহিদে প্ৰকাশ কৰিছে যে, তালিবানৰ সদস্যসকল উপযুক্তভাৱে প্ৰশিক্ষিত নহয় আৰু তেওঁলোক সলনি হৈ আছে। তেওঁলোকৰ ওচৰত নাৰী সুৰক্ষিত নহ’ব পাৰে বুলি ভাবি এই নিৰ্দেশনা দিয়া হৈছে।

১৯৯৬চনৰ পৰা ২০০১ চনলৈকে চলা তালিবানৰ প্ৰথম শাসনকালত নাৰীৰ অধিকাৰ অতি ব্যাপক ৰূপত খৰ্ব হৈছিল আৰু তেওঁলোকক একপ্ৰকাৰ বন্দী অৱস্থাত ৰখা হৈছিল। এইবাৰো তেনে আশংকা কৰি বিশ্ববেংকে আফগানিস্তানৰ প্ৰতি পুঁজি বন্ধ কৰি দিয়া তথা ৰাষ্ট্ৰসংঘই দেশখনত তালিবানে শাসনভাৰ দখল কৰাৰ সময়ৰে পৰা মানৱ অধিকাৰ উলংঘা হোৱাৰ ঘটনাবোৰৰ স্বচ্ছ আৰু তাৎক্ষণিত তদন্ত কৰাৰ কথা ঘোষণা কৰাৰ পাছতে এই নিৰ্দেশনা অহা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে, তালিবানৰ নতুন শাসনকাল উদাৰ আৰু সহনশীল হ’ব বুলি ইয়াৰ নেতাসকলে দাবী কৰিছে যদিও নাৰীৰ অধিকাৰ কাঢ়ি লোৱা যে নহ’ল সেইকথাৰ নিশ্চয়তা তেওঁলোকে দিয়া নাই। আনকি বহুক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে এতিয়াই নানা অপৰাধ সংঘটিত হৈছে। তালিবানী শাসনে আফগান নাৰীক আকৌ বহু যুগ পাছলৈ যে, টানি নিয়াৰ চেষ্টা কৰিব সেইকথা নিশ্চিত বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ