--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ সামুদ্রিক প্ৰতিৰক্ষা ক্ষমতাক বৃদ্ধি কৰি সাগৰতলীৰ গভীৰতম স্থানৰ পৰা শত্রুক আঘাত হানিব পাৰিব এই ক্ষেপণাস্ত্রই। ভাৰতীয় নৌ সেনাৰ উপকূলীয় প্রতিৰক্ষা আৱশ্যকতা পূৰণ কৰিবলৈ এই 'এল আৰ-এ এছ এইচ এম' ক্ষেপণাস্ত্রটো বিকশিত কৰা হৈছিল।

ডিজিটেল ডেস্ক: ভাৰতীয় সামৰিক বাহিনীয়ে প্রতিৰক্ষা ক্ষমতা বৃদ্ধি কৰি অলপতে এটা দীর্ঘ দূৰত্বৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। ওড়িশাৰ উপকূলীয় অঞ্চলত এই শক্তিশালী ‘এন্টি-শ্বিপ’ মিছাইলটোৰ পৰীক্ষা কৰা হয়। 


প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') বিকশিত কৰা এই যুঁজাৰু জাহাজ প্ৰতিৰোধী মিছাইলটোৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণত ২ তৰপীয়া হাই পাৰছনিক ইঞ্জিনবিহীন উৰাজাহাজৰ লেখিয়াকৈ ডিজাইন কৰা হৈছে। ভাৰতৰ অত্যাধুনিক প্রযুক্তিৰে আক্ৰমণ সক্ষমতাক এই ‘এন্টি-শ্বিপ’ মিছাইলটোৱে প্রতিফলিত কৰিছে। সাগৰীয় জলভাগৰ পৰা ১৫০০ কিল'মিটাৰ দূৰত্ব পর্যন্ত আঘাত হানিব পৰা সক্ষমতা আছে এই ‘এন্টি-শ্বিপ’ মিছাইলটোৰ। 


ভাৰতৰ সামুদ্রিক প্ৰতিৰক্ষা ক্ষমতাক বৃদ্ধি কৰি সাগৰতলীৰ গভীৰতম স্থানৰ পৰা শত্রুক আঘাত হানিব পাৰিব এই ক্ষেপণাস্ত্রই। ভাৰতীয় নৌ সেনাৰ উপকূলীয় প্রতিৰক্ষা আৱশ্যকতা পূৰণ কৰিবলৈ এই 'এল আৰ-এ এছ এইচ এম' ক্ষেপণাস্ত্রটো বিকশিত কৰা হৈছিল। 


বিভিন্ন যুদ্ধ পৰিৱেশত শত্রুপক্ষৰ যুঁজাৰু জাহাজৰ আক্ৰমণক প্রতিহত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে এই ক্ষেপণাস্ত্রটো। ওড়িশাৰ উপকূলীয় অঞ্চলত এই শক্তিশালী ক্ষেপণাস্ত্ৰটোৰ সফল পৰীক্ষণে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্রত এটা নতুন অধ্যায়ৰ সৃষ্টি কৰিলে। 


থলুৱাভাৱে নির্মিত এই ‘এন্টি-শ্বিপ’ মিছাইলটোৱে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাক পুনৰ প্রতিফলিত কৰিলে। ভাৰতত থলুৱাভাৱে বিকশিত কৰা এই ক্ষেপণাস্ত্রৰে শত্রুপক্ষৰ লক্ষ্যত নিখুঁতভাৱে দীর্ঘ দূৰত্বলৈকে আঘাত হানিব পৰা যাব। এই ক্ষেপণাস্ত্ৰটো এটা 'হাইপাৰছ'নিক গ্লাইড ভেহিকলে পৰিচালিত কৰিব। এই হাই পাৰছানিক মিছাইলৰ ১০ 'মেক' গতিত শত্রুপক্ষৰ লক্ষ্যত আঘাত হানিব পৰা সক্ষমতা আছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ