--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ সামুদ্রিক প্ৰতিৰক্ষা ক্ষমতাক বৃদ্ধি কৰি সাগৰতলীৰ গভীৰতম স্থানৰ পৰা শত্রুক আঘাত হানিব পাৰিব এই ক্ষেপণাস্ত্রই। ভাৰতীয় নৌ সেনাৰ উপকূলীয় প্রতিৰক্ষা আৱশ্যকতা পূৰণ কৰিবলৈ এই 'এল আৰ-এ এছ এইচ এম' ক্ষেপণাস্ত্রটো বিকশিত কৰা হৈছিল।

ডিজিটেল ডেস্ক: ভাৰতীয় সামৰিক বাহিনীয়ে প্রতিৰক্ষা ক্ষমতা বৃদ্ধি কৰি অলপতে এটা দীর্ঘ দূৰত্বৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। ওড়িশাৰ উপকূলীয় অঞ্চলত এই শক্তিশালী ‘এন্টি-শ্বিপ’ মিছাইলটোৰ পৰীক্ষা কৰা হয়। 


প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') বিকশিত কৰা এই যুঁজাৰু জাহাজ প্ৰতিৰোধী মিছাইলটোৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণত ২ তৰপীয়া হাই পাৰছনিক ইঞ্জিনবিহীন উৰাজাহাজৰ লেখিয়াকৈ ডিজাইন কৰা হৈছে। ভাৰতৰ অত্যাধুনিক প্রযুক্তিৰে আক্ৰমণ সক্ষমতাক এই ‘এন্টি-শ্বিপ’ মিছাইলটোৱে প্রতিফলিত কৰিছে। সাগৰীয় জলভাগৰ পৰা ১৫০০ কিল'মিটাৰ দূৰত্ব পর্যন্ত আঘাত হানিব পৰা সক্ষমতা আছে এই ‘এন্টি-শ্বিপ’ মিছাইলটোৰ। 


ভাৰতৰ সামুদ্রিক প্ৰতিৰক্ষা ক্ষমতাক বৃদ্ধি কৰি সাগৰতলীৰ গভীৰতম স্থানৰ পৰা শত্রুক আঘাত হানিব পাৰিব এই ক্ষেপণাস্ত্রই। ভাৰতীয় নৌ সেনাৰ উপকূলীয় প্রতিৰক্ষা আৱশ্যকতা পূৰণ কৰিবলৈ এই 'এল আৰ-এ এছ এইচ এম' ক্ষেপণাস্ত্রটো বিকশিত কৰা হৈছিল। 


বিভিন্ন যুদ্ধ পৰিৱেশত শত্রুপক্ষৰ যুঁজাৰু জাহাজৰ আক্ৰমণক প্রতিহত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে এই ক্ষেপণাস্ত্রটো। ওড়িশাৰ উপকূলীয় অঞ্চলত এই শক্তিশালী ক্ষেপণাস্ত্ৰটোৰ সফল পৰীক্ষণে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্রত এটা নতুন অধ্যায়ৰ সৃষ্টি কৰিলে। 


থলুৱাভাৱে নির্মিত এই ‘এন্টি-শ্বিপ’ মিছাইলটোৱে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাক পুনৰ প্রতিফলিত কৰিলে। ভাৰতত থলুৱাভাৱে বিকশিত কৰা এই ক্ষেপণাস্ত্রৰে শত্রুপক্ষৰ লক্ষ্যত নিখুঁতভাৱে দীর্ঘ দূৰত্বলৈকে আঘাত হানিব পৰা যাব। এই ক্ষেপণাস্ত্ৰটো এটা 'হাইপাৰছ'নিক গ্লাইড ভেহিকলে পৰিচালিত কৰিব। এই হাই পাৰছানিক মিছাইলৰ ১০ 'মেক' গতিত শত্রুপক্ষৰ লক্ষ্যত আঘাত হানিব পৰা সক্ষমতা আছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু