--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই বেলুনটো বিজয়ৱাড়াৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আকাশলৈ এৰি দিয়া হয় আৰু লগে লগেই ২৫ কিল'মিটাৰ ওপৰলৈ উঠে।

ডিজিটেল ডেস্ক: দেশৰ নিৰ্মিত প্ৰথমটো ছুপাৰ প্ৰেছাৰ বেলুন (এছপি বি) 'ভিষ্টা' কালি ৰে'ড বেলুন এৰ'স্পেছে মহাকাশলৈ উৰুৱায়। ইয়াত দেশ আৰু বিদেশৰ সাত সহযোগীৰ বাণিজিক সঁজুলি লগোৱা আছে। এছ পি বি ভূ-পৃষ্ঠৰ পৰা কেইবা কিল'মিটাৰ উচ্চতালৈ উৰিব পাৰে আৰু এই বেলুনক এনে ধৰণেৰে নিৰ্মাণ কৰা হৈছে যে ইয়াৰ ভিতৰৰ বায়ুৰ চাপ বাহিৰৰ চাপতকৈ যথেষ্ট অধিক আৰু ইয়াৰ ফলত এই বেলুন অধিক সময় টিকি থাকে। 


এই বেলুনটো বিজয়ৱাড়াৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আকাশলৈ এৰি দিয়া হয় আৰু লগে লগেই ২৫ কিল'মিটাৰ ওপৰলৈ উঠে। ৰে'ড বেলুন এৰ'স্পেচৰ সহযোগী প্রতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া চি ভি এছ কিৰণে কয় যে এই অভিযানটোৰ উদ্দেশ্য হ'ল ছুপাৰ বেলুনৰ ক্ষমতা পৰীক্ষা কৰি চোৱা, যিটো ভাৰতে আগতে কৰা নাছিল। ইয়াৰ ভিতৰত বেলুনত ব্যৱহাৰ কৰা সামগ্রী আৰু ডিজাইনো আছে।' এই বেলুনটো ২৪ ঘণ্টালৈকে আকাশত বর্তি তাকিব। 


কিন্তু কোম্পানীটোৰ লক্ষ্য হ'ল এনেকুৱা এছ পি বিৰ বিকাশ কৰা যিটো কেইবা মাহলৈ টিকি থাকে। এই অভিযানটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে কিয়নো এফ পি বি কৃত্রিম উপগ্রহতকৈ যথেষ্ট সুবিধা থকাৰ লগতে ব্যয়ো কম। এই বেলুনে কৃত্রিম উপগ্ৰহৰ দৰেই কাম কৰিব পাৰে। কোম্পানীটোৰ মতে, এছ পি বিক সাধাৰণতে পৃথিৱীৰ পৰা ২০-৪০ কিল'মিটাৰ উচ্চতাত থকা সমতাপমণ্ডলৰ (স্ট্রেট 'স্ফিয়েৰ) উচ্চ স্থানত স্থাপন কৰা হয়। এনে বেলুনে দূৰসংযোগ ব্যৱস্থাক সহায় কৰাৰ লগতে ঔদ্যোগিক নেটৱৰ্কৰ ওপৰত চকু ৰাখিব পাৰে আৰু ৰাজ্যসমূহৰ দুৰ্যোগ ব্যৱস্থাপনাত সহায় কৰিব পাৰে।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু