--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাপ চাহতকৈও যদি কম দামত পেট্ৰ’ল পোৱা যায় আপোনাৰ বাৰু কেনে লাগিব। ভাৰতীয় বজাৰত একাপ চাহৰ দাম ১০ টকাৰ পৰা আৰম্ভ হয় আৰু আপুনি যদি ১০ টকাতকৈও কম দামত এক লিটাৰ পেট্ৰ’ল পায় আপোনাৰ সপোন যেন নালাগিবনে? 

এই কথাটো শুনোতে গছত গৰু উঠা কথা যেন লাগিছে নহয়নে বাৰু... আপুনি অবিশ্বাস কৰিলেও পাছে এখন দেশত প্ৰতি লিটাৰ পেট্ৰ’ল ২.৩৭ টকাত বিক্ৰী হৈ আছে। সেই হিচাপত ১০ টকাতে ৪ লিটাৰতকৈও অধিক তেল পোৱা যায়।

আমি ইৰাণৰ কথা কৈছো। ইৰাণত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ২.৩৭ টকা। 

globalpetrolprices.com ত দিয়া শেহতীয়া তথ্য অনুসৰি ইয়াত এক লিটাৰ পেট্ৰ’লৰ মূল্য ভাৰতীয় টকাত ২.৩৭ টকা। হংকঙত পেট্ৰ’লৰ আটাইতকৈ বেছি। ইয়াত এক লিটাৰ পেট্ৰ’লৰ বাবে ২৫৮.৪৮ টকা খৰচ কৰিব লগা হয়। আনহাতে, আমাৰ দেশৰ আটাইতকৈ দামী পেট্ৰ’ল ৰাজস্থানৰ শ্ৰীগংগানগৰত পোৱা যায়। ইয়াত প্ৰতি লিটাৰৰ দাম ১১৩.৪৪ টকা। ভাৰতত আটাইতকৈ পেট্ৰলৰ দাম সস্তা প’ৰ্ট ব্লেয়াৰত। ইয়াত প্ৰতি লিটাৰ পেট্ৰ’ল ৮৪.১০ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৭৯.৭৪ টকাত বিক্ৰী হৈছে। আনহাতে, পাকিস্তানত এক লিটাৰ পেট্ৰ’লৰ গড় মূল্য ৮১.৬৬ টকা (ভাৰতীয় মুদ্ৰাত)।

ভাৰততকৈ নেপালত তেলৰ দাম বহু বেছি: আমাৰ চৌপাশৰ আন দেশৰ কথা ক’বলৈ গ’লে নেপালত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০৭.৪৪ টকা হৈছে, আনহাতে ভাৰতত গড় হাৰ ১০৪.১৮ টকা। শ্ৰীলংকাতো পেট্ৰ’লৰ দাম হ’ব প্ৰতি লিটাৰত ১২১.১৭ টকা। ইয়াত সকলো দাম ভাৰতীয় টকাত দিয়া হৈছে।

আফগানিস্তানত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৮৫.৭৪ টকা। মালদ্বীপত পেট্ৰ’লৰ হাৰ প্ৰতি লিটাৰত ৭৭.১৩ টকা। ভূটানত প্ৰতি লিটাৰত ৬৭.৫৮ টকা আৰু বাংলাদেশত প্ৰতি লিটাৰত ৯৪.৪০ টকা। চীনত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.৮৯ টকা। ভাৰততকৈ নেপালত পেট্ৰ’লৰ গড় মূল্য বৰ্তমান বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক