--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাপ চাহতকৈও যদি কম দামত পেট্ৰ’ল পোৱা যায় আপোনাৰ বাৰু কেনে লাগিব। ভাৰতীয় বজাৰত একাপ চাহৰ দাম ১০ টকাৰ পৰা আৰম্ভ হয় আৰু আপুনি যদি ১০ টকাতকৈও কম দামত এক লিটাৰ পেট্ৰ’ল পায় আপোনাৰ সপোন যেন নালাগিবনে? 

এই কথাটো শুনোতে গছত গৰু উঠা কথা যেন লাগিছে নহয়নে বাৰু... আপুনি অবিশ্বাস কৰিলেও পাছে এখন দেশত প্ৰতি লিটাৰ পেট্ৰ’ল ২.৩৭ টকাত বিক্ৰী হৈ আছে। সেই হিচাপত ১০ টকাতে ৪ লিটাৰতকৈও অধিক তেল পোৱা যায়।

আমি ইৰাণৰ কথা কৈছো। ইৰাণত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ২.৩৭ টকা। 

globalpetrolprices.com ত দিয়া শেহতীয়া তথ্য অনুসৰি ইয়াত এক লিটাৰ পেট্ৰ’লৰ মূল্য ভাৰতীয় টকাত ২.৩৭ টকা। হংকঙত পেট্ৰ’লৰ আটাইতকৈ বেছি। ইয়াত এক লিটাৰ পেট্ৰ’লৰ বাবে ২৫৮.৪৮ টকা খৰচ কৰিব লগা হয়। আনহাতে, আমাৰ দেশৰ আটাইতকৈ দামী পেট্ৰ’ল ৰাজস্থানৰ শ্ৰীগংগানগৰত পোৱা যায়। ইয়াত প্ৰতি লিটাৰৰ দাম ১১৩.৪৪ টকা। ভাৰতত আটাইতকৈ পেট্ৰলৰ দাম সস্তা প’ৰ্ট ব্লেয়াৰত। ইয়াত প্ৰতি লিটাৰ পেট্ৰ’ল ৮৪.১০ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৭৯.৭৪ টকাত বিক্ৰী হৈছে। আনহাতে, পাকিস্তানত এক লিটাৰ পেট্ৰ’লৰ গড় মূল্য ৮১.৬৬ টকা (ভাৰতীয় মুদ্ৰাত)।

ভাৰততকৈ নেপালত তেলৰ দাম বহু বেছি: আমাৰ চৌপাশৰ আন দেশৰ কথা ক’বলৈ গ’লে নেপালত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ১০৭.৪৪ টকা হৈছে, আনহাতে ভাৰতত গড় হাৰ ১০৪.১৮ টকা। শ্ৰীলংকাতো পেট্ৰ’লৰ দাম হ’ব প্ৰতি লিটাৰত ১২১.১৭ টকা। ইয়াত সকলো দাম ভাৰতীয় টকাত দিয়া হৈছে।

আফগানিস্তানত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৮৫.৭৪ টকা। মালদ্বীপত পেট্ৰ’লৰ হাৰ প্ৰতি লিটাৰত ৭৭.১৩ টকা। ভূটানত প্ৰতি লিটাৰত ৬৭.৫৮ টকা আৰু বাংলাদেশত প্ৰতি লিটাৰত ৯৪.৪০ টকা। চীনত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.৮৯ টকা। ভাৰততকৈ নেপালত পেট্ৰ’লৰ গড় মূল্য বৰ্তমান বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন